ADRE পৰীক্ষা দিবলৈ গৈ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পৰশ্ৰীয়ে
এক অতিকে শোকবাৰ্তা। আজি অনুষ্ঠিত হোৱা অসম চৰকাৰৰ তৃতীয় বৰ্গৰ পৰীক্ষা দিবলৈ গৈ প্ৰাণ হেৰুৱালে এগৰাকী যুৱতীয়ে।
টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী, চাচনী দেওঘৰীয়া গাঁও নিবাসী পৰশ্ৰী গগৈয়ে অকাল মৃত্যুক আঁকোৱালী ল’লে।
আজি ADREত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ডিব্ৰুগড়লৈ গৈ থাকোঁতে এটা পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক আঁকোৱালি ল’লে পৰশ্ৰীয়ে৷
যুৱতীগৰাকীৰ মৃত্যুত এতিয়া টিংখাঙত শোকৰ ছা পৰিছে। লুৰিণ জ্যোতি গগৈয়ে সামাজিক মাধ্যমক যোগে জানিবলৈ দিয়ে যুৱতীগৰাকীয়ে মৃত্যুৰ খবৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ