• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কঠিন সময়ত দুৰন্ত টেমপাৰমেণ্ট! ট্ৰলৰ জৱাব কেনেকৈ দিব লাগে দেখুৱাই দিলে ৰিয়ান পৰাগে

কঠিন সময়ত দুৰন্ত টেমপাৰমেণ্ট! ট্ৰলৰ জৱাব কেনেকৈ দিব লাগে দেখুৱাই দিলে ৰিয়ান পৰাগে

2 years ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

9 minutes ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

37 minutes ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

2 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

2 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

3 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

3 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

4 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

8 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

8 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

8 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

9 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কঠিন সময়ত দুৰন্ত টেমপাৰমেণ্ট! ট্ৰলৰ জৱাব কেনেকৈ দিব লাগে দেখুৱাই দিলে ৰিয়ান পৰাগে

editor by editor
April 2, 2024
in ক্ৰীড়া, ভাৰত
0
কঠিন সময়ত দুৰন্ত টেমপাৰমেণ্ট! ট্ৰলৰ জৱাব কেনেকৈ দিব লাগে দেখুৱাই দিলে ৰিয়ান পৰাগে
0
SHARES
98
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মেচৰ আৰম্ভণিত যদি ট্ৰেন্ট বোল্ট, তেন্তে শেষ হয় ৰিয়ান পৰাগেৰে। ট্ৰেণ্ট বোল্ট আৰু যজবেন্দ্ৰ চাহালক লৈ পৃথককৈ কোৱাৰ প্ৰয়োজন নাই। কাৰণ তেওঁলোকৰ আছে আন্তৰ্জাতিক মেচ খেলাৰ অভিজ্ঞতা। কিন্তু এইজন প্লেয়াৰক লৈ পৃথককৈ কোৱাৰ প্ৰয়োজনীয়তা আছে। তেওঁ আন কোনো নহয় ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্যায়ত খেলেৰে পৰিচিত হৈ উঠা ৰিয়ান পৰাগ। ৰাজস্থান ৰয়েলছে বিগত সময়ছোৱাত তেওঁক দলত ৰখাৰ বাবেই ককৰ্থনাৰ সন্মুখীন হৈ আছিল। দীৰ্ঘদিনীয়া বিতৰ্কৰ উত্তৰ ৰিয়ানে বেট বলেৰেই অৱশেষত দিলে।

ৰিয়ান পৰাগ। ২২ বছৰীয়া এইগৰাকী তৰুণ এতিয়া ক্ৰিকেট বিশ্বৰ সকলোৰে নয়নৰ মণি। ২০০১ চনত জন্মলাভ কৰা এইগৰাকী ৰিয়ানৰ বাবেই আইপিএলত দুখনকৈ মেচ জয় কৰিবলৈ সক্ষম হৈছে ৰাজস্থান ৰয়েলছে। যি দলত জছ বাটলাৰ, যশস্বী জয়ছোৱাল, সঞ্জু ছেমছন, ছিমৰণ হেটমায়াৰ, ৰবিচন্দ্ৰন অশ্বিনৰ দৰে নামী-দামী প্লেয়াৰ আছে সেই নামী-দামী প্লেয়াৰৰ ভিৰ ঠেলি উজ্বলি উঠিছে ৰিয়ান।

১ এপ্ৰিলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলা বিশেষ খেলত কঠিন পৰিস্থিতিৰ পৰা ৰাজস্থান ৰয়েলছক উদ্ধাৰ কৰা খেলুৱৈজনেই হৈছে ৰিয়ান পৰাগ। ৰিয়ানৰ ৫৪ৰানৰ ইনিংছে ৰাজস্থান ৰয়েলছক দিলে জয়ৰ সোৱাদ। ৰাজস্থান ৰয়েলছে মেচ হৰাৰ উপক্ৰম হওঁতেই দলটোৰ শেষ ভৰষা হৈ পৰিছিল ৰিয়ান। ৰিয়ানে কোটি কোটি ক্ৰিকেটপ্ৰেমী জনতাক নিৰাশ নকৰিলে। ৰাজস্থান ৰয়েলছক এই মেচ জিকোৱাত ত্ৰাতাৰ ভূমিকা গ্ৰহণ কৰিলে ৰিয়ানে।

কিন্তু আজিৰ এই উজ্বলি উঠা ৰিয়ানৰ পূৰ্বৰ সময় ইমানো মসৃণ নাছিল। এই ক্ৰিকেট যাত্ৰাত তেওঁ বিগত সময়ত সহিব লগা হৈছিল বহু ককৰ্থনা। IPLত তৰুণ ক্ৰিকেটাৰসকলৰ ভিতৰত সকলোতকৈ বেছি ট্ৰলো কৰা হৈছিল তেওঁক। ট্ৰলৰ কাৰণ হৈছে তেওঁৰ ফৰ্ম। ২০১৯ চনৰ পৰা তেওঁ IPL খেলিলেও বিগত খেলসমূহত তেওঁৰ সৰ্বোচ্চ ৰান আছিল মাত্ৰ ৫৬। ২০২৩ চনত ৰিয়ানে IPLত মুঠ ৰান কৰিছিল ৭৮। খেলত তেওঁৰ ফৰ্ম আৰু নিজা ব্যৱহাৰৰ বাবেই বিতৰ্কত সোমাই পৰিছিল ৰিয়ান। ৰিয়ানক কিয় দলত ৰখা হৈছে বুলিও প্ৰশ্নও উত্থাপিত হৈছিল। কিন্তু সময়ৰ টিকনি হেনো সদায়ে আগফালে। ৰিয়ানৰ সময় ঘূৰিছে। তেওঁ বল বেটেৰে সকলো ট্ৰলাৰকে উচিত জৱাবো দিছে। ৰিয়ানে যদি নিজৰ কেৰিয়াৰৰ কথা লিখিবলৈ আৰম্ভ কৰে তেন্তে তেওঁৰ বাবে ২০২৪ চন বিশেষ নিশ্চয়।

ঘৰুৱা ক্ৰিকেটত পাৰ্ফৰমেন্স দেখুৱাই আৰম্ভ হোৱা এই কামবেক যাত্ৰাৰ কাহিনী আজি বহুতেই চৰ্চা কৰিছে। ৰিয়ানে নিজৰ ফৰ্মত বাৰুকৈয়ে পৰিবৰ্তন আনিছে। এই খেলৰ পৰাই তেওঁ টি-২০ বিশ্বকাপত ভাৰতীয় দলত আসন লাভৰ বাবেও নিজকে প্ৰস্তুত কৰিছে। ইয়াৰ প্ৰমাণ বিৰাটৰ পাছতেই এইবাৰ ৰিয়ানৰ শিৰত জিলিকি উঠিছে অৰেঞ্জ কেপ। ১ এপ্ৰিলৰ মেচৰ পাছতেই ইনিংছৰ কথা ক’বলৈ গৈ ৰিয়ানে কয়, ‘একো সলনি হোৱা নাই। মই খেলক খেল হিচাপে লৈ খেলিছো। পূৰ্বে মই মেচত নমাৰ আগতে বৰকৈ চিন্তা কৰিছিলো। এতিয়া সকলোবোৰক সহজভাৱে লওঁ। বলৰ ফালে চাইছো কোবাইছো। এইবাৰ সকলো মেচ মই এনেকৈয়ে খেলিছো। জছ যেতিয়া আউট হৈছিল তেতিয়া মই বেট তুলি লওঁ। এয়াই সময় ভাৱিলো। শেষ ৩-৪ বছৰ ধৰি মই IPLত বেয়া পাৰ্ফৰমেন্স দিছো। ৰান ল’ব নোৱাৰি পেভিলিয়নমুখী হৈছিলো। কিন্তু নিজৰ খেলক আগুৱাই নিবলৈ মই কঠোৰ পৰিশ্ৰম কৰিছো বিভিন্ন পৰিস্থিতিৰ বাবে নিজকে মই প্ৰস্তুত কৰিছো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা
অপৰাধ

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

August 24, 2026
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন
বিনোদন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

August 24, 2026
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’
ভাৰত

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

August 24, 2026
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি
নিয়োগ

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

August 24, 2026
Next Post
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশি! এওঁলোকৰ সকলো সমস্যা নিজেই দূৰ কৰে বজৰংবলীয়ে

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশি! এওঁলোকৰ সকলো সমস্যা নিজেই দূৰ কৰে বজৰংবলীয়ে

ডায়বেটিছ ৰোগী কেজৰী, ধৰ্মীয় তাবিজ খুলিবলৈ নক’ব! কেজৰীৰ অধিবক্তাৰ আদালতত আৰু কি কি আৰ্জি?

ডায়বেটিছ ৰোগী কেজৰী, ধৰ্মীয় তাবিজ খুলিবলৈ নক’ব! কেজৰীৰ অধিবক্তাৰ আদালতত আৰু কি কি আৰ্জি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.