আৰ জি কৰ মেডিকেল কলেজৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক গ্ৰেপ্তাৰ৷ CBIৰ দুৰ্নীতি দমন শাখাই সোমবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰিছে সন্দীপ ঘোষক৷ সোমবাৰে সন্ধিয়া তেওঁক ছিজিঅ’ কমপ্লেক্সৰ পৰা বাহিৰলৈ অনা হয়৷ লগত আছিল কেন্দ্ৰীয় বাহিনীৰ এটা দল৷ তাৰপাছতেই সন্দীপ ঘোষক লৈ যোৱা হয় নিজাম পেলেছলৈ৷ আৰ জি কৰ কাণ্ডত বিগত ১৫ দিন ধৰি সোধপোছ টলাই অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে সন্দীপক৷
ইপিনে লালবজাৰৰ সন্মুখত এতিয়া অৱস্থান বিক্ষোভ চলাই গৈছে জুনিয়ৰ চিকিৎসকসকলে৷ সেই সময়তেই হঠাৎCBI দপ্তৰে গ্ৰেপ্তাৰ কৰি লৈ যায় সন্দীপক৷ বিগত শনিবাৰ আৰু দেওবাৰে সন্দীপক CBI-য়ে মতা নাছিল৷ সোমবাৰে আকৌ সোধপোছৰ বাবে মতা হয় সন্দীপক৷ আৰ জি কৰ হাস্পতালৰ চিকিৎসক হত্যাৰ ঘটনাৰ ওপৰিও মেডিকেল কলেজৰ একাধিক দুৰ্নীতিৰ বিষয়েও কলকাতা হাইকৰ্টৰ নিৰ্দেশ অনুসৰি তদন্ত কৰিছে চিবিআইয়ে৷ আৰ জি কৰৰ চিকিৎসকৰ মৃত্যুৰ ঘটনাত ইতিমধ্যেই একাধিকবাৰ সোধপোছ কৰা হৈছে সন্দীপক৷
CBI-য়ে প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে সন্দীপৰ পলিগ্ৰাফ টেষ্ট কৰা হৈছে৷ সেই পৰীক্ষাত একাধিক তথ্য লাভ কৰিছে CBI-য়ে৷ তাৰ ভিত্তিতেই আকৌ জেৰা চলোৱা হৈছিল সন্দীপক৷ সোমবাৰে পুনৰ সোধপোছ কৰাৰ পাছত কেইবাটাও নতুন তথ্য লাভ কৰে CBI-য়ে৷ আৰ্থিক দুৰ্নীতিৰ গোচৰ নে অন্য কোনো গোচৰৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে সেয়াহে বৰ্তমানো জানিব পৰা হোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ