অসম লাইভ২৪ঃ ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীয়ে পিন্ধা টি-চাৰ্টটোৰ আলোচনা চলিছে সৰ্বত্ৰতে। ঠাণ্ডাৰ মাজতো হাফ টি-চাৰ্ট পিন্ধি কেনেকৈ ঘূৰি ফুৰিছে ৰাহুল? গৱেষকে দাবী কৰা অনুসৰি কিছু ব্যক্তিক সাধাৰণতে ঠাণ্ডা কমকৈ লাগে।
ঠাণ্ডা গৰমৰ অনুভৱ মানুহে কেনেকৈ কৰে?
মানুহৰ ছালত থাৰ্ম-ৰিচেপ্টৰ নামৰ স্নায়ু থাকে। যিয়ে মগজুলৈ ঠাণ্ডাৰ বাৰ্তা প্ৰেৰণ কৰে। মগজুত থকা হাইপথেলামাছে শৰীৰৰ উষ্ণতা সন্তুলিত কৰি ৰাখে। ইয়াৰ ফলত শৰীৰৰ নোম আৰু পেশী সংকুচিত হয়। মগজুৰ এই বাৰ্তাৰ বাবেই মানুহ একোজনে শৰীৰত ঠাণ্ডা অনুভৱ কৰে।
কোনবোৰ ব্যক্তিৰ ঠাণ্ডা কম লাগে?
কম-বেছি পৰিমানে ঠাণ্ডা গৰমৰ অনুভৱ সকলোৱে কৰে। ঠাণ্ডাৰ অনুভৱ লিংগ, বয়স আৰু জীনৰ ওপৰত নিৰ্ভৰশীল। এইকেইটাই এজন ব্যক্তিৰ তাপমাত্ৰা আৰু ঠাণ্ডাৰ অনুভৱ নিৰ্ণয় কৰে। এক গৱেষকৰ দলে দাবী কৰা মতে বৃদ্ধসকলে ঠাণ্ডা কিছু কমকৈ অনুভৱ কৰে। আনহাতে ইয়াৰ বিপৰীতে মধ্যবয়সীয়া ব্যক্তিৰ ঠাণ্ডা বেছি। তাপমাত্ৰাৰ অনুভৱ বয়স্ক ব্যক্তিতকৈ ডেকাসকলৰ অনুভৱ কৰিব পৰা ক্ষমতা বেছি। বয়সৰ সৈতে এই অনুভৱ লাহে লাহে কমি আহে।
কিহৰ বাবে মানুহে ঠাণ্ডা অনুভৱ কৰে?
অত্যাধিক ঠাণ্ডা লগাৰ আঁৰত বহুকেইটা কাৰণ আছে। দৈৰ্ঘ্যৰ অনুপাত, শৰীৰৰ ওজন অতি কম হোৱা ব্যক্তিয়ে অধিক ঠাণ্ডা অনুভৱ কৰে। ইয়াৰ উপৰিও, শৰীৰত লোৰ অভাৱ আৰু থাইৰইডৰ অৱনতিৰ ফলতো অধিক ঠাণ্ডা অনুভৱ হয়। শৰীৰৰ সকলো অংশত সঠিক ৰক্ত সঞ্চালনৰ অভাৱ, সঠিক টোপনিৰ অভাৱ, ডিহাইড্ৰেচন আৰু ভিটামিন বি-ৰ অভাৱতো এজন ব্যক্তিয়ে অত্যাধিক ঠাণ্ডা অনুভৱ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ