অবিশ্বাস্য যেন লাগিলেও সঁচা, ৫০০ কেজি হ্ৰাস কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু বিশ্বৰ সবাতোকৈ শকত ব্যক্তিৰ
Fat to fit যাত্ৰা বিশ্বৰ অন্যতম শকত ব্যক্তিৰ , যি যাত্ৰাই এতিয়া আচৰিত কৰি তুলিছে বহু লোকক। ৫০০ কেজি ওজন হ্ৰাস কৰি সমগ্ৰ বিশ্বতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এজন লোক। নাম খালিদ বিন মহচেন শ্বৰী। পূৰ্বে ওজন আছিল ৬১০ কেজি, এতিয়া হ্ৰাস কৰি মাত্ৰ ৬৩.৫ কেজি।
দ্ৰুতগতিত বৃদ্ধি পোৱা ওজন নিয়ন্ত্ৰণ কৰি তাৰ পিছত হ্ৰাস কৰাটো সহজ নহয়। এবাৰ ওজন বৃদ্ধি হ’বলৈ আৰম্ভ কৰিলে ওজন কমাবলৈ কঠিন হৈ পৰে। চৌদি আৰৱত বাস কৰা আটাইতকৈ শকত ব্যক্তিজনেও একে সমস্যাত পৰিছিল। মেদবহুলতাৰ বাবে এটা সময়ত এনেকুৱা অৱস্থা আছিল যে তেওঁ নিজে বিছনাৰ পৰা উঠিবও পৰা নাছিল।
দৈনন্দিন গুৰুত্বপূৰ্ণ কামৰ বাবেও তেওঁ আনৰ ওপৰত নিৰ্ভৰশীল আছিল। এনে পৰিস্থিতিত আৰ্থিক সমস্যাতো ভুগিছিল মহচেন শ্বৰী। শেষত চৌদি ৰজাৰ সমৰ্থন লাভ কৰিছিল, মহচেন শ্বৰীয়ে ৫০০ কিলোগ্ৰাম ওজন কমাবলৈ সফল হয়।
২০১৩ চনত খালিদ বিন মহচেন শ্বাৰীৰ ওজন আছিল প্ৰায় ৬১০ কিলোগ্ৰাম। এই ওজনৰ বাবে তেওঁৰ অৱস্থা এনেকুৱা আছিল যে তেওঁ উঠি বহিবও নোৱাৰে। বিচনাতে সকলো সময় শুই থাকিবলৈ বাধ্য হৈ খালিদ বিন মহচেন শ্বাৰীয়ে দৈনন্দিন কামবোৰো নিজে কৰিব পৰা নাছিল। চৌদি আৰৱৰ প্ৰাক্তন ৰজা আব্দুল্লাই তেওঁৰ অৱস্থাৰ তথ্য লাভ কৰে। ৰজাই খালিদ বিন মহচেন শ্বাৰীক শীৰ্ষ শ্ৰেণীৰ চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে।
ওজন কমাবলৈ কৰা অস্ত্ৰোপচাৰৰ সময়ত প্ৰায় ৩০ জন চিকিৎসকে মহচেন শ্বৰীৰ বাবে চিকিৎসাৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল। চিকিৎসাৰ সময়ত খালিদৰ গেষ্ট্ৰিক বাইপাছ অস্ত্ৰোপচাৰ কৰা হৈছিল প্ৰথমে। তেওঁক কাষ্টমাইজড ডায়েটত ৰখা হৈছিল।
ব্যায়াম আৰু ফিজিঅ’থেৰাপিও দিয়া হৈছিল, যাৰ জৰিয়তে খালিদে প্ৰায় ৫০০ কিলোগ্ৰাম ওজন হ্ৰাস কৰাত সফল হয়। এতিয়া তেওঁৰ ওজন প্ৰায় ৬৩.৫ কিলোগ্ৰাম। মানুহে এতিয়া মহচেন শ্বৰীক The Smiling Man নামেৰে চিনি পায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















