জ্যোতিষশাস্ত্ৰত শনিদেৱক ন্যায়বিচাৰৰ দেৱতা আৰু কৰ্মফলৰ দাতা হিচাপে বিবেচনা কৰা হয়৷ তাৰ প্ৰভাৱত মানুহৰ জীৱনলৈ শৃঙ্খলা আৰু কঠোৰ পৰিশ্ৰম কৰিবলগীয়া অৱস্থা আছে৷ জ্যোতিষশাস্ত্ৰ অনুসৰি ২৭ জুলাইত শনিদেৱ বক্ৰী হব৷ মীন ৰাশিত শনি বক্ৰী হব৷ এই বক্ৰী পৰ্যায় ১১ ডিচেম্বৰ পৰ্যন্ত স্থায়ী হব৷ এই মুঠ সময়কাল হ’ব ১৩৮ দিন৷ দীপাৱলি উৎসৱো প্ৰায় ১৩৮ দিনৰ সময়কালৰ ভিতৰতেই পৰিব৷ জ্যোতিষীয়ে ভৱিষ্যদ্বাণী কৰিছে যে শনিৰ এই বক্ৰী গতি তিনিটা নিৰ্দিষ্ট ৰাশিৰ বাবে শুভ হব পাৰে৷ জানি থওক ভাগ্যবান ৰাশি কি কি?
মেষ ৰাশি
বক্ৰী শনিয়ে সমস্ত সমস্যাৰ সমাধান কৰিব৷ এই সময়ত পৰিস্থিতি অনুকূলে থাকিব৷ মেষ ৰাশিৰ জাতক জাতিকাই তেওঁলোকৰ চাকৰি আৰু ব্যৱসায় উভয় ক্ষেত্ৰতেই উন্নতি দেখা পাব৷ টকা কৰোবাত ৰৈ থাকিলে ২৭ জুলাইৰ ভিতৰত এই সমস্যাৰ সমাধান হব৷ অপচয়মূলক খৰচ নিয়ন্ত্ৰনলৈ আহিব৷ দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে আৰু অতিৰিক্ত আৰ্থিক লাভৰো ইংগিত আছে৷ দ্ৰুত আৰু সহজে অৰ্থ উপাৰ্জনৰ প্ৰলোভন পৰিহাৰ কৰক৷
কৰ্কট ৰাশি
শনি গ্ৰহৰ বক্ৰী গতিৰ প্ৰভাৱত কৰ্কট ৰাশিৰ ব্যৱসায়ীয়ে উল্লেখযোগ্য মুনাফা লাভ কৰিব৷ যিসকলে নতুন ব্যৱসায় বা ষ্টাৰ্টআপ আৰম্ভ কৰাৰ কথা ভাৱিছে তেওঁলোকৰ বাবে এই সময় অত্যন্ত শুভ সময়৷ পাৰিবাৰিক ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তিয়ে তেওঁলোকৰ কামৰ পৰিধি বঢ়োৱাৰ সুযোগ পাব৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকেও নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাৱিব পাৰে৷ এই সময়ত পৰিস্থিতি অনুকূলে থাকিব৷ মানসিক চাপ আৰু উদ্বেগ কমিব আৰু আপোনাৰ স্বাস্থ্যৰো উন্নতি ঘটিব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ তৃতীয় ঘৰত শনি বক্ৰী থাকিব৷ এই ৰাশিৰ জাতক জাতিকাৰ ১১ ডিচেম্বৰ পৰ্যন্ত সকলো প্ৰচেষ্টাতেই ইতিবাচক ফল লাভ হব৷ নতুন চাকৰিৰ প্ৰস্তাৱ আৰু ডাঙৰ কোম্পানীত কাম কৰাৰ সুযোগ পাব পাৰে৷ তেওঁলোকৰ আৰ্থিক অৱস্থাৰ উন্নতি হোৱাৰ সম্ভাৱন আছে৷ এই সময়ত মকৰ ৰাশিৰ জাতক জাতিকাৰ আত্মবিশ্বাস তুংগত থাকিব৷ মাটি, ঘৰ বা এপাৰ্টমেণ্টত কৰা বিনিয়োগ লাভজনক প্ৰমাণিত হব৷ এনে কিছু সুসংবাদো পাব পাৰে৷ যিয়ে মনোবল বঢ়াই দিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















