আৰ জি কাৰ হাস্পতালৰ প্ৰাক্তন অধ্যক্ষৰ বিৰুদ্ধ গুৰুতৰ অভিযোগ, ফোন কৰি মাতি গোটেই নিশা কোঠাত
আৰ জি কাৰ মেডিকেল কলেজ হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ বিৰুদ্ধে এইবাৰ অধিক গুৰুতৰ অভিযোগ। ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে অধ্যক্ষ গৰাকীক। ইয়াৰ পূৰ্বেও চিবিআইয়ে দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।
তদন্তত নতুন তথ্য পোহৰলৈ অহাৰ পিছত এতিয়া তেওঁক ধৰ্ষণ গোচৰতো আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ বাবে তেওঁলোকৰ সমস্যা আৰু বৃদ্ধি পাব পাৰে। এতিয়া সন্দীপ ঘোষৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষগৰাকীৰ বিৰুদ্ধে তৃতীয়লিংগৰ লোকক যৌন শোষণ কৰাৰ অভিযোগ। অভিযোগ অনুসৰি তেওঁ তৃতীয়লিংগৰ ফোন নম্বৰ সংগ্ৰহ কৰি তাৰ পিছত নিজৰ কোঠালৈ ফোন কৰি ৰাতিটো ৰাখিছিল। সন্দীপ ঘোষৰ ভুক্তভোগীয়েজে চিবিআইত এজাহাৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে।
তেনে এজন তৃতীয়লিংগই সন্দীপ ঘোষক লৈ অভিযোগ কৰি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মুৰ্ছিদাবাদত থাকি সন্দীপ ঘোষে ছচিয়েল মিডিয়াৰ জৰিয়তে বহু তৃতীয়লিংগৰ লোকৰ ফোন নম্বৰ সংগ্ৰহ কৰিছিল।
অভিযোগ অনুসৰি ইয়াৰ পিছত অধ্যই তেওঁলোকক ফোন কৰি নিজৰ বাসগৃহলৈ মাতিছিল। ইয়াৰ পিছত গোটেই নিশা তেওঁলোকৰ লগত লেতেৰা কাম কৰা হয়। আপোনালোকক কওঁ যে এই প্ৰকাশ এনে এটা সময়ত হৈছে যেতিয়া চিবিআইয়ে তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোদো সংযোজন কৰি গ্ৰেপ্তাৰ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ