অসম লাইভ২৪ঃ ২৪ নৱেম্বৰত শতভিষা নক্ষত্ৰত প্ৰৱেশ কৰিছে শনিয়ে। শতভিষা নক্ষত্ৰৰ অধিপতি হৈছে ৰাহু। জ্যোতিষ শাস্ত্ৰ অনুসৰি শনি আৰু ৰাহুৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। ২৪ নৱেম্বৰৰ দুপৰীয়া ৩বাজি ৪মিনিটত শতভিষা নক্ষত্ৰত প্ৰৱেশ কৰিছে শনিয়ে। ৬ এপ্ৰিলৰ দুপৰীয়া ৩ বাজি ৫৫ মিনিটত এই নক্ষত্ৰই কৰ্মফলদাতাৰ স্থানতেই বিচৰণ কৰি থাকিব। বৰ্তমান ৰাহুৱে মীন আৰু শনিয়ে কুম্ভ ৰাশিত গোচৰ কৰিছে। নিজৰ মূল ত্ৰিকোণ ৰাশিত বিচৰণ কৰাৰ সময়তেই নক্ষত্ৰ পৰিবৰ্তন কৰিব শনিয়ে। নৱেম্বৰৰ শেষত শুক্ৰৰ সৈতে নৱম আৰু পঞ্চম যোগ তৈয়াৰ কৰিছে। এই যোগৰ ফলত কোন কোন ৰাশিৰ জাতক লাভৱান হ’ব জানেনে?
মেষ ৰাশি
শনিৰ নক্ষত্ৰ পৰিবৰ্তনৰ ফলত মেষ ৰাশিৰ জাতকৰ জীৱনত শুভ প্ৰভাৱ বৃদ্ধি পাব। কেৰিয়াৰ সংক্ৰান্তীয় শুভ ফলাফল লাভ কৰিব মেষ ৰাশিৰ জাতকে। সমস্ত ক্ষেত্ৰত সাফল্য লাভ কৰিব। আয়ৰ নতুন উৎস তৈয়াৰ হ’ব। বেংক বেলেন্স বাঢ়িব মেষ ৰাশিৰ জাতকৰ। পৰিয়ালত আনন্দৰ পৰিবেশ থাকিব। শনিৰ কৃপাত আধ্যাত্মিক কামত মনোনিৱেশ কৰিব পাৰিব। জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাব।
বৃষ ৰাশি
বৃৃষ ৰাশিৰ জাতকে কেৰিয়াৰত সাফল্য লাভ কৰিব। পৰিশ্ৰমৰ ফল লাভ কৰিব এই ৰাশিৰ জাতকে। ভাল আয় আহিব। বহুদিন ধৰি কোনো স্বাস্থ্যজনিত সমস্যাৰ সমাধান হ’ব। স্বাস্থ্যোন্নতি হ’ব এই ৰাশিৰ জাতকে। সমস্ত কামত বন্ধু আৰু পৰিয়ালৰ সদস্যৰ সমৰ্থন লাভ কৰিব। বিদেশ যাত্ৰাৰ পৰিকল্পনা থাকিলে সেই যাত্ৰাত সফল হ’ব।
সিংহ ৰাশি
শনিৰ আশীৰ্বাদত সফলতাৰ শীৰ্ষত থাকিব এই ৰাশিৰ জাতক। পাবলগীয়া ধন লাভ কৰিব। দাম্পত্য জীৱন সুখৰ হ’ব। সিংহ ৰাশিৰ ব্যৱসায়ীসকলে ব্যৱসায়ত প্ৰচুৰ মুনাফা অৰ্জন কৰিব। ব্যৱসায়ত পছন্দমতে সাফল্য লাভ কৰিব। চাকৰিত পদোন্নতিৰ যোগ আছে এই ৰাশিৰ জাতকৰ। ছাত্ৰসকলে এই সময়ত কোনো প্ৰতিযোগীতামূলক পৰীক্ষাত বহিলে ভাল ফল পাব।
মকৰ ৰাশি
শনিৰ শতভিষা নক্ষত্ৰৰ প্ৰৱেশত মকৰ ৰাশিৰ জাতকৰ হাতলৈ ধন আহিব। জীৱনত অৰ্থ উপাৰ্জনৰ একাধিক সুযোগ আহিব। লাভৰ যোগ। মকৰ ৰাশিৰ জাতকে পূৰ্বতকৈ বেছিকৈ ধন সঞ্চয় কৰিব পাৰিব। পৰিয়ালত কোনো নতুন সদস্যৰ আগমন ঘটিব। শনিৰ কৃপাত নতুন বছৰত বিবাহৰ যোগ আছে। শুভ ফল লাভ কৰিব।
কুম্ভ ৰাশি
কুম্ভ শনিৰ মূল ত্ৰিকোণ ৰাশি। নিজৰ ৰাশিত মাৰ্গী গতিত শনিয়ে বিচৰণ কৰিব। এই শক্তিশালী পৰিস্থিতিত নক্ষত্ৰ পৰিবৰ্তন কৰিব শনিয়ে। ইয়াৰ ফলত কুম্ভ ৰাশিত জাতকে সমস্ত ক্ষেত্ৰত পছন্দৰ ফলাফল লাভ কৰিব। কুম্ভ ৰাশিৰ জাতকৰ জীৱনত ইতিবাচক পৰিবৰ্তন আহিব।
পৰিয়ালৰ সদস্যৰ সহযোগিতাত মান সন্মান বৃদ্ধি পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















