অসম লাইভ২৪ঃ ৱাংখেৰে ষ্টেডিয়ামৰ এই কাহিনী। বহুতৰে দুচকুত চকুলো বৈ আহিছিল। বগা জাৰ্চীত এজন ক্ষীণকায় যুৱক। কেঁকোৰা চুলি। ২২ গজৰ দিশেৰে আগুৱাই গৈছিল যুৱকজন। আন্তৰ্জাতিক ক্ৰিকেটত সেই ২২ গজেই জীৱন সলাই দিয়া বিশেষ ক্ৰিকেটাৰজনেই শচীন তেণ্ডুলকাৰ। ২৪ এপ্ৰিল ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ ওপজা দিন। এইবাৰ জন্মদিন শচীনৰ বাবে বিশেষ। কিয়নো এইবাৰ বয়সেও হাফ চেঞ্চুৰী কোবাব শচীনৰ। শচীনৰ ওপজা দিনত দেশবাসীৰ মাজত চৰ্চা শচীনে ৫০ সংখ্যক ওপজা দিনত এইবাৰ কি বিশেষ উপহাৰ পাইছে? বহুতেই আকৌ কৈছে জন্মদিনৰ পূৰ্বেই শচীনে বিশেষ উপহাৰ লাভ কৰিছে। পুত্ৰই দিছে এই বিশেষ উপহাৰ। পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰো এইবাৰ আইপিএলত অভিষেখ ঘটিছে। আইপিএলত প্ৰথমটো উইকেটো লৈছে অৰ্জুনে। পিতৃ হিচাপে শচীন গৌৰৱাম্বিত। শচীন তেণ্ডুলকাৰ ক্ৰিকেটৰ জগতৰ ভগৱান। খেলৰ সৈতে সংপৃক্ত হৈ থকা অন্তহীন কাহিনী আছে শচীনৰ। শচীনৰ ওপজা দিনত ক্ৰীড়াৰ ক্ষেত্ৰৰ সৈতে জড়িত বহুতেই শচীনৰ বিশেষ কিছু কথাক লৈ চৰ্চা চলাইছে।
পুৰণা সেই দিনবোৰ সোঁৱৰিছে শচীনৰ অনুৰাগীসকলে। শচীন কেৱল এটা নাম নহয়। এটা প্ৰজন্ম নহয় কেইবাটাও প্ৰজন্মৰ সপোন শচীন। ক্ৰিকেটৰ ক্ষেত্ৰত অনুসৰণ কৰিবলগাকৈ অদ্বিতীয় হয়তো শচীনৰ সলনি কোনো হ’বও নোৱাৰে। শচীনে নিজৰ সেই সোণালী যুগৰ বাবে সংবাদমাধ্যমক বাৰে বাৰেই ধন্যবাদ জনাই আহিছে। শচীনে শেহতীয়াকৈ এক সাক্ষাৎকাৰত কৈছিল, ‘কোনো এজন খেলুৱৈৰ বাবে স্বীকৃতিয়েই এটা ডাঙৰ বিষয়। কোনো কাম কৰাৰ পাছত যদি স্বীকৃতি পোৱা নাযায় তেন্তে কাম কৰাৰ মজা নাথাকে। স্বীকৃতি পালেই প্ৰতিজন খেলুৱৈয়ে নিজক ভালকৈ আগুৱাই নিব পাৰে। সংবাদকৰ্মী তথা সংবাদ মাধ্যমে মোক যেনেদৰে স্বীকৃতি দিছে মই সেই স্বীকৃতিৰ বাবেই বেছি পৰিশ্ৰম কৰিব ল’লো। বহু সময়ত মই ভাঙি পৰিছো। ভাঙি পৰা সেই সময়ৰ পৰা মোক উঠিবলৈ সহযোগিতা কৰিছে সংবাদমাধ্যমেই। মোৰ কেৰিয়াৰত আপোনালোকৰ প্ৰভাৱ যথেষ্ট আছে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ