অসম লাইভ ২৪ঃ অহা ২০ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান৷ ৩০ গৰাকীকৈ শিক্ষাৰ্থী উপস্থিত থাকিব প্ৰত্যেকটো শ্ৰেণীকোঠাত৷ শিক্ষাৰ্থীৰ সংখ্যা অধিক হ’লে কেইবাটাও শাখাত বিভক্ত কৰি পাঠদান আৰম্ভ কৰিব লাগিব বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে৷ এসপ্তাহৰ ভিতৰত পৰ্যায়ক্ৰমে বিদ্যালয় খোলাৰ পৰিকল্পনা ৰাজ্যৰ শিক্ষা খণ্ডৰ৷ শিক্ষাবিভাগে ঘোষণা কৰা SOP অনুসৰি আৰম্ভ হ’ব পাঠদান৷ ইতিমধ্যে ৪০ শতাংশ পাঠ্যপুথি সংকুচিত কৰিছে SEBAই৷ আজিৰ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ইতিমধ্যে আৰম্ভ হৈছে স্নাতক তথা স্নাতকোত্তৰৰ চূড়ান্ত ষান্মাসিকৰ পাঠদান৷ কোভিড বিধি মানি বিদ্যালয়সমূহেও শীঘ্ৰেই আৰম্ভ কৰিব পাঠদান কাৰ্যসূচী৷ কোভিড ১৯ ৰ বাবে বিগত ৬ মাহ ধৰি বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহ৷ উল্লেখযোগ্য যে অসমত হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ