ছলমান খানৰ ঘৰৰ সমুখত গুলিচালনা কৰা দুৰ্বৃত্তবৰ আ**ত্যা, আনহাতে সিদ্ধু মুছেৱালা ঘটনাৰ মাষ্টাৰ মাইণ্ড নিহত
বলীউডৰ ভাইজান ছলমান খানৰ ঘৰৰ সমুখত গুলিচালনাৰ ঘটনা সংঘটিত কৰৈ দুই দুৰ্বৃত্তৰ এগৰাকীয়ে আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে আত্ম*ত্যাৰ চেষ্টা কৰে। ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
আনহাতে প্ৰসিদ্ধ পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডী বৰাড়ৰ মৃত্যু। আমেৰিকাত দুৰ্বৃত্তই গুলিয়াই হত্যা কৰে গোল্ডী বৰাড়ক।
অভিনেতা ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ ঘটনাৰে নাম সাঙোৰ খোৱা এজন অভিযুক্তই ল’লে চৰম সিদ্ধান্ত। গুলীচালনাৰ সৈতে জড়িত দুই অস্ত্ৰ যোগানকাৰীক গ্ৰেপ্তাৰ কৰিছিল মুম্বাই আৰক্ষীয়ে। ইয়াৰে অনুজ থাপন নামৰ অভিযুক্তগৰাকীয়ে আৰক্ষীৰ জিম্মাত চৰম সিদ্ধান্ত গ্ৰহণ কৰে।
১৪ এপ্ৰিলত অনুজ থাপনে বলীউডৰ অভিনেতাগৰাকীৰ ঘৰৰ বাহিৰত গুলী চলাবলৈ ব্যৱহাৰ কৰা অস্ত্ৰ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছিল। ২৬ এপ্ৰিলত পঞ্জাৱৰ পৰা গ্ৰেপ্তাৰ কৰিছিল অনুজ থাপনক।
বিপৰীতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কুখ্যাত গেংষ্টাৰ গোল্ডি বৰাড়ৰ মৃত্যুৰ খবৰ। দাবী কৰা হৈছে যে আমেৰিকাত লৰেন্স গেঙৰ অন্যতম অপাৰেটিভ গোল্ডীক গুলীয়াই হত্যা কৰা হৈছে। সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে তেওঁৰ প্ৰতিদ্বন্দ্বী চক্ৰ দল্লা-লখবীৰে গোল্ডীৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে।
অৱশ্যে গোল্ডি বৰাড়ৰ মৃত্যু এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই। সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মূল সন্দেহযুক্ত হিচাপে পঞ্জাৱ আৰক্ষীৰ লগতে আন ৰাজ্যৰ আৰক্ষীয়েও বিচাৰিছিল গোল্ডি বৰাড়ক। মন কৰিবলগীয়া যে কিছুদিনৰ আগতে গোল্ডীক কেন্দ্ৰীয় চৰকাৰে আতংকবাদী বুলি ঘোষণা কৰিছিল। ভাৰতৰ লগতে কানাডাতো মোষ্ট ৱাণ্টেড আছিল গোল্ডী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ