অৱশেষত নাগা চৈতন্যৰে বিচ্ছেদ হোৱাৰ কাৰণ প্ৰকাশ কৰিছে দক্ষিণ জনপ্ৰিয় অভিনেত্ৰী চামান্থাই৷
উল্লেখ্য যে ২০১৯ চনত দক্ষিণৰ চুপাৰষ্টাৰ নাগাৰ্জুনৰ পুত্ৰ তথা অভিনেতা নাগা চৈতন্যৰ সৈতে প্ৰেমত পৰি বিবাহপাশত আৱদ্ধ হৈছিল অভিনেত্ৰী চামান্থা৷
বিবাহৰ পিছতে তেতিয়াৰ স্বামী নাগাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল চামান্থা৷ চামান্থাই প্ৰকাশ কৰিছিল অভিনয় জীৱনটো শূণ্যৰ পৰা আৰম্ভ হ’লেও কেৱল স্বামী নাগাৰ বাবেই বাবেই তেওঁৰ অভিনয় জীৱনটো লাহে লাহে সফল হৈছিল৷
কিন্তু নাগাই ইমানখিনি সমৰ্থন আৰু সহযোগ কৰাৰ পিছতো কিয় নাগাৰে বিচ্ছেদ ঘটিল চামান্থাৰ?
এই প্ৰশ্নৰ উত্তৰ দিছে চামান্থাই৷ চামান্থাই প্ৰকাশ কৰা মতে নাগাই প্ৰথমা পত্নীৰ স্মৃতি পাহৰি যাব নোৱাৰাৰ বাবেই তেওঁলোকৰ সম্পৰ্কত জটিলতাৰ সৃষ্টি হৈছিল৷
চামান্থাৰ মতে নাগাই তেওঁক চুম্বন কৰাৰ সময়তো প্ৰথমা পত্নীয়ে তেওঁলোকৰ মাজত থাকে! নাগাৰ এই প্ৰথমা পত্নী কোন? চামান্থাই নিজেই ক’লে নাগাৰ প্ৰথমা পত্নী কোন!
‘‘চৈতন্যৰ প্ৰথম পত্নী হ’ল গাৰু৷ তেওঁ মোৰ সৈতে চুম্বন কৰিবলৈ আহিলেই আমাৰ মাজত গাৰুটো আহে৷’’ চামান্থাই কয়৷
ইয়াৰ পিছতে চামান্থাই কয় যে ‘‘এই বিষয়ে মই বহুত কথা ক’লো৷ মই নাভাবো যে আমি ইয়াতকৈ বেছি কোৱা উচিত৷’’
উল্লেখ্য যে প্ৰায় তিনিটা বছৰৰ একেলগে থকাৰ অন্তত যোৱা বছৰৰ অক্টোবৰত চামান্থাই নাগা চৈতন্যৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ