অসম লাইভ ২৪ঃ বছৰৰ শেষৰ মাহটোত অসমবাসীৰ বাবে আহিল এক ভাল খবৰ৷ কবি নীলমণি ফুকনলৈ ‘জ্ঞানপীঠ’ বঁটা৷ ‘জ্ঞানপীঠ’ বঁটা ঘোষণা কৰাৰ লগে লগে অসমৰ সাহিত্যপ্ৰেমীৰ মাজত আনন্দৰ জোঁৱাৰ উঠিছে৷ কাব্যঋষি নীলমণি ফুকনক জীৱনজোৰা সাধনাৰ বাবে প্ৰদান কৰা হ’ব ‘জ্ঞানপীঠ’ বঁটা৷ ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘গোলাপী জামুৰ লগ্ন’, ‘কবিতা’, ‘ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে’, ‘কাঁইট গোলাপ আৰু কাঁইট’, ‘নৃত্যৰতা পৃথিৱী’, ‘গাৰ্থিয়া লৰ্কাৰ কবিতা’ ফুকনৰ অমৰ সৃষ্টি৷ নীলমণি ফুকনৰ আত্মজীৱনী ‘পাতি সোণাৰুৰ ফুল’৷ আৰু কেইবাখনো গ্ৰন্থ সম্পাদনা কৰিছে কবি ফুকনে৷ গোলাঘাট জিলাৰ দেৰগাঁৱৰ বিখ্যাত ফুকন পৰিয়ালত ১৯৩৩ চনৰ ১০ ছেপ্টেম্বৰত জন্ম হৈছিল নীলমণি ফুকনৰ৷ ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা
ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে নীলমণি ফুকনে৷ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত ১৯৬৪ চনত ইতিহাস বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে৷ ১৯৯২ চনত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ ১৯৫০ চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিল ফুকনে৷ ‘কবিতা’ কাব্যপুথিৰ বাবে ১৯৮১ চনত লাভ কৰিছিল ‘সাহিত্য অকাডেমী’ বঁটা৷ ১৯৯০ চনত ‘পদ্মশ্ৰী’ সন্মানেৰে সন্মানিত হয়৷ ‘অসম উপত্যকা সাহিত্য’ বঁটাৰে সন্মানিত হৈছিল ১৯৯৭ চনত৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘ডি লিট’ উপাধি প্ৰদান কৰিছিল ২০১৯ চনত৷ সাহিত্য অকাডেমীৰ শ্ৰেষ্ঠ সন্মান অকাডেমীৰ ফেল’ প্ৰদান কৰা হৈছিল ২০০২ চনত৷ নীলমণি ফুকনৰ কবিতা মানেই যেন প্ৰতীকবাদ, চিত্ৰকল্পবাদ৷ চিত্ৰশিল্পৰ সমালোচক হিচাপে বহুজনসমাদৃত নীলমণি ফুকন৷ অসমীয়া সাহিত্যলৈ ‘জ্ঞানপীঠ’ বঁটা আহিছে এয়া তৃতীয়বাৰৰ বাবে৷ ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ‘মৃত্যুঞ্জয়’ উপন্যাসৰ বাবে আৰু ড০ মামনি ৰয়ছম গোস্বামীয়ে জীৱনজোৰা সাধনাৰ বাবে লাভ কৰিছিল ‘জ্ঞানপীঠ’ বঁটা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ