• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

3 weeks ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

10 minutes ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

1 hour ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

2 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

3 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

4 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

4 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

5 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

6 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

6 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

8 hours ago
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

9 hours ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

বিশ্বৰ আগশাৰীৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ বৈজ্ঞানিক ব্যাখ্যা

editor by editor
June 6, 2026
in অসম, উত্তৰ-পূব, বিনোদন, বিবিধ, লেখা, সংগীত
0
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত
0
SHARES
797
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হামিঙৰ যাদুত মোহিত শ্ৰোতা। সংগীতপ্ৰেমীৰ মুখে মুখে জুবিন গাৰ্গৰ হামিং। এতিয়া জুবিনৰ হামিং বহু বছৰ ধৰি সংগীতপ্ৰেমীৰ মাজত এক বিশেষ আকৰ্ষণৰ বিষয় হৈ আহিছে। শব্দ নোহোৱাকৈ কেৱল সুৰৰ জৰিয়তে অনুভূতি প্ৰকাশ কৰাৰ এই অনন্য শৈলীয়ে শ্ৰোতাক গভীৰভাৱে স্পৰ্শ কৰে। দশকৰ পিছত দশক ধৰি শ্ৰোতাৰ হৃদয় জয় কৰি অহা জুবিন গাৰ্গৰ হামিঙৰ সেই মায়াবী মাদকতাক অনেকে ‘হৃদয়স্পৰ্শী’, ‘প্ৰশান্তিদায়ক’, বা ‘চুম্বকীয়’ বুলি অভিহিত কৰি অবিৰতভাৱে আদৰি আহিছে। কোনো শব্দ উচ্চাৰণ নকৰাকৈও সৃষ্টি কৰা এই অবুজ আকৰ্ষণৰ প্ৰকৃত ৰহস্য কি, সেয়া ইমান দিনে এক প্ৰহেলিকা হৈয়েই আছিল। অনুৰাগীৰ বিপুল সঁহাৰি আৰু সংবাদ মাধ্যমৰ ধাৰাবাহিক চৰ্চাৰ বাবেই Google Search Algorithm য়ে জুবিন গাৰ্গক বিশ্বৰ “হামিং কিং” (Humming King of the World) ৰূপে চিহ্নিত কৰি আহিছে। কিন্তু ঐতিহাসিকভাৱে ইয়াৰ অন্তৰালত কোনো তথ্যভিত্তিক গৱেষণা (data-driven research) নাছিল।

কম্পিউটাৰ ছফ্টৱেৰৰ সহায়ত কণ্ঠৰ কম্পনাংক (voice frequencies), স্বৰৰ সুস্থিৰতা (pitch stability) বা ধ্বনিগত বৰ্ণালীৰ ভাৰসাম্য (acoustic spectral balance) জুখি তেখেতৰ হামিঙৰ স্বকীয়তা বিশ্লেষণ কৰিব পৰা কোনো পদ্ধতিগত অধ্যয়ন (systematic study) ইয়াৰ পূৰ্বে হোৱা নাছিল। ফলস্বৰূপে, এই টাইটেল কোনো প্ৰমাণিত বৈজ্ঞানিক তথ্যৰ পৰিৱৰ্তে কেৱল সাংস্কৃতিক জনপ্ৰিয়তা আৰু ডিজিটেল উপস্থিতিৰহে (digital footprint) এক অপূৰ্ব প্ৰতিফলন আছিল।

অৱশেষত, বিশ্বৰ কণ্ঠ চিকিৎসা আৰু কণ্ঠবিজ্ঞান ক্ষেত্ৰৰ শীৰ্ষস্থানীয় গৱেষণা পত্ৰিকা Journal of Voice (Official Journal of The Voice Foundation and the International Association of Phonosurgery, United States)ত প্ৰকাশিত এক গভীৰ গৱেষণামূলক অধ্যয়নে পোন প্ৰথমবাৰৰ বাবে উন্মোচিত কৰিছে হামিং সম্ৰাটৰ কণ্ঠৰ সেই অনন্য ৰহস্য! শ্ৰোতাৰ অন্তৰ স্পৰ্শ কৰা তেওঁৰ এই সুৰীয়া প্ৰবাহ কেৱল এক সুৰ বা এক আৱেগিক অনুভূতিয়েই নহয়, বৰঞ্চ ইয়াৰ আঁৰত লুকাই আছে এক সুনিৰ্দিষ্ট আৰু চমৎকাৰ শব্দবিজ্ঞান, এক নিখুঁত স্বৰ-সজ্জা (Vocal Architecture)!

কণ্ঠবিজ্ঞান তথা কণ্ঠ চিকিৎসকসকলৰ (laryngologists) বাবে পৰিচিত আধুনিক ধ্বনিমাপক ব্যৱহাৰ কৰি সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত নিজাববীয়াকৈ সম্পন্ন কৰা এই পৰিমাণগত ধ্বনিবিশ্লেষণে (Quantitative Acoustic Profiling) কেৱল কণ্ঠ চিকিৎসক বা বিজ্ঞানীসকলৰ বাবেই নহয়, শিল্পীগৰাকীৰ কোটি কোটি অনুৰাগীৰ বাবেও এক অনন্য মিলনস্থলী সৃষ্টি কৰিছে য’ত অনুভূতি আৰু বিজ্ঞান একেলগে মূৰ্ত হৈ উঠিছে। এই গৱেষণাই শিল্পীগৰাকীৰ কলাত্মক উষ্মতাক কেইবাটাও পৰিমাণযোগ্য কণ্ঠ-উপাদানলৈ ৰূপান্তৰিত কৰি কেৱল তেখেতৰ কণ্ঠৰ যাদুকৰী প্ৰবাহকে প্ৰমাণ কৰা নাই, বৰঞ্চ অসমৰ আধুনিক সুৰীয়া ঐতিহ্যক বিশ্বৰ বিজ্ঞানভিত্তিক গৱেষণাৰ সৰ্বোচ্চ মঞ্চলৈ উত্তৰণ ঘটাইছে ।

গৱেষণাগাৰত উন্মোচিত জুবিনৰ হামিঙৰ মূল বৈশিষ্ট্যসমূহ:

প্ৰথমবাৰৰ বাবে সম্পন্ন কৰা এই পদ্ধতিগত ধ্বনিবিশ্লেষণে জুবিন গাৰ্গৰ ‘হামিং’ আৰু তেওঁৰ স্বাভাৱিক গায়নশৈলীৰ মাজত থকা সূক্ষ্ম পাৰ্থক্যসমূহ পোহৰলৈ আনিছে। তেওঁৰ কণ্ঠৰ বিভিন্ন সুক্ষ্ম উপাদান যেনে কম্পন-তাৰতম্য (Jitter), তীব্ৰতাৰ তাৰতম্য (Shimmer), সুৰ-কোলাহল অনুপাত (Harmonic to Noise Ratio, HNR) আৰু ধ্বনিগুণগত প্ৰাচল (Timbral Features) অতি নিখুঁতভাৱে জুখি লোৱা হৈছে। গৱেষণাত ধৰা পৰিছে যে তেওঁৰ হামিঙত এক সুনিয়ন্ত্ৰিত আৰু সুস্থিৰ স্বৰ-তৰংগ বিৰাজমান। ইয়াত অপেক্ষাকৃত নিম্ন কম্পনাংকৰ প্ৰাথমিক স্বৰ (Fundamental Frequency) ব্যৱহাৰ হোৱাৰ বাবেই ই গভীৰ, শ্ৰুতিমধুৰ আৰু প্ৰশান্তিদায়ক হৈ পৰে। আনহাতে, তেওঁৰ কণ্ঠত পৰিলক্ষিত হোৱা ক্ষিপ্ৰ কম্পন-তাৰতম্যই (Higher Jitter) হামিঙৰ সুৰটোত এক অনন্য প্ৰাণময়তা, সজীৱতা আৰু আৱেগিক গভীৰতা সংযোজন কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ধ্বনিগুণগত প্ৰাচল (Timbral Features) যেনে MFCC 2 আৰু MFCC 11 ৰ ক্ষেত্ৰত পৰিসংখ্যাগতভাৱে অতি তাৎপৰ্যপূৰ্ণ পাৰ্থক্য (Statistically Significant Differences) পোৱা গৈছে। এই বৈশিষ্ট্যসমূহে তেওঁৰ হামিঙক এক সম্পূৰ্ণ ব্যতিক্ৰমী আৰু অনন্য ধ্বনিগুণ (Unique Timbre) প্ৰদান কৰি শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি তোলে।

এই কঠোৰ আৰু পদ্ধতিগত ধ্বনিবিজ্ঞান সংক্ৰান্তীয় বিশ্লেষণ (rigorous acoustic analysis) চিৰসেউজ সংগীত-মহীৰূহগৰাকীৰ প্ৰতি এক সঁচিত শ্ৰদ্ধাঞ্জলি; যিয়ে প্ৰতিষ্ঠা কৰিলে যে যে জুবিন গাৰ্গৰ ‘হামিং’ কেৱল এক বিমূৰ্ত সুৰীয়া ধাৰণা (abstract musical concept) নহয়, বৰঞ্চ ই তেওঁৰ কণ্ঠনলীৰ জৈৱিক গঠন আৰু স্বৰতন্ত্ৰীৰ স্বকীয় জোকাৰণিৰ পৰা নিৰ্গত এক অনন্য ভৌতিক প্ৰক্ৰিয়া। তেওঁৰ হামিং একে সময়তে প্ৰকাশভংগীৰে সমৃদ্ধ (Expressive, উচ্চ কম্পনাংকৰ সূক্ষ্ম তাৰতম্যৰ বাবে) আৰু ধ্বনিগতভাৱে সুস্থিৰ (Acoustically Stable, উচ্চ HNR আৰু নিম্ন Shimmer-ৰ বাবে)। এয়া সঁচাকৈয়ে এক বিৰল আৰু সুষম সমন্বয়!

অসমৰ বাবে স্তব্ধতা নমাই অনা জুবিনৰ সেই অকাল প্ৰয়াণৰ দিনটোতেই এই কাৰ্যৰ সূচনা কৰা হৈছিল। পিছে এই অধ্যয়ন কোনো আৱেগিক পদক্ষেপ নাছিল, বৰঞ্চ এয়া জুবিন গাৰ্গৰ আজীৱন সাধনাৰ কৰ্মৰাজিক বিজ্ঞানভিত্তিক বিশ্লেষণ কৰাৰ এক গভীৰ প্ৰয়াস, ই তেওঁৰ সেই মায়াবী কণ্ঠৰ অনন্ত মহাকাশত এক অভিনব অন্বেষণৰ দিগন্তপ্ৰসাৰী যাত্ৰাৰহে শংখধ্বনি। অসমৰ সংগীত আকাশৰ এই চিৰসেউজ মহীৰূহগৰাকীৰ যুগান্তকাৰী সৃষ্টিৰ প্ৰতি এক প্ৰয়াস।

আজি সামাজিক মাধ্যমযোগে এই কথা জনায় জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। এক প্ৰেছ বিজ্ঞপ্তি যোগে জুবিন গাৰ্গৰ কণ্ঠৰ এই স্বকীয় ‘Humming’ শৈলীক প্ৰকাশ কৰিব পৰা এটা নিখুঁত আৰু যথোপযুক্ত অসমীয়া প্ৰতিশব্দৰ সন্ধান কৰিছে। কেৱল ‘গুণগুণনি’ বা ‘গুঞ্জন’ শব্দটোৱে জানো জুবিনৰ কণ্ঠৰ সেই গভীৰ আৱেগ, আধ্যাত্মিক প্ৰশান্তি আৰু চুম্বকীয় আকৰ্ষণক পূৰ্ণভাৱে প্ৰতিফলিত কৰিব পাৰেনে বুলিও প্ৰশ্ন কৰে। এই ক্ষুদ্ৰ প্ৰয়াসে অনাগত দিনত অসমৰ বিদগ্ধ বুদ্ধিজীৱী, ভাষাবিদ আৰু সংগীতজ্ঞসকলক একত্ৰিত হৈ অমৰ কিংবদন্তী গৰাকীৰ এই অনন্য শৈলীৰ বাবে এটা নিভাঁজ, অৰ্থবহ আৰু কালজয়ী অসমীয়া প্ৰতিশব্দ সৃষ্টি কৰিবলৈ অন্তৰ্নিহিত প্ৰেৰণা যোগাব বুলি প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

June 26, 2026
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!
জীৱনশৈলী

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

June 26, 2026
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ
বাণিজ্য

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

June 26, 2026
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?
জীৱনশৈলী

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

June 26, 2026
Next Post
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ'ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.