ৰিংকু-প্ৰিয়াৰ আজি আঙঠি পিন্ধোৱা, গোপন ফটো ভাইৰেল
ভাৰতীয় ক্ৰিকেট দলৰ নৱ তাৰকা ৰিংকু সিঙৰ আজি ৮ জুন তাৰিখে আঙঠি পিন্ধোৱা পৰ্ব। কইনা সমাজবাদী পাৰ্টীৰ সাংসদ প্ৰিয়া সৰোজ। লক্ষ্ণৌৰ এক পঞ্চতাৰকা হোটেলত অনুষ্ঠিত হৈছে এই পৰ্ব। আজিৰ পৰ্বৰ পাছত ১৮ নৱেম্বৰত বিবাহ পাশত আৱদ্ধ দুয়ো।
অনুষ্ঠানলৈ নিমন্ত্ৰিত হৈছে পৰিয়ালৰ লগতে ৩০০ৰো অধিক আই প্ৰফাইল লোক। ৰিংকু সিঙৰ ফালৰ পৰা বহু কেইগৰাক ক্ৰিকেটাৰ আৰু প্ৰিয়া সৰোজৰ ফালৰ পৰা অখিলেশ যাদৱ, ডিম্পল যাদৱ আদি উপস্থিত হোৱাৰ সম্ভাৱনা।
বৰ্তমানলৈ কেমেৰাৰ পৰা আঁতৰত আছে ৰিংকু সিং আৰু প্ৰিয়া। কিন্তু তাৰে মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দুয়োৰে গোপনে তোলা আজিৰ ফটো। দুয়ো দেখাত কোনো বলীউড তাৰকাতকৈ কম নহয়। দিল্লীৰ নাম থকা ডিজাইনাৰৰ দ্বাৰা ডিজাইন কৰা সাজ পৰিধান কৰিছে দুয়ো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ




















