• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘সাৱধান, দেশ ভঙাৰ পথত!’ প্ৰতিষ্ঠা দিৱসত আৰএছ এছ প্ৰধান মোহন ভাগৱতৰ মন্তব্যই দিছে কিহৰ ইংগিত?

‘সাৱধান, দেশ ভঙাৰ পথত!’ প্ৰতিষ্ঠা দিৱসত আৰএছ এছ প্ৰধান মোহন ভাগৱতৰ মন্তব্যই দিছে কিহৰ ইংগিত?

4 years ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

17 minutes ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

32 minutes ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

50 minutes ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

57 minutes ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

2 hours ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

2 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

4 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

4 hours ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

5 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

6 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

7 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘সাৱধান, দেশ ভঙাৰ পথত!’ প্ৰতিষ্ঠা দিৱসত আৰএছ এছ প্ৰধান মোহন ভাগৱতৰ মন্তব্যই দিছে কিহৰ ইংগিত?

editor by editor
October 5, 2022
in ভাৰত, ৰাজনীতি, লেখা
0
‘সাৱধান, দেশ ভঙাৰ পথত!’ প্ৰতিষ্ঠা দিৱসত আৰএছ এছ প্ৰধান মোহন ভাগৱতৰ মন্তব্যই দিছে কিহৰ ইংগিত?
0
SHARES
451
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভাৰতৰ ধৰ্মভিত্তিক জনবিন্যাস সলনিক লৈ উদ্বিগ্ন হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰধান মোহন ভাগৱত। আফ্ৰিকা,  ছুডান, দক্ষিণ পূব এছিয়াৰ পূব তিমুৰ আৰু ইউৰোপৰ কছোভাৰ উদাহৰণ দি দেশৰ ভৱিষ্যতক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰএছএছ প্ৰধান মোহন ভাগৱতে। ধৰ্মৰ ভিত্তিত জনসংখ্যাৰ নিয়ন্ত্ৰণৰ বিষয়টোক লৈও ভাগৱতে কয় যে দেশ ভাঙিবলৈ এইবোৰ উপকৰণেই যথেষ্ট।

বুধবাৰে নাগপুৰত সংঘই আয়োজন কৰা দশেৰাৰ লগতে ৯৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত আৰ এছ এছ প্ৰধানগৰাকীয়ে কৰা মন্তব্যই এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে। দশেৰা মহোৎসৱত ভাগৱতে কয়, ‘ভাৰতত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে চৰকাৰী নীতিৰ আৱশ্যক। ধৰ্মভিত্তিৰ জনবিন্যাসক লৈ এতিয়াই প্ৰয়োজনীয় পদক্ষেপ নল’লে ভৱিষ্যতে দেশ ভাঙি যাব। জনসংখ্যা নিয়ন্ত্ৰণৰ লগতে ধৰ্ম ভিত্তিক জনসংখ্যাৰ ভাৰসাম্য ৰক্ষাও এটা গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়টোক উপেক্ষা কৰাটো দেশৰ বাবেই ভয়ংকৰ।’

আৰ এছ এছে আয়োজন কৰা বিজয়া দশমী উৎসৱত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। প্ৰথমবাৰৰ বাবে মহিলা অতিথি হিচাপে আমন্ত্ৰিত পদ্মশ্ৰী সন্তোষ যাদৱ দুবাৰকৈ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা একমাত্ৰ মহিলা। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থকা পৰ্বতাৰোহী সন্তোষ যাদৱে তেওঁৰ ভাষণতো কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। সন্তোষ যাদবে তেওঁৰ ভাষণত কয়, ‘মই সমগ্ৰ বিশ্বৰ মানৱসমাজক আহি সংঘৰ কাৰ্যকলাপ চাবলৈ অনুৰোধ কৰিব বিচাৰিম। সংঘৰ এই সভাত উপস্থিত থাকি মই সংঘৰ সমাজহিতৈষী কামসমূহৰ বিষয়ে জানিব পাৰিছো। সংঘৰ কাৰ্যকলাপ সঁচায়ে প্ৰশংসনীয় আৰু অনুপ্ৰেৰণাদায়ক।’

আনহাতে অনুষ্ঠানটোতেই স্বয়ংসেৱকসকলক সম্বোধন কৰি আৰ এছ এছ প্ৰধানগৰাকীয়ে কয়, ‘শক্তিয়েই শান্তিৰ আধাৰ। আমি মহিলাসকলক জগত জননী বুলি গণ্য কৰোঁ, কিন্তু তেওঁলোকক ঘৰৰ চাৰিবেৰতেই বন্দী কৰি ৰাখোঁ। এইয়া সলনি কৰিবৰ হ’ল। আমি আমাৰ পৰিয়ালৰ পৰাই মাতৃ শক্তি জাগ্ৰত কৰাৰ কাম আৰম্ভ কৰিব লাগিব।’

ইপিনে দেশৰ ভৱিষ্যতক লৈও চিন্তিত আৰ এছ এছ প্রধানগৰাকীয়ে কয় যে, ধৰ্মৰ ওপৰত ভিত্তি কৰিয়েই ছুডান আৰু দক্ষিণ ছুডান বিভক্ত হ’ল। চার্বিয়া ভাঙি কছোভা আৰু ইণ্ডোনেছিয়াৰ পৰা পূব তিমোৰৰ দৰে একোখন নতুন দেশ গঠন হ’ল। ইছলামিক ৰাষ্ট্ৰ ছুডানত অ-মুছলমান জনজাতিপ্ৰধান অঞ্চলক সামৰি ২০১১ চনত গঠিত হৈছিল দক্ষিণ ছুডান। ২০০৮ চনত খ্ৰীষ্টানপ্ৰধান চাৰ্ভিয়াৰ পৰা বিচ্ছিন্ন হয় মুছলিম প্ৰধান কছোভা। ২০০২ চনত ইছলামিকপ্ৰধান দেশ ইণ্ডেনেছিয়াৰ পৰা পৃথক হৈ নতুন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে পুব তিমোৰে।

উল্লেখ্য যে আৰ এছ এছ প্ৰধান মোহন ভাগৱতে তেওঁৰ মন্তব্যত যদিও কোনো ধৰ্মৰ নাম উল্লেখ কৰা নাই তথাপিও আওপকীয়াকৈ মুছলমান আৰু খ্ৰীষ্টান ধৰ্মালম্বী লোকৰ জনসংখ্যা বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ভাষণত ভাগৱতে ২০১৫ চনত অখিল ভাৰতীয় কাৰ্যকৰী মণ্ডলত গৃহীত এটি প্ৰস্তাৱৰ কথাও প্ৰকাশ কৰি কয় যে, ২০১১ চনত হোৱা লোকপিয়লৰ পৰিসংখ্যা অনুসৰি ভাৰতত হিন্দু ধৰ্মালম্বী লোকৰ সংখ্যা ৮৮শতাংশৰ পৰা কমি গৈ ৮৩.৩ শতাংশ হৈছেগৈ। ইয়াৰ বিপৰীতে মুছলমান সম্প্ৰদায়ৰ লোকৰ সংখ্যা ৯.৮ শতাংশৰ পৰা ১৪.২৩ শতাংশলৈ বৃদ্ধি হৈছে।

২০২২ বৰ্ষত আৰ এছ এছৰ ৯৭ সংখ্যক প্ৰতিষ্ঠা দিৱসতো ভাগৱতে এই বিষয়টো উত্থাপন কৰি কয়, ‘আমাৰ দেশত ২০০১ৰ পৰা ২০১১ চনৰ ভিতৰত হিন্দু ধৰ্মালম্বী লোকৰ সংখ্যা ৮১.৩ শতাংশৰ পৰা ৬৭ শতাংশলৈ কমি আহিছে। ইফালে আমাৰ দেশতেই খ্ৰীষ্টান ধৰ্মালম্বী লোকৰ সংখ্যা ১৩ শতাংশলৈ বৃদ্ধি পাইছে। ইফালে উত্তৰ-পূবৰ মণিপুৰত হিন্দু লোকৰ সংখ্যা ৮০ শতাংশৰ পৰা ৫০ শতাংশলৈ হ্ৰাস হৈছে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!
উত্তৰ-পূব

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

August 19, 2026
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball
বিনোদন

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

August 19, 2026
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?
ভাৰত

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

August 19, 2026
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!
বাণিজ্য

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

August 19, 2026
Next Post
জন্মৰ পৰাই কাণেৰে কম শুনে? এইকেইটা উপায়েৰে সুস্থ কৰি তুলিব পাৰিব আপোনাৰ শিশুটিক…

জন্মৰ পৰাই কাণেৰে কম শুনে? এইকেইটা উপায়েৰে সুস্থ কৰি তুলিব পাৰিব আপোনাৰ শিশুটিক...

ৰতন টাটাৰ এদিনৰ আয় কিমান জানেনে? শীৰ্ষ ধনী ব্যক্তিৰ তালিকাত কিয় নাম নাই ৰতন টাটাৰ?

ৰতন টাটাৰ এদিনৰ আয় কিমান জানেনে? শীৰ্ষ ধনী ব্যক্তিৰ তালিকাত কিয় নাম নাই ৰতন টাটাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.