বহু বছৰ পূৰ্বে কোনো ঘটনা ঘটিছে৷ সেই ঘটনাক আপুনি এতিয়াও মনত ৰাখিছে বা সেই ঘটনাৰ সবিশেষ তথ্য আপোনাৰ মন মগজুত জীপাল হৈ আছে৷ কেতিয়াবা ভাৱিছেনে আপোনাৰ মস্তিষ্কই কেনেকৈ ইমান পূৰণি কথা মনত ৰাখিছে? সম্প্ৰতি বিজ্ঞানীয়ে এক পৰীক্ষা কৰি লাভ কৰিছে মস্তিষ্কৰ ভিতৰত থকা এবিধ তৰল৷ এই আঠাৰ দৰে তৰলৰ কাম হৈছে প্ৰতিটো চেল বা কোষক যুক্ত কৰি ৰখা৷
ব্ৰেইনৰ প্ৰতিটো নাৰ্ভক একেলগে যুক্ত ৰখাৰ ওপৰিও স্মৃতিক ধৰি ৰখাত সহায় কৰে এই তৰলে৷ আনকি ব্ৰেইনৰ সঠিক কামৰ হিচাপো ৰাখে এই তৰল পদাৰ্থই৷ বহু বছৰ ধৰি বিজ্ঞানীৰ মনত এক প্ৰশ্ন আছিল যে মানৱ ব্ৰেইনে কেনেকৈ স্মৃতি ধৰি ৰাখে? আনকি দেখা গৈছে যে সৰুৰে পৰা ঘটি যোৱা কোনো ঘটনাক মনত ৰাখে এই মস্তিষ্কই৷
আমাৰ ব্ৰেইনৰ কাম কাজেই পাজোল গেমৰ দৰে৷ যেনেকৈয়ে ঘূৰাই ফুৰাই নাথাকক যি নিজৰ কাম কৰিবই৷ এজন সুস্থ মানুহৰ মস্তিষ্কই বহু বেছি স্মৃতি ধৰি ৰাখিব পাৰে৷ যদি কোনো ব্যক্তি শাৰীৰিকভাৱে দুৰ্বল হয় তেন্তে এই ক্ষমতাৰ পৰিমান অলপ কম হয়৷
বিজ্ঞানীৰ মতে মস্তিষ্কত থকা এই তৰল পদাৰ্থই প্ৰতিটো স্মৃতিক একত্ৰ কৰি ধৰি ৰাখে৷ যদি কেতিয়াবা আপুনি মনতে ভাৱে যে আপুনি কোনো পুৰণি কথা মনলৈ আনিব তেতিয়া লগে লগেই আপোনাৰ মনত সেই কথা নিজে নিজেই আহি যায়৷ অৰ্থাৎ আপোনাৰ ব্ৰেইনৰ বিশেষ চেল বা কোষসমূহ এক্টিভ হৈ পৰে৷ দ্ৰুতভাৱে আপুনি অতীতৰ সেই ছবি দুচকুৰে দেখা যেন অনুভৱ কৰে৷ মানৱ মস্তিষ্কৰ মাজত এনে আৰু বহু অজানা ক্ষমতা আছে যাৰ হিচাপ এতিয়াও বিজ্ঞানীয়ে বাহিৰ কৰিব পৰা নাই৷ কেনেকৈ ইমান জটিল হোৱা স্বত্ত্বেও ইমান সহজভাৱে কাম কৰে আপোনাৰ মস্তিষ্কই সেয়া আজিও গৱেষণা কৰি আছে বিজ্ঞানীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ