জনপ্ৰিয় অভিনেত্ৰী সামন্থা ৰুথ প্ৰভু পুনৰবাৰ ছ’চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আজি ছবিগৃহত মুক্তি পাইছে অভিনেত্ৰীগৰাকীৰ ছবি ‘মা ইংতি বংগৰাম’। এই ছবিখনৰ প্ৰচাৰত অভিনেত্ৰীগৰাকীক দেখা পাই অনুৰাগীৰ মাজত বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। অভিনেত্ৰীগৰাকীক দেখি অনুৰাগীয়ে ভাবিছে যে তেওঁ মাতৃ হ’বলৈ ওলাইছে।
সামন্থাৰ গৰ্ভধাৰণৰ উৰাবাতৰিয়ে সকলোকে আচৰিত কৰি আহিছে। হালধীয়া ৰঙৰ শাৰী পিন্ধি সামান্থাক অলপ বেলেগ ধৰণে দেখা গৈছিল। বহুতে তেওঁৰ সৌন্দৰ্যক প্ৰশংসা কৰিছে যদিও একাংশ অনুৰাগীয়ে নৱবিবাহিত অভিনেত্ৰীগৰাকী গৰ্ভৱতী নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে। নেটিজেনসকলে তেওঁৰ ‘বেবী বাম্প’ বা গৰ্ভাৱস্থাৰ ওপৰত বহুতো প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু ইয়াৰ বিপৰীতে সামান্থা বা ৰাজ নিধিমৰুই গৰ্ভধাৰণ সন্দৰ্ভত কোনো কথা নিশ্চিত কৰা নাই।
শেহতীয়াকৈ হায়দৰাবাদত তেওঁৰ আগন্তুক তেলেগু ছবি ‘মা ইংতি বংগৰাম’ৰ প্ৰচাৰ অনুষ্ঠানত দেখা গৈছিল। ছ’চিয়েল মিডিয়াত হালধীয়া ৰঙৰ শাৰী পিন্ধা ফটো আৰু ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে এই চৰ্চা আৰম্ভ হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













