বিলাসী বাহন এৰি লোকেল টেক্সিত ছলমান খান, পাছে কিয় ?
ত্যন্ত ধনী বলীউডৰ ভাইজান তথা ছলমান খানৰ হাতত ইমান টকা আছে যে তেওঁ নিমিষতে যিকোনো দামী গাড়ী কিনিব পাৰে। ছলমান খানৰ বহু বিলাসী গাড়ীয়ো আছে। বিশেষকৈ লৰেন্স বিষ্ণয় গেঙৰ পৰা ভাবুকি পোৱাৰ পাছৰে পৰা তেওঁ বুলেট প্ৰুফ বাহনত ঘূৰি ফুৰে।
অভিনেতাৰ নিৰাপত্তাৰ সন্দৰ্ভত কোনো অসাৱধানতা নাই। তেনে স্থলত বৰ্তমানে ছ’চিয়েল মিডিয়াত ছলমান খানৰ এনে এটা ভিডিঅ’ পোহৰলৈ আহিছে, যি দেখি সকলোৱে আচৰিত হৈ পৰিছে।
কিয়নো ভিডিঅ’টোত ছলমান খানক দামী বিলাসী গাড়ী এৰি মুম্বাইৰ বিখ্যাত ক’লা হালধীয়া ৰঙৰ টেক্সিত ঘূৰি ফুৰা দেখা গৈছে। এই ভিডিঅ’টোত ছলমান খানক বস্তিৰ দৰে ঠাইত দেখা গৈছে।
টেক্সিৰ চালকৰ কাষৰ চিটত বহি থকা দেখা গৈছে অভিনেতাগৰাকী। ছলমান খানৰ লগতে দুখন অন্য টেক্সিয়ো দেখা গৈছে। য’ত ছলমানৰ সুৰক্ষাকৰ্মী থকাৰ দৰে দেখা গৈছে। পাছে অভিনেতাগৰাকী কিয় তেনেদৰে টেক্সীত ঘুৰি ফুৰিছে !
ইয়াৰ কাৰণো পোহৰলৈ আহিছে। ছলমান খানে তেনেকৈয়ে টেক্সিত বহি থকাৰ কাৰণ তেঁওৰ আহিবলগীয়া পৰৱৰ্তী চিনেমা। চিনেমাৰ শ্বুটিঙত তেনেদৰে টেক্সীত আহিছিল ছলমান খান। সেই দৃশ্যই এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
খবৰ অনুসৰি এই ভিডিঅ’টো ‘চিকন্দৰ’ ছবিৰ শ্বুটিঙৰ। ছলমানত টেক্সিত যাত্ৰা কৰি এটা বস্তি অঞ্চললৈ যোৱা দেখা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ