দেশৰ সবাতোকৈ ধনাঢ্য মহিলাই এৰিলে কংগ্ৰেছৰ হাত
লোকসভা নিৰ্বাচন যিমানেই ওচৰ চাপি আহিছে সিমানেই সংকটে দেখা দিছে কংগ্ৰেছ দলটোত। নিত্য একোগৰাকীকৈ নেতাই দল এৰাৰ খবৰ তাৰ মাজতে আৰ্থিক অৱস্থাও বৰ্তমানে একেবাৰে তথৈৱচ ৰাষ্ট্ৰীয় দলটোৰ।
তাৰে মাজতে আহিছে আৰু এক খবৰ। এইবাৰ কংগ্ৰেছৰ হাত এৰিলে দেশৰ সবাতোকৈ ধনী মহিলা সাবিত্ৰী জিন্দালে। বুধবাৰে নিশা এক এক্স (টুইট)ৰ জৰিয়তে এই কথা সদৰি কৰে সাবিত্ৰী জিন্দালে।
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নেতাসকলে এটা দলৰ পৰা আন এটা দললৈ যোৱাৰ প্ৰক্ৰিয়া অব্যাহত আছে। শেহতীয়াকৈ কংগ্ৰেছ নেতা নবীন জিন্দালে দল ত্যাগ কৰি বিজেপিত যোগদান কৰে। নবীন জিন্দালৰ পাছত এইবাৰ তেখেতৰ মাতৃ সাবিত্ৰী জিন্দালেও কংগ্ৰেছ ত্যাগ কৰে।
কংগ্ৰেছ দলৰ হৈ ১০ বছৰে ধৰি হৰিয়ানাৰ হিছাৰ সমষ্টিৰ বিধায়ক তথা হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল সাবিত্ৰী জিন্দালে। ২০০৫ চনত বিমান দুৰ্ঘটনাত স্বামী তথা জিন্দাল গ্ৰুপৰ প্ৰতিষ্ঠাপক অ’ পি জিন্দালৰ মৃত্যুৰ পিছত ৰাজনীতিত নামিছিল সাবিত্ৰী জিন্দাল।
সেই বছৰে হিছাৰ সমষ্টিৰ পৰা হাৰিয়ানা বিধানসভালৈ নিৰ্বাচিত হৈছিল। ২০০৯ চনত হিছাৰৰ পৰা পুনৰ নিৰ্বাচনত জয়ী হৈছিল। ২০১৩ চনৰ অক্টোবৰ মাহত তেওঁক হাৰিয়ানা চৰকাৰত কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।
২০০৬ চনত তেওঁ নগৰীয়া স্থানীয় সংস্থা আৰু গৃহ নিৰ্মাণৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু ২০১৪ চনৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনত হিছাৰৰ পৰা পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল সাবিত্ৰী জিন্দাল।
তাৰ পাছতে এইবাৰ দল এৰাৰ সিদ্ধান্ত। দল এৰাৰ পাছৰ কাৰণ অৱশ্যে সদৰি হোৱা নাই বা জানিব পৰা হোৱা নাই। কোনোৱে যদি কৈছে দল এৰাৰ কাৰণ টিকট নোপোৱা কোনোৱে আকৌ কৈছে বিজেপিত যোগদান কৰিব সাবিত্ৰী জিন্দালে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















