• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মে’ দিৱসৰ দিনাই প্ৰশ্ন, যৌ*তাক শ্ৰমৰ স্বীকৃতি উচ্চতম ন্যায়ালয়ৰ, এই ৰায়দানৰ দুবছৰ পাছতো কিয় শ্ৰমিকৰ শাৰীত নাই এইসকল কৰ্মী?

মে’ দিৱসৰ দিনাই প্ৰশ্ন, যৌ*তাক শ্ৰমৰ স্বীকৃতি উচ্চতম ন্যায়ালয়ৰ, এই ৰায়দানৰ দুবছৰ পাছতো কিয় শ্ৰমিকৰ শাৰীত নাই এইসকল কৰ্মী?

2 years ago
বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

2 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

বুধবাৰে এই নিয়মেৰে কৰক গণেশৰ পূজা, হ’ব মনোকামনা পূৰণ!

2 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কেনে যাব আজি আপোনাৰ দিনটো? ৫ ৰাশিৰ সলনি হব ভাগ্য!

3 hours ago
মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

11 hours ago
১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

11 hours ago
NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

12 hours ago
কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

13 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়াই সোণ ক্ৰয়ৰ উচিত সময় নেকি?

13 hours ago
বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

14 hours ago
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

15 hours ago
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

17 hours ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মে’ দিৱসৰ দিনাই প্ৰশ্ন, যৌ*তাক শ্ৰমৰ স্বীকৃতি উচ্চতম ন্যায়ালয়ৰ, এই ৰায়দানৰ দুবছৰ পাছতো কিয় শ্ৰমিকৰ শাৰীত নাই এইসকল কৰ্মী?

মে’ দিৱসৰ দিনাই প্ৰশ্ন, যৌ*তাক শ্ৰমৰ স্বীকৃতি উচ্চতম ন্যায়ালয়ৰ, এই ৰায়দানৰ দুবছৰ পাছতো কিয় শ্ৰমিকৰ শাৰীত নাই এইসকল কৰ্মী?

editor by editor
May 1, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
মে’ দিৱসৰ দিনাই প্ৰশ্ন, যৌ*তাক শ্ৰমৰ স্বীকৃতি উচ্চতম ন্যায়ালয়ৰ, এই ৰায়দানৰ দুবছৰ পাছতো কিয় শ্ৰমিকৰ শাৰীত নাই এইসকল কৰ্মী?
0
SHARES
193
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যৌনকৰ্মক পেছা হিচাপে স্বীকৃতি দিব লাগে। এই দাবী দীৰ্ঘদিনীয়া। দুবছৰ পূৰ্বে অৰ্থাৎ ২০২২ চনৰ মে মাহত সেই বিষয়ক লৈ সৰ্বোচ্ছ ন্যায়ালয়েও দিছিল বিশেষ ৰায়দান। উচ্চতম ন্যায়ালয়ে দিয়া ৰায় অনুসৰি যৌনকৰ্মীয়েও সমমৰ্যাদা লাভ কৰাৰ অধিকাৰ আছে। ইয়াৰোপৰি এই পেছাত অহা কৰ্মীসকলক আৰক্ষীয়ে অহৰহভাৱে হস্তক্ষেপ কৰাতো বাধা আৰোপ কৰিছিল আদালতে।

সৰ্বোচ্চ ন্যায়ালয়ে এই ৰায়দান দিয়াৰ পাছতেই পশ্চিমবংগৰ সোনাগাছিত দেখা গৈছিল উছাহৰ লহৰ। আবতৰীয়া হোলীও পালন কৰিছিল এই এলেকাত বাসকৰা কৰ্মীসকলে।  এই ৰায়দানৰ এবছৰ পাছত কিন্তু সেই উছাহ যে অনৰ্থক আছিল সেই কথা বুজি উঠিছে এইসকল কৰ্মীয়ে। তেওঁলোক আজিও সামাজিক আৰু প্ৰশাসনিকভাৱে লাঞ্ছনাৰ সন্মুখীন হৈয়েই আছে। ১ মে’ শ্ৰমিক দিৱসৰ দিনাও সেই সপোন আধৰুৱাই হৈ ৰৈছে এইসকল কৰ্মীৰ।

‘আমিও শ্ৰমিকৰ মৰ্যাদা বিচাৰো’- এই শ্লোগানেৰে প্ৰথমবাৰ কলকাতা চহৰ মুখৰিত হৈ পৰিছিল ২০০১ চনৰ ৩ মাৰ্চত। কলকাতাৰ ৰাস্তাতো প্ৰথমবাৰ ২৫ হাজাৰ যৌনকৰ্মীয়ে মিছিলো কৰিছিল। বিগত ২০ বছৰৰো অধিক কাল ধৰি চলা আন্দোলনৰ ফলশ্ৰুতিতেই ২০২২ বৰ্ষত বিশেষ ৰায়দান দিলে সৰ্বোচ্ছ ন্যায়ালয়ে।

এই ৰায়দানৰ এবছৰ পাছতো চৰকাৰীভাৱে কোনো ব্যৱস্থাই গ্ৰহণ কৰা নহ’ল বুলি প্ৰকাশ কৰিছে এইসকল কৰ্মীয়ে। আগন্তুক জুন মাহত কলকাতাত বিশেষভাৱে লগ হ’ব সমগ্ৰ দেশৰ যৌনকৰ্মীসকল। যৌনকৰ্মীসকলৰ হৈ কাম কৰি থকা বিশেষ স্বেচ্ছাসেৱী সংস্থাই এই তথ্য প্ৰকাশ কৰিছে। স্বেচ্ছাসেৱী সংস্থাটোৱে জনোৱা অনুসৰি, ‘উচ্চতম ন্যায়ালয়ে যৌনকৰ্মীসকলক শ্ৰমিকৰ মৰ্যাদা দিয়াৰ লগতে এই পেছাক আইনী স্বীকৃতি দিছে। কিন্তু এই স্বীকৃতি দিয়াৰ এবছৰ পাছতো এই কৰ্মীসকলক কোনো চৰকাৰী সা সুবিধা প্ৰদান কৰা নহ’ল। এতিয়ালৈকে তেওঁলোকৰ কামৰ কোনো নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়া হোৱা নাই। সমগ্ৰ দেশত আজিও যৌনকৰ্মীয়ে কোনো সা সুবিধা লাভ নকৰিলে। সেয়ে তিনিদিনীয়া কাৰ্যসূচীৰে এইবাৰ কলকাতাত বিশেষ সভাৰ আয়োজন কৰা হৈছে।’

বিগত বৰ্ষৰ ২৬ মে’ত বিচাৰপতি এল নাগেশ্বৰ ৰাও নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে দিয়া ৰায় অনসৰি, ‘যৌনকৰ্মীসকলকো আইনৰ দৃষ্টিৰে সমান সুৰক্ষা প্ৰদান কৰিব লাগে। কিন্তু এই কথাও স্পষ্ট যে, এগৰাকী যৌনকৰ্মী প্ৰাপ্তবয়স্ক হোৱাৰ লগতে তেওঁ নিজা সন্মতিতহে যৌনতা বিক্ৰি কৰিব লাগিব। এইদৰে নিজ ইচ্ছাৰে যৌনতা বিক্ৰি কৰা কৰ্মীৰ বাবে এয়া পেছা বুলিয়েই ধৰা হ’ব। তাত আৰক্ষীৰ অকাৰণ হস্তক্ষেপৰ প্ৰয়োজন নাই। কোনো ফৌজাদাৰী ব্যৱস্থাও গ্ৰহণ কৰিব নোৱাৰিব। সংবিধানৰ ২১ নম্বৰ অনুচ্ছেদ অনুসৰি এই দেশৰ প্ৰত্যেক নাগৰিকৰ মৰ্যাদাপূৰ্ণ জীৱনযাপনৰ অধিকাৰ আছে।’

আদালতে লগতে জনাইছিল যে, ‘মাতৃগৰাকী যদি যৌন পেছাত আছে তেন্তে সন্তানো সেই সেই পেছালৈ আহিব তেনে কোনো কথা নাই। কোনো যৌনকৰ্মীয়ে যদি তেওঁৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ অভিযোগ আনিলে আৰক্ষীয়ে এই ক্ষেত্ৰত সম্পূৰ্ণ ভূমিকা অৱলম্বন কৰিব লাগিব। শাৰীৰিক পৰীক্ষা কৰাটোতো আৰক্ষীয়ে ভূমিকা অৱলম্বন কৰিব লাগিব। এই ক্ষেত্ৰত এজন সাধাৰণ মানুহ যিসমূহ সুবিধাৰ অধিকাৰী, যৌনকৰ্মীসকলেও সেই সুবিধা লাভ কৰাটো জৰুৰী। ইয়াৰোপৰি যৌনকৰ্মীসকল থকা এলেকাত আৰক্ষীয়ে অভিযান চলালে কৰ্মীসকলক গ্ৰেপ্তাৰ কৰাটো উচিত নহয়। কাৰণ যৌনকৰ্ম বেআইনী নহয়। কিন্তু এইধৰণৰ গলি নিৰ্মাণ কৰাটো অপৰাধ।’

এই সন্দৰ্ভত এগৰাকী যৌনকৰ্মী এগৰাকীয়ে কৈছিল, ‘প্ৰকৃততে আইনৰ সুৰুঙা ৰৈয়েই গৈছে। যৌনকৰ্ম বেআইনী নহয় কিন্তু যৌনতাৰ বেহা চলোৱা এলেকাটো অপৰাধ এয়া কেনেকুৱা ৰায়? আমাৰ পেছাক আইনী স্বীকৃতি দিয়াৰ কি লাভ আছে? আমাক শ্ৰমিকৰ মৰ্যাদা দিছেই যদি আমাৰ ভৱিষ্যতৰ কথা ভাৱি পেঞ্চনৰ ব্যৱস্থা কৰাটো ভাল। কামৰ সময়ো নিৰ্দিষ্ট কৰি দিব লাগে। মাতৃত্বকালীন সুবিধাও আমি পোৱাটো জৰুৰী। আমাৰ বহুতেই কেৱল পেটৰ ভোকৰ বাবেই গৰ্ভাৱস্থাতো কাম কৰিব লগা হয়। যাৰবাবে মাৰাত্মক বেমাৰতো ভূগিব লগা হয়। ৰোগ হ’লেও চৰকাৰী হাস্পতালত আমি উপযুক্ত চিকিৎসা নাপাও। ইফালে নিৰাপত্তাৰ ব্যৱস্থাৰ কথা নকওৱেই। নূন্যতম মজুৰিৰে আমি জীৱন নিৰ্বাহ কৰি আছো।’

আন এগৰাকী কৰ্মীৰ মন্তব্য, ‘দেশৰ কোনো স্থানতেই নিয়মকানুনসমূহ সঠিককৈ চলিব থকা নাই। কলকাতাত ১৯৯৭ চনতেই যৌনকৰ্মীসকলৰ কো-অপাৰেটিভ গঠিত হৈছিল। কিন্তু ইয়াৰ পাছতো আইনী সুবিধাৰ পৰা আমি বঞ্চিত হৈয়েই আছো। এই ছবি কেৱল কলকাতাৰেই নহয়। এই ছবি সমগ্ৰ দেশৰ যৌনকৰ্মীসকলৰেই।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক
বিনোদন

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

July 8, 2026
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?
জীৱনশৈলী

বুধবাৰে এই নিয়মেৰে কৰক গণেশৰ পূজা, হ’ব মনোকামনা পূৰণ!

July 8, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো? ৫ ৰাশিৰ সলনি হব ভাগ্য!

July 8, 2026
মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি
বিনোদন

মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

July 7, 2026
Next Post
বুধবাৰে কৰা এই ৪কামেই আপোনাক কোটিপতি কৰি তুলিব পাৰে! কেনেকৈ পাব লক্ষ্মী-গণেশৰ আশীৰ্বাদ?

বুধবাৰে কৰা এই ৪কামেই আপোনাক কোটিপতি কৰি তুলিব পাৰে! কেনেকৈ পাব লক্ষ্মী-গণেশৰ আশীৰ্বাদ?

নিমিষতে শেষ কৰি দিম ২৪টা বিমান বন্দৰ! ক’ৰ পৰা কোনে দিছে এই ধমকি?

নিমিষতে শেষ কৰি দিম ২৪টা বিমান বন্দৰ! ক’ৰ পৰা কোনে দিছে এই ধমকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.