‘ভাইৰেল ইউটিউব হিষ্ট্ৰী’ৰ সত্যতা প্ৰকাশ ৰিয়ান পৰাগৰ, বিতৰ্কৰ ওপৰত প্ৰথমবাৰৰ বাবে মৌনতা ভংগ
IPL ২০২৪ ৰ ঠিক পিছতেই ৰিয়ান পৰাগৰ ইউটিউব ইতিহাসৰ এটা ভিডিঅ’ জুইৰ দৰে বিয়পি পৰিছিল সকলোফালে। ভাইৰেল ভিডিঅ’টোত ৰিয়ানৰ ইউটিউব চাৰ্চ হিষ্ট্ৰী তথা ইতিহাসত অনন্যা পাণ্ডে আৰু চাৰা আলী খান সম্পৰ্কীয় আপত্তিজনক কথা বিচাৰি উলিওৱা বুলি ভাইৰেল হৈ পৰিছিল এক ভিডিঅ’।
ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত ছ’চিয়েল মিডিয়াত অনুৰাগীয়ে তীব্ৰ সমালোচনা কৰিছিল ৰিয়ানক। অৱশ্যে সেই সময়ত এই সন্দৰ্ভত ৰিয়ানৰ পৰা কোনো ধৰণৰ বক্তব্য অহা নাছিল।
এতিয়া প্ৰায় ৯ মাহৰ পাছত এই বিতৰ্কক লৈ ৰিয়ানে নিজৰ মৌনতা ভংগ কৰিছে। ভাইৰেল ইউটিউব ইতিহাসৰ আঁৰৰ সত্যতা নিজে সমজুৱাকৈ প্ৰকাশ কৰিছে ৰিয়ানে।
এটা ৰেডিঅ’ ষ্টেচনক দিয়া সাক্ষাৎকাৰত এই বিতৰ্কৰ বিষয়ে কোৱাৰ সময়ত ৰিয়ান পৰাগে কয়, ‘মই আই পি এল শেষ কৰি উঠিছিলো, তেতিয়া আমি চেন্নাইত আছিলো। মেচখন মাত্ৰ শেষ হৈছিল আৰু মোৰ ষ্ট্ৰীমিং দলৰ পৰা ডিচকৰ্ড ফোন আহিল আৰু ঠিক তেতিয়াই প্ৰকাশ পাইছিল সেই ভিডিঅ’।
ৰিয়ানে আৰু কয়, “সেই সময়ত মোৰ মোবাইলৰ পৰা সকলো ধৰণৰ মিউজিক এপ ডিলিট হৈ গৈছিল। গতিকে মই ইউটিউবত সংগীত বিচাৰিলোঁ। তাৰ বাহিৰে অন্য একো নাছিল। সেয়ে সেই সময়ত মই ৰাজহুৱাভাৱে ওলাই আহি কথাবোৰ স্পষ্ট কৰাটো উচিত বুলি অনুভৱ কৰা নাছিলো, কাৰণ হয়তো সেই সময়ত মোক কোনেও বুজি নাপালেহেঁতেন।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















