শাওন মাহ চলি আছে৷ মহাদেৱৰ প্ৰিয় এই মাহত নানান ধৰণে শিৱৰ আৰাধনা কৰা হয়৷ ইয়াৰ সৈতে শিৱলিংগত পানী ঢলা শিৱ পুৰাণৰ কাহিনী শোনাৰ প্ৰথাও আছে৷ মহাদেৱক কোৱা হয় দেৱতাসকলৰ দেৱতা৷ তেওঁৰ আশীৰ্বাদ থাকিলে জীৱনৰ সকলো সংকটৰ পৰা আপুনি মুক্তি লাভ কৰিবই৷
মহাদেৱৰ সাজসজ্জা অন্য সকলো দেৱতাততৈ পৃথক৷ অন্য দেৱতাসকলৰ দৰে নানানবিধ অলংকাৰ মহাদেৱৰ শৰীৰত দেখা নাযায়৷ তাৰ সলনি শিৱৰ মূৰত থাকে চন্দ্ৰ, তেওঁৰ জটাৰ পৰাই উৎপত্তি গংগাৰ, ডিঙিত ধাৰণ কৰে সাপ, পিন্ধনত বাঘৰ ছাল, তেওঁৰ সমগ্ৰ শৰীৰত চিতাভষ্মৰ প্ৰলেপ, মূৰত ৰুদ্ৰাক্ষৰ মালা৷ মহাদেৱৰ এই প্ৰতিটো আৱৰণৰ সৈতে কিবা নহয় কিবা কাহিনী জড়িত হৈ আছে৷ শিৱৰ মূৰত পৰিধান কৰা অলংকাৰ চন্দ্ৰৰ বিষয়ে এই প্ৰতিবেদনত আলোচনা কৰা হৈছে৷
শিৱৰ মূৰত কিয় চন্দ্ৰ থাকে?
শিৱ পুৰাণ অনুসৰি সমুদ্ৰ মন্থনৰ পাছত যেতিয়া ভয়ানক বিষ হলাহল উঠি আহিছিল তেতিয়া সেই বিষত সমগ্ৰ বিশ্ব কঁপি উঠিছিল৷ সৃষ্টি ৰক্ষা কৰিবলৈ তেতিয়া সেই বিষ পান কৰে মহাদেৱে৷ হলাহল তেওঁৰ ডিঙি পৰ্যন্ত যোৱাত তেওঁৰ কণ্ঠ নীলা হৈ পৰে৷ সেই কাৰণেই মহাদেৱৰ আন এক নাম নীলকণ্ঠ৷ সেই প্ৰচণ্ড বিষ জ্বালাত ছটফটাই আছিল শিৱ৷ মহাদেৱৰ কষ্ট দেখি উদ্বিগ্ন হৈ পৰে সকলো দেৱতা৷ তেতিয়াই দেৱতাসকলে মহাদেৱক অনুৰোধ কৰে যাতে তেওঁ চন্দ্ৰক নিজৰ মূৰত ধাৰণ কৰক৷ কাৰণ চন্দ্ৰ হৈছে সকলোতকৈ শীতল, চন্দ্ৰৰ ঠাণ্ডা স্পৰ্শত মহাদেৱৰ শৰীৰ শীতল হৈ পৰিব৷
অভিশাপৰ পৰা মুক্ত হয় চন্দ্ৰদেৱ
শিৱৰ মূৰত কিয় চন্দ্ৰ থাকে সেই বিষয়ে আন এক কাহিনীও প্ৰচলিত আছে৷ চন্দ্ৰদেৱৰ ২৭গৰাকী পত্নী আছিল৷ এওঁলোক হৈছে দক্ষ প্ৰজাপতিৰ ২৭ কন্যা৷ ২৭ নক্ষত্ৰক চন্দ্ৰদেৱৰ পত্নী বুলি মনা হয়৷ এওঁলোকৰ মাজত ৰোহিনী নক্ষত্ৰ চন্দ্ৰৰ সকলোতকৈ কাষত অৱস্থিত, ৰোহিনী সেয়ে চন্দ্ৰৰ সকলোতকৈ প্ৰিয় বুলি কোৱা হয়৷ চন্দ্ৰই ৰোহিনীক সকলোতকৈ বেছি ভালপায় আৰু অন্য পত্নীসকলক খং কৰে বুলি দক্ষৰ ওচৰত অন্যান্য কন্যাকেইগৰাকী আপত্তি কৰে৷ দক্ষই তেতিয়া চন্দ্ৰক অভিশাপ দিয়ে যে চন্দ্ৰৰ ক্ষয় ৰোগ হওক আৰু নিজৰ শৰীৰ ক্ষয় যাওক৷ দক্ষৰ অভিশাপতেই চন্দ্ৰৰ ক্ষয়ৰোগ আৰম্ভ হ’ল আৰু তেতিয়াৰে পৰাই কৃষ্ণপক্ষও আৰম্ভ হয়৷ তেতিয়াই নাৰদে চন্দ্ৰদেৱক এটা পৰামৰ্শ দিয়ে যে তেওঁ এই সমস্যাৰ পৰা ৰেহাই পাবলৈ মহাদেৱক স্মৰণ কৰক৷ লগে লগেই চন্দ্ৰই মহাদেৱক স্মৰণ কৰিবলৈ আৰম্ভ কৰিলে আৰু মহাদেৱ তেওঁৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ তেওঁক নিজৰ জঁটাৰ ওপৰত স্থান দিলে৷ মহাদেৱৰ মূৰত স্থান লাভ কৰাৰ পাছতেই দক্ষৰ অভিশাপৰ পৰা মুক্ত হয় চন্দ্ৰদেৱ৷ আৰু মুক্তিৰ পাছতেই পূৰ্ণিমাত আকৌ পূৰ্ণচন্দ্ৰ হিচাপে আবিৰ্ভূত হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















