অসম লাইভ ২৪ঃ বিশ্বৰ ধনী ৰাষ্ট্ৰ বুলি কলেই আমাৰ মনলৈ আহে ভাৰতৰ চুবুৰিয়া ৰাষ্ট্ৰ চৌদি আৰবৰ কথা। চৌদি আৰৱ যেনেদৰে এখন ধনী ৰাষ্ট্ৰ ঠিক তেনেদৰে এখন বিনোদনৰ বাবেও বিশ্বই আঙুলীমূৰত হিচাপ ৰখা এখন বিশেষ ৰাষ্ট্ৰ। কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত যিদৰে চৌদি আৰৱৰ লোকসকল অতি নিষ্ঠাবান ঠিক সেইদৰে কৰ্মবান নাগৰিকৰ বাবে জিৰণিৰ ক্ষেত্ৰতো অতি সচেতন চৌদি আৰৱ চৰকাৰ।
সেয়েহে এইবাৰ আৰব চৰকাৰে পূৰ্বতে থকা শুকুৰবাৰ , শনিবাৰৰ সাপ্তাহিক বন্ধ আঁতৰাই ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা নতুনকৈ শনিবাৰ আৰু দেওবাৰে সাপ্তাহিক বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ওপৰিও ইছলাম ধৰ্মালম্বী লোকৰ বাবে শুকুৰবাৰ দিনটো বন্ধৰ সিদ্ধান্তৰ লগতে অন্য ধৰ্মালম্বী লোকৰ বাবে অৰ্ধ ছুটীৰ (Half Day) সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। আৰৱ চৰকাৰৰ মতে শুকুৰবাৰৰ দিনটোত যাতে সকলো মুছলমান লোকে নামাজ পঢ়িবলৈ মছজিদলৈ যাব পাৰে তাৰ বাবে বন্ধৰ সিদ্ধান্ত লোৱা হৈছে মুছলমান ধৰ্মালম্বী লোকৰ বাবে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ