ভাৰতীয় ক্ৰিকেট দলৰ দুই তাৰকা বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ উপাৰ্জন কমিবলৈ গৈ আছে৷ কাৰণ হৈছে তাৰকা দুজনৰেই চুক্তিৰ কিছু সালসলনি হৈছে৷ ভাৰতীৰ দলৰ নিৰ্বাচক কমিটিৰ প্রধান অজিত আগাৰকাৰে জনাইছে যে BCCIৰ ওচৰত দুই ক্ৰিকেটাৰক কেন্দ্ৰীয় চুক্তিৰ পৰা A+ বিভাগ আঁতৰোৱাৰ পৰামৰ্শ দিয়া হৈছে৷ ইয়াতেই প্ৰশ্ন হয় A+ কেটেগৰীৰ পৰা আঁতৰালে কোন গ্ৰেডত থাকিব দুই তাৰকা?
ইণ্ডিয়া টুডেৰ সূত্ৰৰ খবৰ অনুসৰি নিৰ্বাচন কমিটিয়ে A+ বিভাগ বাদ দিয়াৰ প্ৰস্তাৱ কৰিছে৷ যিয়ে খেলুৱৈসকলক বাৰ্ষিক ৭ কোটি টকা দিয়ে৷ যদি এই নতুন মডেল বাস্তবায়িত হয় তেতিয়া কেৱল তিনিটা বিভাগ A, B আৰু C থাকিব৷ ইয়াৰ অৰ্থ হৈছে সৰ্বোচ্চ A+ বিভাগ সম্পূৰ্ণৰূপে বাদ দিয়া হব৷ অৱশ্যে এই বিষয়ে BCCIৰ সিদ্ধান্ত এতিয়াও চূড়ান্ত হোৱা নাই৷
এই প্ৰস্তাৱটি বিচিচিআইৰ পৰবৰ্তী এপেক্স কাউন্সিলৰ সভাত আলোচনা কৰা হ’ব৷ বৰ্ডৰ শীৰ্ষ কৰ্মকৰ্তাসকলে বৰ্তমান কেন্দ্ৰীয় চুক্তি কাঠামো পৰিবৰ্তন কৰা হ’ব নে নহয় সেয়া বিবেচনা কৰিব৷ সূত্ৰৰ খবৰ যদি এই নতুন ব্যৱস্থা বাস্তবায়িত হয় তেতিয়া চিনিয়ৰ ভাৰতীয় খেলুৱৈসকল ক্ৰমে বিৰাট কোহলি, ৰোহিত শৰ্মাক A+ কেটেগৰিৰ পৰিবৰ্তনে B কেটেগৰিত ৰখা হ’ব পাৰে৷
কিয় হ’ব পাৰে এই সালসলনি?
প্ৰকৃততে দুই তাৰকাই টেষ্ট আৰু টি২০ ফৰমেটৰ পৰা অৱসৰ লৈছে৷ কেৱল এদিনৰ মেচহে খেলি আছে৷ আৰু সেই কাৰণেই তেওঁলোকক A+ৰ পৰা B লৈ নমাই অনা হব পাৰে৷ কেন্দ্ৰীয় চুক্তিৰ A+ কেটেগৰিত কেৱলমাত্ৰ নিৰ্বাচিত খেলুৱৈসকলহে অন্তৰ্ভুক্ত যিয়ে নিয়মিত তিনিটা ফৰ্মেটেই খেলে৷ নিৰ্বাচন কমিটিয়ে বিশ্বাস কৰে যে নতুন ক্ৰিকেট কেলেণ্ডাৰ আৰু খেলুৱৈসকলৰ শৰীৰৰ কথা বিবেচনা কৰি চুক্তি বাস্তৱায়িত কৰা উচিত৷ সেয়ে সকলোৰে নজৰ এতিয়া বিচিচিআইৰ এপেক্স কাউন্সিলৰ বৈঠকৰ ওপৰত৷ তাতেই সিদ্ধান্ত লোৱা হব যে ভাৰতীয় ক্ৰিকেটৰ কেন্দ্ৰীয় চুক্তি ব্যৱস্থাত এই সালসলনি বাস্তবায়িত হ’ব নে নহয়৷
BCCIৰ কেন্দ্ৰীয় চুক্তিভুক্ত খেলুৱৈসকলে কেনেকৈ তেওঁলোকৰ অৰ্থ লাভ কৰে?
গ্ৰেড A+ ৰ বাৰ্ষিক ৭কোটি টকা৷
গ্ৰেড A ৰ বাৰ্ষিক ৫ কোটি টকা৷
গ্ৰেড Bৰ বাৰ্ষিক ৩ কোটি টকা৷
গ্ৰেড Cৰ বাৰ্ষিক ১ কোটি টকা৷
BCCI ৰ কেন্দ্ৰীয় চুক্তি 2024-25 খেলুৱৈৰ তালিকা
১. গ্ৰেড A+ খেলুৱৈসকল হৈছে ৰোহিত শৰ্মা, বিৰাট কোহলি, জছপ্ৰিত বুমৰাহ, ৰবীন্দ্ৰ জাদেজা৷
২. গ্ৰেড A খেলুৱৈসকল হৈছে মহম্মদ ছিৰাজ, কে এল ৰাহুল, শুভমন গিল, হাৰ্দিক পাণ্ডিয়া, মহম্মদ ছামী, ঋষভ পন্থ৷
৩. গ্ৰেড Bৰ খেলুৱৈসকল হৈছে সূৰ্যকুমাৰ যাদৱ, কুলদ্বীপ যাদৱ, অক্ষৰ পেটেল, যশস্বী জয়ছোৱাল, শ্ৰেয়ছ আয়াৰ৷
৪. গ্ৰেড Cৰ খেলুৱৈসকল হৈছে ৰিংকু সিং, তিলক ভাৰ্মা, ঋতুৰাজ গায়কোৱাড, শিৱম ডুৱে, ৰবি বিষ্ণোই, ৱাছিংটন সুন্দৰ, মুকেশ কুমাৰ, সঞ্জু ছেমচন, অৰ্শদ্বীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, ৰজত পতিদাৰ, ছৰফৰাজ খান, আকাশদ্বীপ, নীতিশ ৰেড্ডি, ধ্ৰুৱ জুৱেল, বৰুণ কিষাণ শৰ্মা, আব্বাচন শৰ্মা, আমিন চমক ৰানা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















