দিল্লীত আকৌ উত্তৰপূৱৰ কন্যাৰ ৰহস্যজনক মৃত্যু৷ ৰশ্মিকা হোজাই প্ৰথমে দিল্লীলৈ গৈছিল তাৰপৰা উত্তৰাখণ্ডলৈ ফুৰিবলৈ গৈ নিখোঁজ হয়৷ দীৰ্ঘ পাঁচ দিন পাছতহে তেওঁৰ মৃতদেহ পোৱা গৈছে৷ এটা চৰকাৰী পৰীক্ষা দিবলৈ অসমৰ ডিমা হাছাওৰ পৰা ৰশ্মিকা দিল্লীলৈ গৈছিল৷
সূত্ৰৰ খবৰ অনুসৰি ৫জুনত নিখোঁজ হোৱাৰ খবৰ পোৱা গৈছিল ৰশ্মিকাৰ৷ ৰেলৱে ৰিকুইমেণ্ট বৰ্ড পৰীক্ষাৰ বাবে অসমৰ পৰা দিল্লীলৈ গৈছিল ৰশ্মিকা৷ মঙলবাৰে ফেছবুকত এক পোষ্ট দিছিল ডিমা হাছাওৰ প্ৰধান সদস্য চি ই এম দেবলাল গাৰ্লোছাই তেওঁৰ মৃত্যুৰ বিষয়টো নিশ্চিত কৰিছে৷ তেওঁ লিখিছে, ‘দুখেৰে সৈতে জনাওঁ যে দিল্লীৰ চোণ্টিলা হোজাইৰ বাসিন্দা মিছ ৰশ্মিতা হোজাই যি ৫ জুনৰ পৰা নিখোঁজ আছিল, আজি উত্তৰাখণ্ডৰ পাউৰি পাড়োৱাল জিলাত মৃত অৱস্থাত পোৱা গৈছে তেওঁৰ দেহ৷ এয়া এক অকল্পনীয় এক ক্ষতি৷ এই বেদনাদায়ক সময়ত আমাৰ প্ৰাৰ্থনা তেওঁলোকৰ শোকাহত পৰিয়ালৰ সৈতে আছে৷’ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিছে ৰশ্মিতা হোজাইৰ সন্ধানত তেওঁ কৰা সহায়ৰ বাবে৷ ইয়াৰোপৰি উত্তৰাখণ্ড আৰক্ষী কৰ্মীসকলকো ধন্যবাদ জনাইছে তেওঁ৷ তেওঁলোকৰ সাহায্য অবিহনে সেয়া সম্ভৱ হৈ নুঠিলেহেতেন৷
এই ঘটনাৰ আঁৰত দুজন ব্যক্তি জড়িত থকাৰ তথ্যও ভাইৰেল হৈছে৷ ৫ জুনত প্ৰকৃততে কি হৈছিল? আৰ আৰ বি পৰীক্ষা দিয়াৰ পাছতেই ৰোশ্মিতা দুই বন্ধুৰ সৈতে উত্তৰাখণ্ডলৈ ফুৰিবলৈ গুচি যায়৷ টাইমছ অফ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি ৰোশ্মিতা হোজাইয়ে ৬ জুনত দুই বন্ধুৰ সৈতে ঋষিকেশত উপস্থিত হয়৷ দুই বন্ধুৰ এজন হাৰিয়ানাৰ যুৱক হেমন্ত শৰ্মা৷ তেওঁলোকে তিনিও শিৱপুৰীত কেম্পিংৰ পৰিকল্পনা কৰিছিল৷ সেইদিনাই সন্ধিয়া সেই দুই বন্ধুৱেই ৰোশ্মিতা নিখোঁজ হোৱাৰ খবৰ দিয়ে৷ ঘটনাৰ পাছতেই হৰিদ্বাৰ আৰক্ষীয়ে নদীত তালাচিৰ বাবে ৰাজ্যৰ দুৰ্যোগ প্ৰতিক্ৰিয়া বাহিনীও মোতায়েন কৰে৷ মঙলবাৰে তাৰপিছতেই মৃতদেহ উদ্ধাৰ কৰা হয়৷ এই ঘটনাক আৰক্ষীয়ে অৱশ্যে আত্মহত্যা বুলিও সন্দেহ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















