নিজৰ এখন ঘৰ, এটুকুৰা মাটি ক্ৰয়ৰ সপোন সকলোৰে থাকে৷ কিন্তু এখন সপোনৰ ঘৰ নিৰ্মাণ কৰা সহজ কথা নহয়৷ ইয়াৰ বাবে প্ৰয়োজন হয় প্ৰচুৰ ধনৰ৷ কিন্তু ধন আহিব কৰ পৰা? সেই ধন বেংকৰ পৰা লোন হিচাপে আপুনিও অৱশ্যে ল’ব পাৰে৷ প্ৰকৃততে বিভিন্ন বেংকে বিভিন্ন সুদৰ হাৰত হোম লোন অফাৰ কৰে৷ বহুতেই আকৌ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ পৰা হোম লোন ল’বলৈ পছন্দ কৰে৷ কিন্তু ১০ বছৰৰ বাবে ২২ লাখ টকাৰ হোম লোণ ল’লে প্ৰতিমাহে কিমান টকা EMI দিব লাগিব?
দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াই এতিয়া বছৰি ৮.৫০ শতাংশ সুদৰ হাৰত হোম লোণ প্ৰদান কৰি আছে৷ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ হোম লোণৰ ক্ষেত্ৰত বছৰি এই ৮.৫০শতাংশ সুদৰ হাৰ তেওঁলোকৰ বাবে প্ৰযোজ্য হ’ব যিসকলৰ ছিভিল স্কোৰ ৮০০ বা তাতোকৈ বেছি৷
অৰ্থাৎ ষ্টেট বেংক অৱ ইণ্ডিয়াই বছৰত ৮.৫০শতাংশ সুদৰ হাৰত হোম লোন পাব বিচাৰিলে ছিভিল স্কোৰ ভাল হ’ব লাগে৷ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ পৰা কোনোৱে যদি বছৰত ৮.৫০শতাংশ সুদৰ হাৰত ১০ বছৰৰ বাবে ২২ লাখ টকাৰ হোম লোন লয় তেন্তে সেই হিচাপ অনুসৰি তেওঁ প্ৰতি মাহে ২৭,২৭৭ টকা EMI দিব লাগিব৷ অৰ্থাৎ কোনোৱে যদি বছৰত ৮.৫০শতাংশ সুদৰ হাৰত ১০ বছৰৰ বাবে ২২ লাখ টকাৰ হোম লোন লয় তেন্তে সেই হিচাপ অনুসৰি সেই ঋণগ্ৰহীতাক সুদ হিচাপে মুঠ ১০,৭৩,২২২টকা দিব লাগিব৷
কোনো ব্যক্তিয়ে যদি ষ্টেট বেংক অৱ ইণ্ডিয়াৰ পৰা বছৰত ৮.৫০শতাংশ সুদৰ হাৰত ১০ বছৰৰ বাবে ২২ লাখ টকাৰ হোম লোণ লয় তেন্তে হিচাপ অনুসৰি মুঠ ৩২,৭৩,২২২ টকা পৰিশোধ কৰিব লাগিব৷ প্ৰকৃততে এই পৰিমাণৰ মাজত সুদ আৰু মূলো সোমাই আছে৷ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ পৰা বছৰি ৮.৫০ শতাংশ সুদৰ হাৰত হোম লোণ পোৱাৰ বাবে গ্ৰাহকে ছিভিল স্কোৰ ভালে ৰখাটো খুবেই জৰুৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ