• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাত জোকাৰি বিদায় সৰ্বানন্দ সোণোৱালৰ

হাত জোকাৰি বিদায় সৰ্বানন্দ সোণোৱালৰ

5 years ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

5 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

6 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

7 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

7 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

8 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

8 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

9 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

9 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

10 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

11 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

11 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হাত জোকাৰি বিদায় সৰ্বানন্দ সোণোৱালৰ

editor by editor
May 9, 2021
in অসম, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
হাত জোকাৰি বিদায় সৰ্বানন্দ সোণোৱালৰ
0
SHARES
534
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সমুখৰ পৰা নেতৃত্ব দি ৰাজ্যত বিজেপিক শাসনৰ গাদীত বহুওৱা সৰ্বানন্দ সোণোৱালে দেওবাৰে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে। স্বভাৱসুলভ হাঁহিটো মুখত লৈয়ে সতীর্থ হিমন্ত বিশ্ব শর্মাক চমজাই দিলে ৰাজ্যৰ দায়িত্ব। এতিয়া কেৱল মাজুলীৰ বিধায়ক হৈ ৰ’ল সর্বানন্দ সোণোৱাল। ২০১৪ চনৰ লোকসভা নির্বাচনত একক প্ৰচেষ্টাৰে বিজেপিক অসমৰ পৰা ৭খন আসনত বিজয়ী কৰায়েই ৰাজ্যত বিজেপিৰ স্থিতি সবল ৰূপত প্ৰতিষ্ঠা কৰাইছিল সর্বানন্দ সোণোৱালে। সেইবাৰেই মোদী মন্ত্ৰীসভাত স্থান পাইছিল সর্বানন্দ সোণোৱালে। তাৰপাছত, ২০১৬ চনৰ বিধান সভা নির্বাচনত সোণোৱালক সমুখত লৈ ৰাজ্যত বিজেপি নির্বাচনত অৱতীর্ণ হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৎকালীন নির্বাচনী প্ৰচাৰত সর্বানন্দ সোণোৱালক প্ৰশংসাৰে ওপচাই দিছিল। একক সংখ্যাগৰিষ্ঠতাৰে শাসনলৈ আহিছিল বিজেপি। মুখ্যমন্ত্ৰীৰ আসনত বহি দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছিল সর্বানন্দ সোণোৱালে। এপিএছচি কেলেংকাৰিৰ পুলিয়ে পোখাই উভলাৰ চেষ্টাত অৱতীর্ণ হৈছিল সর্বানন্দ সোণোৱাল। তদুপৰি তেওঁৰ শাসনকালত সংঘটিত প্ৰতিটো দুর্নীতি অনিয়মৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল সোণোৱালে। শেহতীয়াকৈ সংঘটিত এছ আই পৰীক্ষা কেলেংকাৰিত দলৰ কর্মীকো ৰঙা ঘৰৰ বাট দেখুৱাইছিল এইগৰাকী মুখ্যমন্ত্ৰীয়ে। নিকা ভাৱমূর্তি অক্ষুণ্ণ ৰাখি পাঁচবছৰ সফলতাৰে চৰকাৰ চলোৱাৰ অন্তত দেওবাৰে নিজৰ পদবীৰ পৰা হাঁহি হাঁহি বিদায় ল’লে সোণোৱালে। এতিয়া কেনেদৰে সংস্থাপিত হ’ব এইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী? ৰাজনৈতিক বিশ্লেষকসকলৰ পূর্বানুমান অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীলৈ ঘূৰাই নিব তেওঁৰ হীৰা টুকুৰাক। কেনেকৈ পুনৰ দিল্লীলৈ যাব পাৰে সোণোৱাল? পানেৰী সমষ্টিৰ পৰা বিধানসভালৈ নির্বাচিত হৈছে বিশ্বজিৎ দৈমাৰী। ফলত ৰাজ্যসভাত খালি হৈছে অসমৰ এখন আসন। যিহেতু দৈমাৰী হ’ল ৰাজ্যসভাৰ সাংসদ। খালি হোৱা এই আসনখনত  বিজয়ী হৈ দিল্লীলৈ যাব পাৰে সর্বানন্দ সোণোৱাল। আৰু মোদী মন্ত্ৰী সভাত গুৰুত্বপূর্ণ দপ্তৰ লাভ কৰাৰ সম্ভাৱনা। কিন্তু এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি দিল্লীলৈ যাবলৈ আগ্ৰহী নহয় সর্বানন্দ সোণোৱাল। ইয়াৰ পৰিৱর্তে ৰাজ্যত থাকিয়েই সেৱা আগবঢ়াব বিচাৰে তেওঁ। সেয়ে হ’লেও এক সন্মানীয় স্থানত থাকিব সর্বানন্দ সোণোৱাল। সালসলনি হ’ব পাৰে বিজেপিৰ ৰাজ্যিক সভাপতি। প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাস পাটাচাৰকুছি সমষ্টিৰ পৰা বিধায়ক নির্বাচিত হৈছে। দলৰ সভাপতি হিচাপে তেওঁ শর্মা চৰকাৰত বিশেষ পদবী লাভ কৰাৰ সম্ভাৱনা আছে। তেতিয়া খালি হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি পদ। ছাত্ৰকালৰে পৰা সুসংগঠক সর্বানন্দ সোণোৱালক ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব অর্পণ কৰিব পাৰে দলে। মুঠতে এতিয়া সকলো জল্পনা। দুই এদিনতে স্পষ্ট হ’ব দৃশ্যপট। মৰাণৰ পৰা প্ৰথমবাৰ বিধান সভালৈ নির্বাচিত চাবুৱাৰ বিন্ধাকটা মুলুকগাঁৱৰ কুকৈয়ে ডিব্ৰুগড়, লখিমপুৰ হৈ দিল্লীৰ মছনদত ভূমুকি মাৰি মাজুলীৰ পৰা ২০১৬ চনত নির্বাচিত হৈ বহিছিলহি মুখ্যমন্ত্ৰীৰ গাদীত। আৰু দেওবাৰে নতুন মুখ্যমন্ত্ৰীক হাঁহিমুখে দায়িত্ব সঁপি হাত জোকাৰি ৰাজ্যবাসীক অন্য এক ইংগিত দি এটা সফল কার্যকালৰ সামৰণি মাৰিলে সর্বানন্দ সোণোৱালে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24sarbananda sonowal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ
জীৱনশৈলী

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

February 21, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

February 21, 2026
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

February 21, 2026
Next Post
এক দুই তিনি চাৰিৰ পৰা মুখ্যমন্ত্ৰীলৈ

এক দুই তিনি চাৰিৰ পৰা মুখ্যমন্ত্ৰীলৈ

কেনেদৰে সংস্থাপিত হ’ব সর্বানন্দ সোণোৱাল?

কেনেদৰে সংস্থাপিত হ’ব সর্বানন্দ সোণোৱাল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.