পুৰুষে আৰু ইৰেকটাইল ডিছফাংছন বা লিংগ শিথিলতাক লৈ চুশ্চিন্তাত ভূগিব নালাগে। সম্প্ৰতি বিশ্বখ্যাত বিজ্ঞানপত্ৰিকা নেচাৰত প্ৰকাশিত হৈছে এনে এক গৱেষণাৰ কথা যত পুৰুষৰ যৌনাংগ সংক্ৰান্তিয় নানান সমস্যাৰ সমাধানৰ কথা উল্লেখ আছে।
৪মাৰ্চত নেচাৰ পত্ৰিকাৰ বায়োমেডিকেল ইঞ্জিনিয়াৰিং বিভাগত প্ৰকাশিত এই গৱেষণাত দাবী কৰা হৈছে যে বিজ্ঞানীয়ে পুৰুষাংগৰ অনুৰূপ ৩ডি প্ৰিণ্টেড ইমপ্লাণ্ট তৈয়াৰ কৰিবলৈ সক্ষম হৈছে। যি ইৰেকটাইন ডিছফাংছন বা পুৰুষাংগৰ উত্থান সংক্ৰান্তিয় সমস্যা সমাধানত সহায় কৰিব।
এই গৱেষণাৰ মূল লক্ষ্য আছিল এনে এক ৩ ডি প্ৰিণ্টেড ইমপ্লেণ্ট তৈয়াৰ কৰা হৈছে যিয়ে প্ৰাকৃতিক লিংগৰ দৰেই কাম কৰিব আৰু ইৰেকটাইল ডিছফাংছনৰ চিকিৎসাত এয়া ব্যৱহাৰ হব। গৱেষকে হাইড্ৰোজেল নামৰ এক বিশেষ উপাদান ব্যৱহাৰ কৰি তৈয়াৰ কৰিছে এনে এক কৃত্ৰিম লিংগ। হাইড্ৰোজেল এনে এক উপাদান যিয়ে পানী শোষণ কৰিব পাৰে আৰু প্ৰাকৃতিৰ টিছুৰ দৰেই নমনীয়। ৩ডি প্ৰিণ্টিং প্ৰযুক্তিৰ মাধ্যমেৰে এই হাইড্ৰোজেলক পুৰুষাঙ্গৰ আকাৰত তৈয়াৰ কৰা হৈছে।
প্ৰতিবেদনত কোৱা হৈছে, এই প্ৰতিস্থাপিত অংশসমূহে স্বাভাৱিক লিংগৰ দৰেই কাম কৰিব। বংশবৃদ্ধিতো সহায় কৰিব। গৱেষণাত দেখা গৈছে যে ইমপ্লাণ্ট কৰা টিছুসমূহৰ মাজত এণ্ডোথেলিয়াল কোষ জন্ম দিব পাৰে। এই কোষসমূহ ৰক্তনলীৰ ভিতৰৰ স্তৰে তৈয়াৰ কৰে আৰু ৰক্তপ্ৰবাহত সহায় কৰে। ফলত শৰীৰৰ স্বাভাৱিক অংগৰ দৰেই কাম কৰে প্ৰতিস্থাপিত লিংগই। বৰ্তমান পশুৰ শৰীৰত এইয়া প্ৰতিৰোপন কৰা হৈছে। অদূৰ ভৱিষ্যতে এয়া মানুহৰ শৰীৰো প্ৰতিৰোপন কৰা হব বুলি আশা কৰিছে বিজ্ঞানীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ