অসম লাইভ ২৪ঃ বলীউডৰ ড্ৰাগচ কেলেংকাৰী আৰু অভিনেত্ৰী ছাৰা আলী খান সন্দৰ্ভত ৰিয়া চক্ৰৱৰ্তীৰ বিস্ফোৰক স্বীকাৰোক্তি। NCBক দাখিল কৰা শপতনামাত ৰিয়া চক্ৰৱৰ্তীৰ এই বিষ্ফোৰণ। ছাৰা আলী খানৰ সৈতে একেলগে ড্ৰাগছ সেৱন কৰাৰ কথা আছে। ছাৰাই ‘rolled doobies’(ড্ৰাগচযুক্ত চিগাৰেট) বনায় আৰু দুয়ো সেয়া সেৱন কৰাৰ কথা উল্লেখ কৰিছে ৰিয়াই। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা আৰু বলীউডৰ ড্ৰাগচ কেলেংকাৰীৰ ঘটনাত ক্ৰমান্বয়ে পোহৰলৈ আহিছে ন ন তথ্য। এই ঘটনাত সাঙোৰ খাইছে বহু অভিনেতা- অভিনেত্ৰীৰ নাম। চাৰ্জশ্বীটত অভিনেত্ৰী ছাৰা আলী খান সন্দৰ্ভত বিস্ফোৰক স্বীকাৰোক্তি মূল অভিযুক্ত ৰিয়াৰ। চাৰ্জশ্বীটত ৰিয়াই ২০১৭ চনৰ ৪ জুন-৬ জুনত অভিনেত্ৰী ছাৰাৰ সৈতে হোৱা কথোপকথনৰ প্ৰসংগও উত্থাপন কৰিছে। ৰিয়াৰ ভাষ্য অনুসৰি, ছাৰাই ৰিয়াৰ সৈতে ড্ৰাগচযুক্ত চিগাৰেট বনাইছিল। মাৰিযোৱানাৰ জইণ্ট আছিল ডুবিজ। বহুসময়ত ড্ৰাগচযুক্ত চিগাৰেট দুয়োৱো সেৱন কৰিছিলো। ছাৰাই doobies মোক দিছিল’। উল্লেখ্য, ড্ৰাগচ কেলেংকাৰীত জড়িতৰ অপৰাধত ২০২০ চনত ছাৰা আলী খানক চমন জাৰি কৰিছিল নাৰ্ক’টিকচ কণ্ট্ৰল ব্যুৰ’ই। ৰিয়াক লগ পোৱাৰ পূৰ্বে ছাৰা আলী খান আৰু সুশান্ত সিং ৰাজপুত প্ৰেমৰ সম্পৰ্কত আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ