২৯ জুনত কুম্ভত বক্ৰী হ’ব শনি৷ ১৫ নৱেম্বৰ পৰ্যন্ত এই অৱস্থাতেই শনি বিৰাজ কৰিব৷ পাঁচ মাহ শনিৰ এই বক্ৰী দশাৰ কাৰণে সিংহসহ কেইটামান ৰাশিৰ জীৱনত প্ৰতিকূল প্ৰভাৱ পৰিব৷ জ্যোতিষ অনুসৰি শনি বক্ৰী বা ওলোটা গতিত বিচৰণ কৰিলে তাৰ প্ৰতিকূল প্ৰভাৱ বৃদ্ধি পায়৷ ইয়াৰ ফলত বেছ কিছু ৰাশিৰ ব্যক্তিগত আৰু পেছাগত জীৱনত নানান সমস্যা উৎপন্ন হয়৷ আনকি পাৰিবাৰিক আৰু দাম্পত্য জীৱনতো উঠানমা থাকিব৷ শনিৰ বক্ৰী দশা কোন কোন ৰাশিৰ জাতকৰ বাবে অশুভ জানি থওক সবিশেষ৷
মিথুন ৰাশি
মিথুন ৰাশিৰ নৱম স্থানত বক্ৰী গতিত বিচৰণ কৰিব শনিয়ে৷ এই সময়ত আপোনাৰ মনত আত্মবিশ্বাসৰ অভাৱে দেখা দিব৷ মান সন্মান কমাৰ সম্ভাৱনা আছে৷ চাকৰিয়াল জাতকৰ কৰ্মক্ষেত্ৰত কিছু সমস্যা উৎপন্ন হ’ব পাৰে৷ কিছু সুবৰ্ণ সুযোগ হাতলৈ আহিব এই ৰাশিৰ জাতকৰ৷ ব্যৱসায়ীসকলে লাভ অৰ্জনৰ বাবে কঠিন পৰিশ্ৰম কৰিব লাগিব৷ দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে কথাৰ কটাকটি হ’ব পাৰে৷ ইয়াৰ ফলত মানসিক অৱসাদৰ মুখামুখি হ’ব৷
সিংহ ৰাশি
সপ্তম স্থানত বক্ৰী হ’ব শনি৷ সিংহ ৰাশিৰ জাতকে আৰ্থিক লেনদেনৰ পৰা বিৰত থাকক৷ নিজৰ গোপন কথা কাকোৱেই নজনাব৷ মানহানিও হ’ব পাৰে৷ এই ৰাশিৰ ব্যৱসায়ীসকলে সতৰ্ক হৈ থাকক৷ ব্যৱসায়ত সফলতা নাহে৷ কামৰ কাৰণে অধিক কষ্ট কৰিব লাগিব৷ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব৷ আৰ্থিক বিষয়ত ভাৱিচিন্তি পদক্ষেপ লোৱাৰ পৰামৰ্শ দিয়া হৈছে৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ চতুৰ্থ স্থানত বক্ৰী হ’ব শনি৷ ব্যয় পুৰণৰ বাবে ঋণ ল’ব পাৰে৷ আপোনাৰ ওপৰত কামৰ চাপ বাঢ়িব৷ এই ৰাশিৰ কিছু জাতকে চাকৰি হেৰুৱাব পাৰে৷ চাকৰি পৰিবৰ্তনৰ চিন্তাভাৱনা কৰি থকাসকলে অপেক্ষা কৰক৷ বিবাদ এৰাই চলক৷ প্ৰেম জীৱনত বিবাদ এৰুৱাই চলক৷ প্ৰেম জীৱনত সংগীৰ প্ৰতি অতি সংবেদনশীল হোৱাৰ বাবে সম্পৰ্কত বিভেদ আহিব পাৰে৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ লগ্ন স্থানত শনিৰ বক্ৰী দশা থাকিব৷ স্বাস্থ্যৰ বিশেষ যত্ন লওক৷ আইনী গোচৰৰ পৰা আঁতৰি থাকক৷ কেৰিয়াৰত অনাকাংশিত পৰিস্থিতিৰ মুখামুখি হ’ব পাৰে৷ কৰ্মক্ষেত্ৰত উঠানমা থাকিব৷ ব্যৱসায়ীসকলে লেনদেনত সতৰ্ক হৈ থাকক৷ আপোনাৰ চেষ্টাত কোনো ত্ৰুটি থাকিব, যাৰ বাবে প্ৰতিদ্বন্দ্বীসকলে কাঢ়া টক্কৰ দিব পাৰে৷ পাৰিবাৰিক জীৱনত উঠানমা থাকিব৷ মানসিক অৱসাদৰ মুখামুখি হ’ব৷
মীন ৰাশি
জ্যোতিষ গণনা অনুসৰি মীন ৰাশিৰ দ্বাদশ স্থানত বক্ৰী হ’ব শনি৷ অনিচ্ছাসত্ত্বেও কিছু ব্যয় কৰিব লাগিব৷ ইয়াৰোপৰি অযথা যাত্ৰা কৰিব লগা হ’ব মীন ৰাশিৰ জাতক৷ পেছাগত আৰু ব্যক্তিগত জীৱনত চেষ্টা কৰা সত্ত্বেও সাফল্য নাপাব৷ দাম্পত্যত সম্পৰ্কত সমস্যা উৎপন্ন হ’ব পাৰে৷ ইয়াৰ সমাধানত অসফল হ’ব৷ পিতৃৰ সৈতে কোনো কাৰণত বিবাদ হ’ব পাৰে৷ ইয়াৰ ফলত পৰিয়ালত পৰিবেশ নষ্ট হ’ব৷ সম্পৰ্কত ফাঁট মেলিব পাৰে৷ বন্ধুৰ কোনো গোপন কথা নকব অন্যথা মানহানি হ’ব পাৰে আপোনাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ