অসম লাইভ ২৪ঃ পিতৃ-মাতৃ কর্মৰত আছিল অসমৰ ডিগবৈত। ডিগবৈত কর্মৰত পিতৃ-মাতৃৰ সুযোগ্য সন্তান NRI সমীৰ বেনার্জীয়ে জয় কৰিবলৈ সক্ষম হ’ল WIMBLEDONৰ খিতাপ। ভাৰতীয় মূলৰ আমেৰিকাৰ ১৭ বছৰীয়া খেলুৱৈগৰাকীয়ে আমেৰিকাৰেই ভিক্টৰ লিলভক ৭-৫, ৬-৩ ছেটত পৰাস্ত কৰি WIMBLEDONৰ জুনিয়ৰ খিতাপ জয় কৰিবলৈ সক্ষম হয়। ১ ঘণ্টা ২২ মিনিটৰ তীব্ৰ উত্তেজনাপূর্ণ মেচখনত সুন্দৰ প্ৰদর্শনেৰে প্ৰথম দুয়োটা ছেটেই নিজৰ দখললৈ আনি WIMBLEDONৰ জুনিয়ৰ খিতাপ নিজৰ নাম কৰে সমীৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ