অসম লাইভ ২৪ঃ সমুখৰ পৰা নেতৃত্ব দি ৰাজ্যত বিজেপিক শাসনৰ গাদীত বহুওৱা সৰ্বানন্দ সোণোৱালে দেওবাৰে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে। স্বভাৱসুলভ হাঁহিটো মুখত লৈয়ে সতীর্থ হিমন্ত বিশ্ব শর্মাক চমজাই দিলে ৰাজ্যৰ দায়িত্ব। এতিয়া কেৱল মাজুলীৰ বিধায়ক হৈ ৰ’ল সর্বানন্দ সোণোৱাল। ২০১৪ চনৰ লোকসভা নির্বাচনত একক প্ৰচেষ্টাৰে বিজেপিক অসমৰ পৰা ৭খন আসনত বিজয়ী কৰায়েই ৰাজ্যত বিজেপিৰ স্থিতি সবল ৰূপত প্ৰতিষ্ঠা কৰাইছিল সর্বানন্দ সোণোৱালে। সেইবাৰেই মোদী মন্ত্ৰীসভাত স্থান পাইছিল সর্বানন্দ সোণোৱালে। তাৰপাছত, ২০১৬ চনৰ বিধান সভা নির্বাচনত সোণোৱালক সমুখত লৈ ৰাজ্যত বিজেপি নির্বাচনত অৱতীর্ণ হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৎকালীন নির্বাচনী প্ৰচাৰত সর্বানন্দ সোণোৱালক প্ৰশংসাৰে ওপচাই দিছিল। একক সংখ্যাগৰিষ্ঠতাৰে শাসনলৈ আহিছিল বিজেপি। মুখ্যমন্ত্ৰীৰ আসনত বহি দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছিল সর্বানন্দ সোণোৱালে। এপিএছচি কেলেংকাৰিৰ পুলিয়ে পোখাই উভলাৰ চেষ্টাত অৱতীর্ণ হৈছিল সর্বানন্দ সোণোৱাল। তদুপৰি তেওঁৰ শাসনকালত সংঘটিত প্ৰতিটো দুর্নীতি অনিয়মৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল সোণোৱালে। শেহতীয়াকৈ সংঘটিত এছ আই পৰীক্ষা কেলেংকাৰিত দলৰ কর্মীকো ৰঙা ঘৰৰ বাট দেখুৱাইছিল এইগৰাকী মুখ্যমন্ত্ৰীয়ে। নিকা ভাৱমূর্তি অক্ষুণ্ণ ৰাখি পাঁচবছৰ সফলতাৰে চৰকাৰ চলোৱাৰ অন্তত দেওবাৰে নিজৰ পদবীৰ পৰা হাঁহি হাঁহি বিদায় ল’লে সোণোৱালে। এতিয়া কেনেদৰে সংস্থাপিত হ’ব এইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী? ৰাজনৈতিক বিশ্লেষকসকলৰ পূর্বানুমান অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীলৈ ঘূৰাই নিব তেওঁৰ হীৰা টুকুৰাক। কেনেকৈ পুনৰ দিল্লীলৈ যাব পাৰে সোণোৱাল? পানেৰী সমষ্টিৰ পৰা বিধানসভালৈ নির্বাচিত হৈছে বিশ্বজিৎ দৈমাৰী। ফলত ৰাজ্যসভাত খালি হৈছে অসমৰ এখন আসন। যিহেতু দৈমাৰী হ’ল ৰাজ্যসভাৰ সাংসদ। খালি হোৱা এই আসনখনত বিজয়ী হৈ দিল্লীলৈ যাব পাৰে সর্বানন্দ সোণোৱাল। আৰু মোদী মন্ত্ৰী সভাত গুৰুত্বপূর্ণ দপ্তৰ লাভ কৰাৰ সম্ভাৱনা। কিন্তু এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি দিল্লীলৈ যাবলৈ আগ্ৰহী নহয় সর্বানন্দ সোণোৱাল। ইয়াৰ পৰিৱর্তে ৰাজ্যত থাকিয়েই সেৱা আগবঢ়াব বিচাৰে তেওঁ। সেয়ে হ’লেও এক সন্মানীয় স্থানত থাকিব সর্বানন্দ সোণোৱাল। সালসলনি হ’ব পাৰে বিজেপিৰ ৰাজ্যিক সভাপতি। প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাস পাটাচাৰকুছি সমষ্টিৰ পৰা বিধায়ক নির্বাচিত হৈছে। দলৰ সভাপতি হিচাপে তেওঁ শর্মা চৰকাৰত বিশেষ পদবী লাভ কৰাৰ সম্ভাৱনা আছে। তেতিয়া খালি হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি পদ। ছাত্ৰকালৰে পৰা সুসংগঠক সর্বানন্দ সোণোৱালক ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব অর্পণ কৰিব পাৰে দলে। মুঠতে এতিয়া সকলো জল্পনা। দুই এদিনতে স্পষ্ট হ’ব দৃশ্যপট। মৰাণৰ পৰা প্ৰথমবাৰ বিধান সভালৈ নির্বাচিত চাবুৱাৰ বিন্ধাকটা মুলুকগাঁৱৰ কুকৈয়ে ডিব্ৰুগড়, লখিমপুৰ হৈ দিল্লীৰ মছনদত ভূমুকি মাৰি মাজুলীৰ পৰা ২০১৬ চনত নির্বাচিত হৈ বহিছিলহি মুখ্যমন্ত্ৰীৰ গাদীত। আৰু দেওবাৰে নতুন মুখ্যমন্ত্ৰীক হাঁহিমুখে দায়িত্ব সঁপি হাত জোকাৰি ৰাজ্যবাসীক অন্য এক ইংগিত দি এটা সফল কার্যকালৰ সামৰণি মাৰিলে সর্বানন্দ সোণোৱালে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















