অসম লাইভ২৪ঃ বিশ্বকাপ ফুটবল বুলিলেই যেনেকৈ উত্তেজনা থাকে তেনেকৈ থাকে কেলেংকাৰীৰ ঘটনাও৷ বিভিন্ন সময়ত বিভিন্ন দেশৰ ফুটবলাৰেই যে বিতৰ্কত সাঙোৰ খাই এনে নহয়৷ বিতৰ্কত সাঙোৰ খাই প্ৰশিক্ষকৰ নামো৷ কিছু সংখ্যকে বিতৰ্ক ঠেলি ওলায় অহাৰ বিপৰীতে কিছুসংখ্যকৰ বিতৰ্কতেই কেৰিয়াৰ শেষ হয়৷ তেনে কিছু চৰ্চিত বিতৰ্ক হৈছে-
চেক গণৰাজ্য
২০১০ চনত তুমুল বিতৰ্ক হৈছিল চেক গণৰাজ্যৰ কেইগৰাকীমান খেলুৱৈক লৈ৷ প্ৰশিক্ষক পিটাৰ ৰাদাসহ ৬ খেলুৱৈয়ে বহু বিতৰ্কিত ছবি ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত৷ অভিযোগ আছিল শ্লোভাকিয়াৰ বিৰুদ্ধে এখন যোগ্যতা অৰ্জনকাৰী মেচত পৰাজিত হোৱাৰ পিছত, চেক গণৰাজ্যৰ দলটোৱে যৌন কৰ্মীৰ সৈতে ৰাত্ৰি যাপনৰ বাবে গৈছিল৷
ফ্ৰান্স
২০১০ চনতেই বিতৰ্কত সাঙোৰ খাইছিল ফৰাচী ফুটবল দলটোও৷ ফ্ৰান্সৰ খেলুৱৈ কৰিম বেঞ্জিমা আৰু ছিডনী গভলৌকে ধৰি তিনিজন ফুটবল তাৰকাৰ নামেই সাঙোৰ খাইছে যৌন কেলেংকাৰীত৷ চেম্প এলিছৰ নৈশ ক্লাবত গৈ তিনিওগৰাকী খেলুৱৈয়ে সুৰাপান কৰাতেই শান্ত নাথাকি যৌনসম্ভোগতো লিপ্ত হয়৷ ৰিবেৰী আৰু বেঞ্জিমাই যাৰ সৈতে যৌন সম্ভোগ কৰিছিল তাৰেই এগৰাকী আছিল নাবালিকা৷ দুই তাৰকাৰ বিৰুদ্ধে আদালতত গোচৰ তৰে নাবালিকাৰ পৰিয়ালে৷
আমেৰিকা
১৯৮৮ চনৰ বিশ্বকাপৰ পূৰ্বে আমেৰিকাৰ খেলুৱৈ জন হাৰকেছক দলটোৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত লৈছিল ষ্টিভ ছেম্পছনে৷ ইয়াৰ কাৰণো আছিল যৌনতা৷ খেলুৈগৰাকীয়ে তেওঁৰেই সতীৰ্থ খেলুৱৈৰ পত্নীৰ সৈতে বিবাহ বহীৰ্ভূত সম্পৰ্কত লিপ্ত হৈছিল যাৰ বাবে শাস্তিমূলকভাৱে সেই বৰ্ষৰ ফিফা বিশ্বকাপত ভাগ ল’ব পৰা নাছিল জনে৷
মেক্সিকো
২০১৮ চনত ৰাছিয়াত অনুষ্ঠিত ফিফা বিশ্বকাপত মেক্সিকো দলৰ খেলুৱৈয়ে ৩০ গৰাকী যৌনকৰ্মীৰ সৈকে গণ সঙ্গমত লিপ্ত হৈছিল৷ এই গণ সঙ্গমৰ ছবি প্ৰকাশ হোৱাৰ পিছতেই আৰম্ভ হৈছিল বিতৰ্ক৷ বহুতেই দাবী কৰিছিল এয়া বিশ্বকাপ খেলিবলৈ যোৱাৰ পূৰ্বে দলটোক বিদায় পাৰ্টী দিয়া হৈছিল৷ মেক্সিকোৰ ফুটবল কৰ্তৃপক্ষই এই সন্দৰ্ভত দিয়া স্পষ্টিকৰণত কয় যে, এজন খেলুৱৈয়ে তেওঁলোকৰ ব্যক্তিগত সময়ত কি কৰিব সেয়া তেওঁলোকৰ ব্যক্তিগত কথা৷ ফুটবলাৰসকলৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা লোৱাৰ অধিকাৰ নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ