ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাপ্তিৰ ইংগিত নেকি ! ৩০ দিনৰ যুদ্ধবিৰতিত সন্মতি ইউক্ৰেইনৰ
ৰাছিয়াৰ সৈতে যুদ্ধবিৰতিৰ বাবে সাজু ইউক্ৰেইন। এই তথ্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰদান কৰি লগতে ইয়াকো কয় যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনেও এই যুদ্ধ সমাপ্তিৰ সৈতে একমত হ’ব বুলি আশা প্ৰকাশ কৰে।
চৌদি আৰৱৰ জেদ্দাত ইউক্ৰেইন আৰু আমেৰিকাৰ প্ৰতিনিধিৰ সৈতে আলোচনাৰ পিছত ৰাষ্ট্ৰপতি ট্ৰাম্পে এই প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে।
ৰাষ্ট্ৰপতি ট্ৰাম্পে সদৰি কৰি কয় যে ইউক্ৰেইনে ৰাছিয়াৰ সৈতে ৩০ দিনীয়া যুদ্ধবিৰতি মানি ল’বলৈ ইচ্ছুক। ৰাষ্ট্ৰপতি ট্ৰাম্পে ইউক্ৰেইনৰ এই পদক্ষেপক আদৰণি জনাই মস্কোৱেও এই পদক্ষেপৰ প্ৰতি ইতিবাচক সঁহাৰি দিব বুলি আশা প্ৰকাশ কৰে।
এতিয়া পৰৱৰ্তী সময়ত ৰাছিয়াই কি মতামত দাঙি ধৰে সেয়াহে লক্ষনীয় হব। যদি ইউক্ৰেইনৰ দৰে ৰাছিয়াইয়ো যুদ্ধ বিৰতিত সহমত দিয়ে, তেন্তে ই এক শান্তিৰ ভৱিষ্যতৰ ইংগিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















