১৯ বছৰৰ পাছত পুনৰ দৰ্শকৰ হৃদয় জয় কৰিবলৈ আহি আছে ‘শক্তিমান’- মুকেশ খান্নাৰ বিশেষ সদৰি
শক্তিমান বুলিলে তাৰ আৰু বেলেগ পৰিচয়ৰ প্ৰয়োজন নাই ভাৰতীয় লোকৰ বাবে। ৯০ দশকৰ সকলো ভাৰতীয়ৰে অতিকে প্ৰিয় ‘শক্তিমান’। সেই শক্তিমান আহি আছে পুনৰ বাৰ। ধাৰাবহিকখনৰ মুখ্য অভিনেতা মুখেশ খান্নাই নিজে সদৰি কৰে এই কথা।
১৯৯৭ চনত মুকলি হোৱা অতিকে জনপ্ৰিয় এই টিভি ধাৰাবাহিক শক্তিমান, যাৰ কামবেকৰ বাবে অনুৰাগীসকলে বহুদিনৰ পৰা অপেক্ষা কৰি আছিল। সেই শক্তিমান আহি আছে। অভিনেতা মুকেশ খান্নাই তেখেতৰ নিজৰ ইনষ্টাগ্ৰাম আৰু ইউটিউব পেজত টিজাৰ আৰু পোষ্টাৰ শ্বেয়াৰ কৰি এই বিষয়ে সদৰি কৰে।
বহু প্ৰত্যাশিত ‘শক্তিমান’ৰ উভতি অহাৰ কথা ঘোষণা কৰি নিজৰ ইনষ্টাগ্ৰামত প্ৰথম পোষ্টাৰ আৰু টিজাৰ শ্বেয়াৰ কৰিছে মুকেশ খান্নাই। এই বিষয়ে শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘এতিয়া তেওঁৰ উভতি অহাৰ সময় আহি পৰিছে…আমাৰ প্ৰথম ভাৰতীয় ছুপাৰ টিচাৰ-ছুপাৰ হিৰো…হয়!’
পোষ্টটো শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীসকলেও কমেণ্ট ছেকচনত নিজৰ উত্তেজনা প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে। এজন ব্যৱহাৰকাৰীয়ে পুৰণি কথা মনত কৰি লিখিছে, এই অনুষ্ঠান চাবলৈ মই বহুবাৰ স্কুল মিছ কৰিছো। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, Waiting sir, আটাইতকৈ শক্তিশালী প্ৰথম ছুপাৰহিৰো আমাৰ শক্তিমান।
উল্লেখ্য যে, ভাৰতৰ এই গৰাকী ছুপাৰ হিৰোৰ ধাৰাবাহিক শক্তিমান ১৯৯৭ চনৰ ১৩ ছেপ্টেম্বৰৰ পৰা ২০০৫ চনৰ ২৭ মাৰ্চলৈকে ডি ডি নেচনেলত সম্প্ৰচাৰিত হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ