অসম লাইভ ২৪ঃ আপোনালোকে যিটো যন্ত্ৰৰ ছবি দেখিছে সেই যন্ত্ৰই হৈছে বিজ্ঞানৰ নতুন আৱিষ্কাৰ আত্মহত্যাৰ মেচিন। এই মেচিন প্ৰস্তুত কৰি উলিওৱা হৈছে ছুইজাৰলেণ্ডত। দেখাত কফিন আকৃতিৰ এই যন্ত্ৰৰ জড়িয়তে পিছে আত্মহত্যা কৰিবৰ বাবে অনুমতি লাগিব ছুইজাৰলেণ্ড চৰকাৰৰ। আৰু সেই কথা উল্লেখ কৰিছে এই বিশেষ মেচিন আৱিষ্কাৰ কৰোতাজনে। তথ্য অনুসৰি এই বিশেষ মেচিনটোত আত্মহত্যাৰ বাবে প্ৰচুৰ পৰিমানে ব্যৱসাৰ কৰা হৈছে নাইট্ৰোজেন গেছ। এই গেছ সেই বিশেষ কফিনত ভৰ্তি কৰোৱাৰ লগে লগে অক্সিজেনৰ পৰিমাণ লাহে লাহে হ্ৰাস পায়। আৰু এটা সময়ত আত্মহত্যা কৰা ব্যক্তি গৰাকীয়ে অক্সিজেনৰ অভাৱত শেষ নিশ্বাস ত্যাগ কৰিবলৈ বাধ্য হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ