মন গ’লেই প্ৰেমত পৰিব পাৰে, মন গ’লেই এবুকু হেপাঁহেৰে আপুনি আলিংগন কৰিব পাৰে আপোনজনক৷ আনন্দ অথবা সুখবোধৰ প্ৰতীক আলিংগন৷ আজি আলিংগন দিৱস৷
ভেলেন্টাইন উইকৰ এইটো দিনটো বিশেষভাৱে উল্লেখযোগ্য প্ৰেমিক যুগলৰ বাবে৷ কাৰণ এই দিনকেইটাত ভিন্ন ধৰণেৰে প্ৰেমেৰে আৱৰি ৰখা হয় আপোনজনক৷
নিচাৰ দৰেই প্ৰেম হৈছে এক আসক্তি৷ মনোবিজ্ঞানীৰ মতে, প্ৰেমত মত্ত হৈ থকা আৰু ড্ৰাগ সেৱন কৰা এই দুয়োটাই মন-মগজুক একেধৰণেৰে প্ৰভাৱিত কৰে। দুয়োটাৰ ক্ষেত্ৰতে আমাৰ মগজুৱে ড’পামিন নামৰ এক যৌগ পদাৰ্থ ভিতৰত প্ৰবাহিত হয়। যিয়ে আমাক মাতাল অনুভৱ কৰায়।
কাৰোবাক ভাল পোৱাটোত মগজুৰ স্নায়ৱিক প্ৰভাৱ থাকে। সেইকাৰণে হয়তো কোৱা হয় প্ৰেম অন্ধ।
আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে ৰোমান্টিক ডেটত যোৱা দম্পতীসকলে এখন সৰু ঘূৰণীয়া মেজত বহি প্ৰেমালাপ কৰে। কিয় কাৰোবাক ৰঙা গোলাপ দি প্ৰেম প্ৰকাশ কৰা হয়?
প্ৰকৃততে ফুলক প্ৰেম তথা উৰ্বৰতাৰ প্ৰতীক বুলিও গণ্য কৰা হয়৷ ৰাণী ভিক্টোৰিয়াৰ সময়ত মানুহে গোলাপ দি নিজৰ অনুভূতি প্ৰকাশ কৰিছিল। তেতিয়াৰে পৰাই ৰহা গোলাপ দিয়াৰ পৰম্পৰা চলি আহিছে। আৰু এতিয়াও প্ৰেমৰ প্ৰতীক হিচাপে এই ৰঙা গোলাপকেই গণ্য কৰি অহা হৈছে৷ সেয়ে প্ৰেমৰ প্ৰতীক ৰঙা হয়তো ৰঙা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ