উত্তৰপ্ৰদেশৰ গোণ্ডাত ভয়াৱহ ৰে’ল দুৰ্ঘটনা৷ চণ্ডীগড়ৰ পৰা ডিব্ৰুগড় অভিমুখী ডিব্ৰুগড় এক্সপ্ৰেছৰ ১০-১২ টা বাগী লাইনচ্যুত হোৱা বুলি প্ৰাথমিক তথ্য প্ৰকাশ পাইছে৷ বৃহস্পতিবাৰে দুপৰীয়া ২.৩০ বজাত গোণ্ডা আৰু মেনকাপুৰৰ মাজৰ জিলাহী ষ্টেচনৰ কাষত এই দুৰ্ঘটনা৷ ট্ৰেইনৰ এটা এ চি কোচ মাৰাত্মকভাৱে ক্ষতিগ্ৰস্থ হোৱা বুলি প্ৰকাশ কৰিলে ৰে’লবিভাগে৷ শেহতীয়া তথ্য অনুসৰি দুৰ্ঘটনাত বৰ্তমানলৈকে ৪গৰাকী লোকৰ মৃত্যু হৈছে৷
প্ৰাথমিক খবৰ অনুসৰি চলিত ট্ৰেইনত হঠাৎ এক বিকট শব্দ শুনা গৈছিল৷ লগে লগেই বাগৰি পৰে কেইবাটাও ডবা৷ প্ৰাথমিকভাৱে জনা গৈছে যে এই দুৰ্ঘটনাত একাধিক লোকৰ প্ৰাণহানিৰ আশংকা আছে৷ দুৰ্ঘটনাৰ পাছতেই যাত্ৰীক ট্ৰেইনৰ পৰা বাহিৰলৈ ওলিওৱা কামত ব্ৰতী হৈছে উদ্ধাৰকাৰী দল৷ কেনেকৈ এই দুৰ্ঘটনা সংঘটিত হ’ল সেই বিষয়ে কোনো স্পষ্ট তথ্য প্ৰকাশ পোৱা নাই৷ উত্তৰপ্ৰদেশ চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যেই দুৰ্ঘটনাস্থলীলৈ পঠিওৱা হৈছে পৰ্যবেক্ষণকাৰী দলৰ লগতে উদ্ধাৰকাৰী দল৷ ৰেল দুৰ্ঘটনাত পতিত কেইবাগৰাকীও লোকক তাৎক্ষণিকভাৱে ভৰ্তি কৰোৱা হৈছে নিকটবৰ্তী হাস্পতালত৷
দুৰ্ঘটনাৰ খবৰ ভাইৰেল হোৱা মাত্ৰকে ৰাজ্যৰ মুথ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতিৰ খোজখবৰ লোৱা বুলি বিশেষ টুইট শ্বেয়াৰ কৰিছে৷ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে তেওঁ অবিৰাম যোগাযোগ ৰখাৰ খবৰ এক্স হেণ্ডেলত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ ডিব্ৰুগড় এক্সপ্ৰেছ দুৰ্ঘটনাৰ পাছতেই উত্তৰ পূব ৰে’লৰ তৰফৰ পৰা একাধিক হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে৷
ডিব্ৰুগড়ৰ বাবে ৯৯৫৭৫৫৫৯৬০
তিনিচুকীয়াৰ বাবে ৯৯৫৭৫৫৫৯৫৯
শিমলুগুৰিৰ বাবে ৮৭৮৯৫৪৩৭৯৮
মৰিয়নিৰ বাবে ৬০০১৮৮২৪১০
ফৰকাটিঙৰ বাবে ৯৯৫৭৫৫৫৯৬৬
কমাৰ্ছিয়েল কন্ট্ৰলৰ বাবে ৯৯৫৭৫৫৫৯৮৪
গুৱাহাটী ষ্টেচনৰ বাবে ০৩৬১২৭৩১৬২১, ০৩৬১২৭৩১৬২২, ০৩৬১২৭৩১৬২৩
লক্ষ্ণৌ ষ্টেচনৰ বাবে ৮৯৫৭৪০৯২৯২
গোণ্ডা ষ্টেচনৰ বাবে ৮৯৫৭৪০০৯৬৫
দুৰ্ঘটনাৰ পাছতেই কেইবাখনো ট্ৰেইনৰ যাত্ৰাপথ সলনি কৰি দিয়া হৈছে৷ ১৫৭০৭ কাটিহাৰ-অমৃতসৰ এক্সপ্ৰেছৰ যাত্ৰাপথ সলনি কৰি মেনকাপুৰ, অযোধ্যা হৈ চলাচল কৰিব৷ ১৫৬৫৩ গুৱাহাটী কাটৰা এক্সপ্ৰেছৰ যাত্ৰাপথ সলনি কৰি মেনকাপুৰ অযোধ্যা হৈ চলাচল কৰিব বুলি জনাইছে ৰে’লবিভাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ