নিশা কৰক এই কেইটা নিয়ম, সদাশিৱে দূৰ কৰিব সকলো সমস্যা
আজি ২৩ জুলাইত কৃষ্ণ পক্ষ শিৱৰাত্ৰী উদযাপন কৰা হৈছে। ত্ৰয়োদশী আৰু চতুৰ্দশী তিথিৰ এই দিনটোত শাৱন শিৱৰাত্ৰি পালন কৰা হয়। বিশ্বাস কৰা হয় যে এই শিৱৰাত্ৰিৰ নিশা যদি কিছু ব্যৱস্থা গ্ৰহণ কৰা হয়, তেতিয়া জীৱনৰ সকলো সমস্যাৰ পৰা সকাহ পোৱা যায়।
জনবিশ্বাস অনুসৰি, শিৱৰাত্ৰিৰ এই দিনটোত মহাদেৱ নিজেই মাতা গৌৰীৰ সৈতে ভ্ৰমণলৈ ওলাই যায়। এনে পৰিস্থিতিত যদি কিছু ব্যৱস্থা গ্ৰহণ কৰা হয়, তেন্তে সকলো ইচ্ছা পূৰণ হয়।
এই নিশা শিৱলিংগত বিল্ব পত্ৰ তথা বেল পাত আৰু গংগাজল আগবঢ়াওক। তিনি পাত থকা বেলপাত বাছি লৈ এটা পাতত ওম, দ্বিতীয় পাতত নম আৰু তৃতীয় পাতত শিৱায় লিখক। ইয়াৰ পিছত একেটা মন্ত্ৰ জপ কৰি শিৱলিংগত অৰ্পণ কৰিব।
ইয়াৰ লগতে গংগাজলো আগবঢ়াওক। পৰিয়ালৰ সুখ আৰু শান্তিৰ বাবে প্ৰাৰ্থনা কৰক। এই বিধানে ভগৱান শিৱক সন্তুষ্ট কৰাত আৰু তেওঁৰ আশীৰ্বাদ লাভ কৰাত সহায় কৰে।
শিৱৰাত্ৰিৰ নিশা গাখীৰ, দৈ, মৌ, ঘিউ আৰু গংগাজল আদি মিশ্ৰণ কৰি শিৱলিংগৰ অভিষেক কৰক। শিৱলিংগৰ অভিষেকে জীৱনৰ দুখবোৰ ধ্বংস কৰে। ইয়াৰ লগতে ‘অনম শিৱায়’ জপ কৰক। এই বিধানে স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে বিশেষভাৱে উপকাৰী।
শাৱন শিৱৰাত্ৰিৰ নিশা মহামৃত্যুঞ্জয় মন্ত্ৰ জপ আৰু ৰুদ্ৰাষ্টক পাঠ কৰাটো অত্যন্ত ফলদায়ক বুলি গণ্য কৰা হয়। এই মন্ত্ৰটো কমেও ১০৮ বাৰ জপ কৰক। জপৰ বাবে ৰুদ্ৰাক্ষৰ মালা ব্যৱহাৰ কৰক আৰু শান্ত মনেৰে ভগৱান শিৱৰ ধ্যান কৰক। এই মন্ত্ৰই নেতিবাচক শক্তি আঁতৰাই জীৱনত ইতিবাচকতা আনে।
শাৱন শিৱৰাত্ৰিৰ নিশা শিৱ মন্দিৰলৈ গৈ চাকি জ্বলাওক। এই দিনটোত ঘিউৰ চাকি জ্বলাই ভগৱান শিৱৰ নামত উচৰ্গা কৰক। এনে কৰিলে জীৱনৰ পৰা আন্ধাৰ দূৰ হয় আৰু সুখ আৰু সমৃদ্ধিৰ সৃষ্টি হয়। যদি মন্দিৰলৈ যোৱা সম্ভৱ নহয়, তেন্তে ঘৰতে শিৱলিংগৰ সন্মুখত এটা চাকি জ্বলাওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















