আগন্তুক ২১ ছেপ্টেম্বৰত মহালয়া৷ তাৰ পূৰ্বেই ছেপ্টেম্বৰ মাহৰ ১৭ তাৰিখ অৰ্থাৎ মঙলবাৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এই সময়ত কিছু ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ শুভ ফল আহিব৷ জানি থওক কোন কোন ৰাশিয়ে এইবছৰ বিশ্বকৰ্মা পূজাত লাভৱান হব?
সিংহ ৰাশি
এই ৰাশিৰ জাতকৰ বাবে বিশ্বকৰ্মা পূজা খুবেই শুভ হব৷ বিশেষকৈ যদি আপুনি কৰ্মক্ষেত্ৰত উন্নতিৰ চেষ্টা কৰি আছে তেন্তে এই সময় আপোনাৰ বাবে খুবেই ভাল৷ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকেও আৰ্থিক লাভ কৰাৰ সম্ভাৱনা আছে৷ পুৰণি ৰৈ থকা কামসমূহ এই সময়তে শেষ কৰিব পাৰিব৷
কন্যা ৰাশি
বিশ্বকৰ্মা পূজাৰ প্ৰভাৱত কন্যা ৰাশিৰ জাতক জাতিকাৰ ভাগ্য উজ্বলি উঠিব৷ কৰ্মজীৱনলৈ ডাঙৰ সুযোগ আহিব পাৰে৷ এই সময়ত কামৰ প্ৰশংসা লাভ কৰিব৷ বিশেষকৈ যদি আপুনি নতুন কোনো কাম আৰম্ভ কৰাৰ কথা ভাৱি আছে তেন্তে এই সময় খুবেই অনুকূল৷ আৰ্থিক দিশৰ পৰা ভাল লাভ হব পাৰে৷
বৃশ্চিক ৰাশি
এই ৰাশিৰ জাতকৰ বাবে বিশ্বকৰ্মা পূজা খুবেই উপকাৰী প্ৰমাণিত হব৷ বিশেষকৈ যদি আপুনি কাৰিগৰি বা ইঞ্জিনিয়াৰিং সংক্ৰান্তিয় কামত যুক্ত থাকে তেন্তে আপোনাৰ জীৱনত উন্নতি অৱধাৰিত৷ অপ্ৰত্যাশিত সূত্ৰৰ পৰা অৰ্থ লাভৰ যোগ আছে৷ যিসকলে শিল্প বা সৃষ্টিশীল কামত যুক্ত তেওঁলোকৰ বাবেও এই সময় খুবেই ভাল৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ বাবে এই সময় সৌভাগ্য উদয় হোৱাৰ যোগ৷ কৰ্মজীৱনত আপুনি কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব৷ যদি আপুনি নতুন কোনো উদ্যোগ লোৱাৰ কথা ভাৱিছে তেন্তে এই সময় সঠিক সময়৷ আৰ্থিক দিশৰ পৰাও এই পূজাই আপোনালৈ শুভ ফল কঢ়িয়াই আনিব৷ আপোনাৰ আয়ো বাঢ়িব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















