• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

3 weeks ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

24 minutes ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

52 minutes ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

3 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

3 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

5 hours ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

19 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

19 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

20 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

21 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

21 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

21 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home সমীক্ষণ (আলোচনী)

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

আছুতীয়া সাক্ষাৎকাৰত গৰিমা গাৰ্গ: থাকি গ’লোঁ যেতিয়া আমিতো জীয়াই থাকিব লাগিব

editor by editor
September 12, 2026
in অসম, বিনোদন, বিবিধ, লেখা, সংগীত, সমীক্ষণ (আলোচনী)
0
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…
0
SHARES
53
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুবিন গাৰ্গহীন এটা বছৰ। এই এটা বছৰ কিদৰে পাৰ কৰিছে জুবিন গাৰ্গৰ পৰিয়ালটোৱে? কেনে আছে গৰিমাজনী? আইনী যুঁজখন কি পৰ্যায়ত আছে? ৰাজনীতিৰ মেৰপেঁচৰ পৰা জুবিন গাৰ্গৰ পৰিয়ালটো আঁতৰি থাকিব পাৰিছেনে? জুবিনক্ষেত্ৰ নিৰ্মাণ, মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা, সন্তুষ্টি-অসন্তুষ্টি, আধৰুৱা সপোন ইত্যাদি অনেক প্ৰশ্ন লৈ আমি উপস্থিত হৈছিলো জুবিন গাৰ্গৰ জোনালীত থকা সেই সপোনৰ ZG ষ্টুডিঅ’ত। আজিও তেনেদৰেই আছে জুবিন গাৰ্গৰ সেই ষ্টুডিঅ’টো। একেদৰে আছে জুবিন গাৰ্গৰ আঙুলিৰ বোলত ঝংকাৰ সৃষ্টি কৰা সেই গীটাৰখন, কী-ব’ৰ্ড, ঢুলুকিটো। দুযোৰ-দুপাট পিন্ধি অসমত খলকনি সৃষ্টি কৰা সেই জোতাকেইযোৰ সযতনে সাঁচি ৰখা হৈছে জোনালীৰ ঘৰখনত। জুবিনৰ বিছনাখনত শুৱাই থোৱা আছে ছিংগাপুৰৰ পৰা পাৰ্থিৱ শৰীৰ কঢ়িয়াই অনা কফিনটো। কোঠাৰ ভিতৰলৈ হঠাৎ সোমাই গ’লে ভাব হ’ব যেন জুবিনহে শুই আছে বিছনাখনত। ঘৰখনলৈ আজিও মানুহ আহে প্ৰতিদিনে। কেনে আছে দাদাৰ সম্পদবোৰ? কিমান ডাঙৰ হৈছে নিজহাতে ৰোৱা গছপুলিকেইটা? অজস্ৰ সুমধুৰ সংগীত উপহাৰ দিয়া ষ্টুডিঅ’টো কেনেকুৱা? গৰিমায়ো নিৰাশ নকৰে। যিমান পাৰে দেখুৱাই যায় ঘৰটোৰ চুক-কোণ। আমাৰ কেমেৰাৰ লেন্সেও বন্দী কৰি কৰিলে মুহূৰ্তবোৰ। এঘণ্টাজুৰি আমি কথা তেওঁৰ সৈতে কথা পাতিলোঁ। আমাৰ প্ৰশ্ন আৰু গৰিমা শইকীয়া গাৰ্গৰ পোনপটীয়া উত্তৰ। তাৰেই কেইটামান প্ৰশ্নোত্তৰ ‘সমীক্ষণ’ৰ পঢ়ুৱৈলৈ আগবঢ়ালোঁ–

গৰিমা গাৰ্গৰ সৈতে ঋতুস্মিন শৰ্মাৰ আছুতীয়া সাক্ষাৎকাৰ

প্ৰশ্ন- জুবিনবিহীন এটা বছৰ। তেওঁ নাই বুলি ক’বলৈ কাৰোৱেই মন নাযায়। কেনেকৈ এই নিষ্ঠুৰ সময়ৰ সৈতে যুঁজ-বাগৰ চলালে আপুনি?

গৰিমা শইকীয়া গাৰ্গ: তেওঁ নাই বুলি ভাবিবলৈ বৰ কষ্ট পাওঁ। তেওঁক অনবৰতে মই লৈ ফুৰোঁ৷ প্ৰতিটো মুহূৰ্তত কথা পাতোঁ। কিন্তু মনৰ ভিতৰত প্ৰতিনিয়ত যুদ্ধখন চলি থাকে। শক্তিশালী হ’বলৈ চেষ্টা কৰোঁ মই। কিন্তু মোক মাজে মাজে ভাঙি পেলায়। জুবিনে মোক শক্তিশালী বুলি ভাবে। তেওঁ থাকোঁতে বহুত কাম কৰিছিলোঁ। মই শক্তিশালী হোৱাটো জুবিনে সদায় বিচাৰিছিল। তেওঁ মোক যেনেকৈ বিচাৰিছিল, মই এতিয়া তেনেদৰেই থাকিব বিচাৰোঁ। [আমি দেখা পালোঁ গৰিমাৰ দুচকুৰে নিগৰি অহা লোতক] নিজকে বিশ্বাস দিবলৈ চেষ্টা কৰোঁ যে তেওঁ মোৰ লগত অনবৰত আছে। বহু সময়ত তেওঁ মোক শক্তি দিয়া যেন অনুভৱ হয়৷ যাৰ বাবে এতিয়া মই অলপ হ’লেও আগুৱাই যাব পাৰিছোঁ। বহু সময়ত এষাৰ কথা ক’বলৈ আত্মবিশ্বাস হেৰাই গৈছিল। মানুহক দেখা কৰিবলৈ ভয় লগা হৈছিল৷ কিন্তু এতিয়া আকৌ মই অলপ শক্তিশালী হৈছোঁ৷ মই ভাবোঁ, এই গোটেইবিলাক তেওঁৰেই শক্তি৷ মই তেওঁৰ উপস্থিতি অনুভৱ কৰিব পাৰোঁ৷ তেওঁৰ মাতটো নুশুনিব পাৰোঁ; কিন্তু বাকী সকলো ধৰণৰ উত্তৰ পাই থাকোঁ৷ এনে ঘটনা ঘটিছে যে অলৌকিক যেন লাগে৷ মই ক’লে তুমি অনুভৱ কৰিব পাৰিবা।

প্ৰশ্ন- তেনেকুৱা দুটামান কথা জনাব পাৰিব নেকি?

গৰিমাঃ মই ওলাই যাব পৰাটোৱেই এটা ডাঙৰ উদাহৰণ। বিহুৰ সময়ৰ এটা কথা কওঁ– আমি সেইদিনা ভাগি পৰিছিলোঁ৷ তোমালোকে জানাই, বিহুৰ আয়োজন আমাৰ কেনেকুৱা হয়। ডেৰ-দুমাহৰ বাবে প্ৰস্তুতি চলে৷ উখল-মাখল পৰিৱেশ৷ কাপোৰ-কানি, জোতা-মোজাৰ পৰা আৰম্ভ কৰি জুবিনৰ বাবে ব্যাপক প্ৰস্তুতি। কিন্তু আজি সকলো শূন্য৷ ইজনে-সিজনৰ মুখলৈ চাব পৰা নাছিলোঁ। মই তেতিয়া জুবিনৰ লগত মনতে কথা পাতিছিলোঁ– গ’ল্ডি, শেষ হ’ল নেকি তোমাৰ আৰু মোৰ যাত্ৰা? তুমিয়েই দেখোন কৈছিলা যে শেষ বুলিলেতো শেষ নহয়, আকৌ হয় আৰম্ভণি। মই কি কৰিব লাগিব এতিয়া? কেনেকৈ মই বাট পাম? কেনেকৈ মই আগুৱাই যাম, কোৱাচোন গ’ল্ডি? মোৰ মনলৈ লগে লগে এটা কবিতাৰ পংক্তি আহিছে– অধৰ-নিথৰ, পৰশ-জঠৰ, দুচকু পাথৰ। জুবিনৰ কবিতা যেন লাগিছে; কিন্তু মোৰ মনত পৰা নাই। ৰাহুলক সোধাত সি ক’লে যে এয়া জুবিন গাৰ্গৰ ‘শব্দ অনুভূতি’ৰ কবিতাৰ এটা শাৰী। জুবিন গাৰ্গৰ এনে বহু কবিতা আছে, যিবোৰৰ চৰ্চা হোৱা নাই। আজি জুবিন গাৰ্গৰ কবিতা মই মঞ্চত গাব পৰা হ’লোঁ। এই সাহস ক’ৰ পৰা আহিল মোৰ গালৈ? জুবিন গাৰ্গৰ গান শুনিব নোৱৰা হৈ গৈছিলোঁ মই৷ গ’ল্ডিক সুধিছিলোঁ– তোমাৰ গানেই যদি মই শুনিব নোৱাৰোঁ, তেন্তে মই কি লৈ জীয়াই থাকিম? আজি তেওঁৰ গানো শুনিব পৰা হৈছোঁ, মঞ্চতো উঠিব পৰা হ’লোঁ৷ ‘যন্ত্ৰ’ৰ দলটোৰ লগত ষ্টেজত উঠোঁতে এনে লাগিছিল যে তেওঁ মোৰ কাষতেই আছে৷ মাইক্ৰ’ফোনৰ সন্মুখতেই জুবিন৷ মোক যেন হাতত ধৰি আগুৱাই লৈ গৈছে৷ এই সকলোবিলাক জুবিনেই কৰি আছে মোৰ লগত৷ মই দুৰ্বল হৈ পৰাৰ বাবে তেওঁ মোক সাহস দি লৈ গ’ল৷ সেইদিনাৰ এটা কথা মনত পৰিছে৷ বানপানীৰ সাহায্য-সামগ্ৰী কিনা হৈছিল। লাখমান টকা ইমিডিয়েটলী লাগে, আমি সাহায্য সংগ্ৰহৰ বাবে যিটো একাউণ্ট দিছিলোঁ, সেইটোত ইমানেই লেনদেন হ’ল যে একাউণ্ট ফ্ৰীজ কৰি দিলে৷ এপিনে পে’মেণ্ট কৰিব লাগে, আনপিনে একাউণ্ট ফ্ৰীজ। কি কৰোঁ ভাবি পোৱা নাছিলোঁ৷ মই ঘৰৰ বেলকনীৰ চুক এটালৈ গৈ তেওঁৰ লগত কথা পাতিলোঁ– গ’ল্ডি কি কৰোঁ এতিয়া মই? তাৰ পাছত মই লিফ্‌টেৰে নামি আহিলোঁ। ঘৰৰ চৌহদত থকা তেওঁৰ মূৰ্তিভাগত সেৱা এটা কৰিলোঁ আৰু মনতে ভাবিলোঁ– গ’ল্ডি ডাঙৰ প্ৰব্লেম হৈ গ’ল, কি কৰোঁ! কিবা এটা কৰা, নহ’লে বস্তু কিনিব নোৱাৰিম৷ লগে লগে জানা, এটা ফোন আহিছে৷ বেংকৰ ফোন৷ একাউণ্টটো খুলি দিয়া হৈছে আৰু আমি পে’মেণ্ট কৰিব পাৰিম বুলি জনালে৷ মাত্ৰ ৩ মিনিটত ছলিউচন দি দিলে জুবিনে৷ এনে অনেক সৰু-সুৰা ঘটনা হৈছে ঘৰখনত৷ এদিন নিশা ১২ বজাত ঘৰৰ ভিতৰলৈ খোজকাঢ়ি পাৰ চৰাই এটা সোমাই আহে৷ উৰা নাই, পাখিও মেলা নাই। গোটেই ঘৰখনত খোজকাঢ়ি খোজকাঢ়ি ঘূৰিলে৷ পাপুৰ ৰূমলৈ গৈ দেউতাকো চালে৷ তাৰ পাছত খোজকাঢ়ি খোজকাঢ়ি বেলকনীৰে ওলাই গ’ল৷ কোনোদিন ভিতৰলৈ পাৰ নাহে৷ সেইদিনা আকৌ মাজনিশা আহি গোটেই ঘৰখন পৰ্যবেক্ষণ কৰিলে। মোৰ ভাব হয় সেইদিনা তেৱেঁই আহিছিল, আমি কেনে আছোঁ চাবলৈ।

জুবিন গাৰ্গৰ অন্তিম শয়নৰ কফিনটো

মানে আপোনাৰ সেই অনুভৱ হয় যে প্ৰতি মুহূৰ্তত তেওঁ আপোনালোকৰ লগতেই আছে?
গৰিমা: একদম। ঘৰৰ সকলোৱেই এই অনুভৱ কৰে। তেওঁ অসমতেই আছে। অসমীয়াক এৰি তেওঁ যাব নোৱাৰে। কিবা দৰকাৰ হ’লেই তেওঁ আহিব। এতিয়াও জুবিনে নিজৰ কামবিলাক কৰি আছে, আনকো কৰাই আছে। [আকৌ কান্দি উঠে গৰিমাই৷]

প্ৰশ্ন- কায়িকভাৱে তেওঁ থকা হ’লে বৰ্তমানৰ সমাজ ব্যৱস্থাটো অলপ পৰিৱৰ্তন হ’লহেঁতেন বুলি আপুনি ভাবেনে?

গৰিমা: সেইটো ক’ব নোৱাৰোঁ। সেয়া আইনে উলিয়াব৷ যিকেইজন তাত আছিল আৰু তেওঁলোকৰ কোনে কি কৰিলে এই আইনী প্ৰক্ৰিয়াটোৰ পৰাহে ওলাব। চাৰ্জশ্বীটৰ কথাখিনি আদালতত তথ্য-প্ৰমাণসহ প্ৰতিষ্ঠা হ’ব লাগে। তেতিয়াহে আমি গম পাম সেইদিনা কোনে কি কৰিছিল।

জুবিন গাৰ্গৰ সেই প্ৰিয় জোতাযোৰ

প্ৰশ্ন- আপুনি আদালতলৈ যায়, আপোনাৰ কি ভাব হৈছে, শাস্তি হ’বনে?

গৰিমা: মই আদালতলৈ এতিয়া যোৱা নাই, মোৰ উপস্থিতিৰ বিৰোধিতা কৰি আদালতত আপত্তি দৰ্শোৱা হ’ল। কাৰণ মই নিজেও এগৰাকী সাক্ষী। গতিকে আন সাক্ষীৰ কথা মই শুনিব নোৱাৰোঁ বুলি আপত্তি দৰ্শালে বিপক্ষৰ অধিবক্তাই। প্ৰক্ৰিয়াটোত কোনো ধৰণৰ বাধা আহি নপৰক বুলি ভাবি ময়ো আদালতলৈ তেতিয়াৰ পৰা যোৱা নাই। কিন্তু
ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ– শাস্তি হ’ব লাগে৷ মই জুবিন আৰু সময়কো প্ৰাৰ্থনা কৰোঁ।

প্ৰশ্ন- একাংশ অভিযুক্ত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে৷ উচ্চতম ন্যায়ালয়ত ন্যায়ৰ যুঁজ দিবলৈ যথেষ্ট অৰ্থৰ প্ৰয়োজন…

গৰিমা: আমি পৰিয়ালটোৱেও এই প্ৰশ্ন তুলিছোঁ। কোনে সিহঁতক আৰ্থিকভাৱে সহায় কৰি আছে? সকলোৰে ফাইনেঞ্চিয়েল বেকগ্ৰাউণ্ড আমি জানো৷ প্ৰতিদিনে ৰ লাখতকৈ বেছি টকা লাগে উচ্ছতম ন্যায়ালয়ত। আমিতো নোৱাৰোঁ ইমান টকা খৰচ কৰিবলৈ৷ তেন্তে সিহঁতে কেনেকৈ পাৰিছে?

প্ৰশ্ন- জুবিন গাৰ্গ এজন অৰাজনৈতিক ব্যক্তি৷ কিন্তু জুবিন গাৰ্গক লৈ ব্যাপক হাৰত ৰাজনীতি কৰা হ’ল৷ আপুনিও তেনেদৰে ভাবেনে?

গৰিমা- মই তেতিয়াই কৈছিলোঁ যে এইজন ব্যক্তিক লৈ আপোনালোকে ৰাজনীতি নকৰিব৷ তেওঁ এইবোৰৰ পৰা আঁতৰত থকা মানুহ৷ আমাৰ গোটেই পৰিয়ালটোৱেই ৰাজনীতিৰ কথাবোৰ ইমান বুজি নাপাওঁ৷ জুবিন গাৰ্গক লৈ ৰাজনীতিৰ টনা-টনি খেল চলি থাকিলে, ৰাজনীতিৰ মেৰপেঁচত বাৰে বাৰে তেখেতক সুমুৱাই থাকিলে আমাৰ জীয়াই থকাটো জটিল হৈ পৰিব৷ আমি থাকি গ’লোঁ যেতিয়া আমিতো জীয়াই থাকিব লাগিব! গতিকে এইবোৰৰ মাজলৈ আমাক টানি নানিব৷ যিজন ব্যক্তি কেতিয়াও এইবোৰৰ মাজত নাই, তেওঁক ৰাজনীতিৰ মাজলৈ টানি থাকিব নালাগে৷ তেওঁৰ সত্তাটোক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব৷

প্ৰশ্ন- জুবিনক্ষেত্ৰখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে দেখিবলৈ কেনে হ’ব? সেই নক্সা সম্পৰ্কে আপুনি কিবা জানে নেকি?

গৰিমা: সম্পূৰ্ণকৈ নাজানো, কিন্তু অলপতে দেখিছোঁ মাননীয় মুখ্য মন্ত্ৰী মহোদয় তালৈ গৈছে। দ্বিতীয়বাৰলৈ জুবিনক্ষেত্ৰ পৰিদৰ্শন কৰি গোটেই কথাবোৰ চাইছে। সংশ্লিষ্ট কতৃৰ্পক্ষক নিৰ্দেশনা দি থকাও আমি ভিডিঅ’ত দেখিছোঁ। সেইখিনি কৰাৰ বাবে আমি মুখ্য মন্ত্ৰীক কৃত:তা জনাইছোঁ। মুখ্য মন্ত্ৰীৰ নিৰ্দেশনাখিনি শুনি খুব ভালো লাগিছে। আমি যেনেকৈ ভাবিছিলোঁ, তেনেকৈ তেওঁ নিৰ্দেশনা দিয়া দেখিছোঁ। আমিও বিচাৰোঁ যে তাত জুবিন গাৰ্গৰ এটা মিউজিয়াম গঢ়িব লাগে, য’ত তেওঁ ব্যৱহাৰ কৰা সামগ্ৰীবোৰ থাকিব। গাড়ীকেইখনো থাকিব। এটা লাইব্ৰেৰীও থাকক, এখন কিতাপৰ বিপণিও হওক। জুবিনৰ বিষয়ে বহু কিতাপ প্ৰকাশ পাইছে, সেইবিলাক কিনিব পাৰিব ৰাইজে। এখন মুকলি মঞ্চৰ কথাও কৈছিল। মুখ্যমন্ত্ৰীয়ে কোৱা শুনিছিলোঁ পিছপিনৰ পাহাৰখন যেনেদৰে আছে তেনেদৰেই ৰাখিব৷ গছ নাকাটে৷ এটা মিউজিকেল ৱাক কৰা হ’ব। খোজকাঢ়ি গ’লে জুবিনৰ গান বাজি উঠিব৷ মই ভিডিঅ’টোত সেইবোৰ কোৱা শুনিছিলোঁ। সেইখিনি শুনি ভাল লাগিছে। বাউণ্ডেৰী ৱালখনো অক্টোবৰৰ ভিতৰত কৰি দিম বুলি কৈছে। কামখিনি অকণমান ত্বৰান্বিত হ’লে আৰু ভাল লাগিব।

প্ৰশ্ন- দাদাৰ খাৰঘুলিৰ ঘৰখনক লৈ এটা ধুনীয়া সপোন আছিল

গৰিমা: আমি সেই ঘৰটো ট্ৰাষ্টক দিয়াৰ কথা ভাবিছোঁ। এটা ৰূম আমাৰ বাবে থাকিব। তেওঁৰ ঘৰটোত জইণ্ট ফেমিলী গঢ়াৰ কথা ভাবিছিল, পৰিয়ালৰ সকলো মানুহ একেলগে থাকিব। এখন ডাঙৰ ডাইনিং টেবুল থাকিব। আড্ডাৰ ঠাই থাকিব, ‘জলসা’ হ’ব, মা-দেউতা, কাজিন সকলো থাকিব। সেই ঘৰখনত থকাটো মোৰ বাবে কষ্টকৰ হ’ব। সেইবাবে ট্ৰাষ্টক দান কৰাৰ কথাটো মনলৈ আহিল।

প্ৰশ্ন- জুবিন গাৰ্গৰ গানবিলাক এতিয়া শুনেনে?

গৰিমা : বৰ কষ্ট হয়। সকলোবোৰ শুনিব নোৱাৰোঁ। কিন্তু আগতকৈ শুনিব পৰা হৈছোঁ। কেতিয়াবা ভাগি পৰোঁ। বহু গানৰ লগত বহু স্মৃতিও জড়িত হৈ আছে। সেই স্মৃতিবিলাকে বহু সময়ত দুৰ্বল কৰি পেলায়। তেতিয়া আকৌ জুবিনেই মোক শক্তি দিয়া যেন লাগে। [আকৌ চকু চলচলীয়া হৈ পৰে গৰিমাৰ৷]

এনে বহু প্ৰশ্নৰ এপিনৰ পৰা উত্তৰ দি গ’ল গৰিমাই। আমিও অনুভৱ কৰিলোঁ গৰিমা গাৰ্গ হোৱাটো সহজ নহয়। এপিনে অনুৰাগীৰ প্ৰবল আৱেগ, আনপিনে ৰাজনীতিৰ কপট খেলা। তাৰ মাজেৰে জীৱনটো আগুৱাই লৈ গৈছে গৰিমাজনীয়ে। জুবিন গাৰ্গৰ পৰিয়ালটোক ভগৱন্তই সাহস দিয়ক৷ সেই আশাৰে আমিও জুবিনৰ জোনালীৰ ঘৰখনৰ পৰা ওলাই আহিলোঁ।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24garima gargzubeen garg
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?
ভাৰত

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

October 4, 2026
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!
বাণিজ্য

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

October 4, 2026
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!
জীৱনশৈলী

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

October 4, 2026
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন
বাণিজ্য

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

October 4, 2026
Next Post
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.