চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে সুখবৰ। ৰে’লৱে নিযুক্তি ব’ৰ্ড-এ RRB Technician Recruitment 2026-ৰ অধিসূচনা প্ৰকাশ কৰিছে। এই নিযুক্তি অভিযানৰ জৰিয়তে সমগ্ৰ ভাৰতত মুঠ ৬,৫৬৫টা টেকনিচিয়ান পদ পূৰণ কৰা হ’ব। দশম শ্ৰেণী উত্তীৰ্ণ আৰু সংশ্লিষ্ট ট্ৰেডত ITI (Industrial Training Institute) প্ৰমাণ-পত্ৰধাৰী যোগ্য প্ৰাৰ্থীসকলে এই পদসমূহৰ বাবে অনলাইনযোগে আবেদন কৰিব পাৰিব।
ইচ্ছুক প্ৰাৰ্থীয়ে চলিত বৰ্ষৰ ৩০ জুনৰ পৰা আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ: ২৯ জুলাই, ২০২৬। কেৱল অনলাইনযোগেহে ইচ্ছুক প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। পদৰ সংখ্যা ৬,৫৬৫টা
শিক্ষাগত অৰ্হতা
স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা দশম শ্ৰেণী (মেট্ৰিক) উত্তীৰ্ণ হ’ব লাগিব। সংশ্লিষ্ট ট্ৰেডত ITI/NCVT/SCVT স্বীকৃতিপ্ৰাপ্ত প্ৰমাণপত্ৰ থাকিব লাগিব। পদভেদে অন্য অৰ্হতা থাকিব পাৰে। সেয়েহে অধিসূচনা ভালদৰে পঢ়ি আবেদন কৰাটো বাঞ্ছনীয়।
বয়সৰ সীমা
প্ৰাৰ্থীৰ বয়সৰ সীমা আৰু সংৰক্ষিত শ্ৰেণীৰ বাবে বয়সৰ ৰেহাই চৰকাৰী নিয়ম অনুসৰি প্ৰযোজ্য হ’ব। সঠিক তথ্যৰ বাবে চৰকাৰী অধিসূচনা চোৱাটো গুৰুত্বপূৰ্ণ।
সাধাৰণতে নিয়োগ প্ৰক্ৰিয়াত তলৰ স্তৰসমূহ অন্তৰ্ভুক্ত থাকিব—
Computer Based Test (CBT)
Document Verification
Medical Examination
প্ৰয়োজন অনুসৰি RRBৰ নিয়ম অনুসৰি অন্যান্য পৰ্যায়ো থাকিব পাৰে।
কেনেকৈ আবেদন কৰিব?
১. RRBৰ চৰকাৰী ৱেবছাইটত গৈ Registration সম্পূৰ্ণ কৰক।
২. নিজৰ তথ্যসমূহ সঠিকভাৱে পূৰণ কৰক।
৩. প্ৰয়োজনীয় নথি-পত্ৰ, ফটো আৰু স্বাক্ষৰ আপলোড কৰক।
৪. প্ৰযোজ্য আবেদন মাচুল অনলাইনযোগে পৰিশোধ কৰক।
৫. আবেদন দাখিল কৰাৰ পিছত Confirmation Page ডাউনলোড কৰি সংৰক্ষণ কৰক।
প্ৰয়োজনীয় নথি-পত্ৰ
দশম শ্ৰেণীৰ মাৰ্কশ্বীট/প্ৰমাণ-পত্ৰ
ITI প্ৰমাণপত্ৰ
জন্ম তাৰিখৰ প্ৰমাণ
পৰিচয় পত্ৰ (যেনে Aadhaar/PAN/Voter ID)
জাতিগত প্ৰমাণ-পত্ৰ (যদি প্ৰযোজ্য)
পাছপ’ৰ্ট আকাৰৰ ফটো
স্বাক্ষৰ
আবেদন কৰাৰ আগতে চৰকাৰী অধিসূচনা সম্পূৰ্ণ পঢ়ি ল’ব। সকলো তথ্য সঠিকভাৱে পূৰণ কৰিব। অন্তিম তাৰিখলৈ অপেক্ষা নকৰি সময়মতে আবেদন সম্পূৰ্ণ কৰাটো উত্তম।
চাকৰি প্ৰত্যাশীসকলৰ বাবে এক উৎকৃষ্ট সুযোগ। ভাৰতীয় ৰে’লৱেত চৰকাৰী চাকৰি কৰাৰ সপোন দেখা প্ৰাৰ্থীসকলৰ বাবে এই নিয়োগ অভিযান এক উল্লেখযোগ্য সুযোগ। যোগ্য প্ৰাৰ্থীসকলে ৩০ জুনৰ পৰা আৰম্ভ হোৱা আবেদন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি সময়সীমাৰ ভিতৰত আবেদন সম্পূৰ্ণ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















