অসম লাইভ২৪ঃ বাৰে বাৰে বাধা আহিছে। বাৰে বাৰে ৰখাই দিব লগা হৈছে উদ্ধাৰকাৰ্য। উত্তৰকাশীৰ ভঙা সুৰংগত আৱদ্ধ হৈ থকা ৪১জন শ্ৰমিকক বাহিৰলৈ অনাত অসুবিধাই দেখা দিছে। এইবাৰ উদ্ধাৰকাৰী দলে অত্যাধুনিক খনন যন্ত্ৰৰ সলনি কোৰ, চিপৰাং আদিৰহে সহায় লৈছে। উত্তৰাখণ্ডৰ প্রশাসনৰ তৰফৰ পৰা জনোৱা অনুসৰি এই পদ্ধতিৰে যদি খনন কৰি থাকিবলগা হয় তেন্তে উদ্ধাৰৰ কামত আৰু বেছি সময় লাগিব পাৰে।
বুধবাৰেই উদ্ধাৰকাৰী দলে জনাইছিল যে আগন্তুক ২৪ঘণ্টাৰ ভিতৰত তেওঁলোকে ভাল খবৰ জনাব। কিন্তু এই ঘোষণাৰ দুটা দিন পাৰ হোৱাৰ পাছতো উদ্ধাৰ কৰিব পৰা হোৱা নাই শ্ৰমিক কেইজনক। উদ্ধাৰকাৰী সংস্থাৰ দাবী ৫৭ মিটাৰ এলেকাত খনন কৰাত বাধা আহিছে। মাত্ৰ কেইমিটাৰমান খান্দিব পাৰিলেই উদ্ধাৰ প্ৰক্ৰিয়া সহজ হৈ পৰিব। এই অলপমান দূৰত্ব খান্দিবলৈকে বাধা আহিছে। বিকল হৈ পৰিছে অত্যাধুনিক যন্ত্ৰ। শুকুৰবাৰে খননৰ কাম আৰম্ভ হৈছিল যদিও নিশাৰ ভাগলৈ আকৌ কাম ৰখাই দিব লগা হয়।
খনন যন্ত্ৰ গৰম হৈ পৰাৰ বাবে বন্ধ কৰি দিব লগা হয় খনন। সুৰংগৰ কৰ্মীসকলক উদ্ধাৰ কৰিবলৈ এইবাৰ চিপৰাং, কোৰেৰে খান্দিবলৈ আৰম্ভ কৰিছে। ৪১ শ্ৰমিকক উদ্ধাৰ কৰিব পৰা যাবনে সেই বিষয়ে কোনো স্পষ্ট মত দাঙি ধৰা নাই উদ্ধাৰকাৰী দলে। শুকুৰবাৰে বিয়লি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয়, ‘সোনকালেই সকলো বাধা ঠেলি শ্ৰমিকসকলক বাহিৰলৈ আনিম। পৰিস্থিতি বৰ এটা ঠিক নহয়। আমি বহুত সাৱধানে কাম কৰিব লাগিব।’ উদ্ধাৰকাৰী দলে জনোৱা অনুসৰি, উদ্ধাৰত প্ৰয়োজনীয় সকলো সহায় চৰকাৰে কৰিছে। আমাৰ একো অসুবিধা হোৱা নাই। শ্ৰমিকসকলক বাহিৰলৈ নিৰাপদে অনাৰবাবে সকলো প্ৰকাৰে চেষ্টা চলাইছে উদ্ধাৰকাৰী দলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















