মাতৃৰ চিকিৎসাৰ টকা নাই, নাই চাকৰিয়ো, সেয়ে ছেইফৰ ঘৰলৈ আহিছিল…
ছেইফক আক্ৰমণ কৰোতা বিজয় দাস তথা শ্বাহজাদে আৰক্ষীৰ আগত নিতৌ দি আছে ন ন তথ্য। এইবাৰ কৈছে আন এক কথা। চুৰিৰ পূৰ্বে গমেই পোৱা নাছিল যে সেইটো অভিনেতা ছেইফ আলী খানৰ ঘৰ।
সি মাথোঁ কোনোবা ধনী মানুহৰ পৰা চুৰি কৰি লুণ্ঠন কৰা ধনখিনি লৈ বাংলাদেশলৈ পলাই যাব বিচাৰিছিল যাতে তাৰ অসুস্থ মাকক সহায় কৰিব পাৰে। কাৰণ ৰুগীয়া মাতৃক চিকিৎসাৰ বাবে হাতত নাছিল টকা। সেয়ে টকা ঘটাৰ বাবে আহিছিল মুম্বাইলৈ।
ছেইফৰ আক্ৰমণকাৰী বৰ্তমান আৰক্ষীৰ জিম্মাত, তদন্ত চলি আছে। ইফালে বাংলাদেশী নাগৰিক ৩০ বছৰীয়া আক্ৰমণকাৰী মহম্মদ শ্বাহজাদ ওৰফে বিজয় দাসে ছেইফ আলী খানৰ ঘৰত প্ৰৱেশ কৰাৰ কাৰণ দাঙি ধৰে আৰক্ষীৰ আগত।
চোৰ বিজয় দাসে কয় যে তেওঁ আৰ্থিক অসুবিধাৰ বাবে লুটিবলৈ চেষ্টা কৰিছিল কোনো ধনী মানুহৰ ঘৰ, যি ঘৰ অভিনেতা ছেইফৰ বুলি পাছতহে জানে। মাকৰ চিকিৎসাৰ বাবে টকাৰ প্ৰয়োজন হৈছিল বাবেই নামি পৰিছিল চোৰ বৃত্তিত। কাৰণ বিগত বছৰৰ ডিচেম্বৰ মাহত গৃহ পৰিচালনাৰ চাকৰিয়ো হেৰুৱাইছিল, যাৰ বাবে গভীৰ আৰ্থিক সংকটত পৰিছিল চোৰ বিজয় ওৰফে শ্বাহজাদ।
মহম্মদ শ্বাহজাদে চৰম দৰিদ্ৰতাৰ বাবে ছেইফ আলী খানৰ ঘৰটো লক্ষ্য কৰি লৈছিস, যাতে তেওঁ এজন ধনী ব্যক্তিৰ ঘৰ চুৰি কৰিব পাৰে। এই অপৰাধ সংঘটিত কৰাৰ পিছত তেওঁ বাংলাদেশলৈ পলায়ন কৰাৰ পৰিকল্পনা কৰা বুলিও আৰক্ষীৰ আগত প্ৰকাশ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















