অসম লাইভ২৪ঃ বুধবাৰক গণপতি বাপ্পাৰ প্ৰিয় দিন বুলি কোৱা হয়৷ হিন্দু ধৰ্মত গণেশ হৈছে অগ্ৰপূজ্য দেৱতা৷ অৰ্থাৎ যিকোনো শুভ কাম কৰাৰ পূৰ্বে তেওঁক আৰাধনা কৰা হয়৷ গণপতি বাপ্পাৰ আশীৰ্বাদত আপোনাৰ জীৱনলৈ কোনো সমস্যা আহিলেও থিতাতে দূৰ হয়৷ গণেশৰ পূজা কৰাৰ বাবে বুধবাৰেই শুভ দিন৷ এই দিনটোক গণেশক উপাসনা কৰিলে সিদ্ধিদাতাৰ ওপৰিও মা লক্ষ্মীও তুষ্ট হয়৷ লক্ষ্মী গণেশৰ আশীৰ্বাদত কেৰিয়াৰত উন্নতি কৰিব বিচাৰিলে বুধবাৰে এই ৪টা কাম কৰিবলৈ নাপাহৰিব৷
আৰ্থিক সংকট কেনেকৈ দূৰ কৰিব?
কাৰোবাৰ জন্মছকত বুধ দুৰ্বল স্থানত থাকিলে সেই ব্যক্তি জীৱনত বাৰে বাৰে আৰ্থিক সংকটত পৰে৷ বুধৰ অশুভ দশাৰ পৰা মুক্তিলাভ কৰিবলৈ প্ৰতি বুধবাৰে লক্ষ্মী গণেশ আৰু বুধ গ্ৰহৰ পূজা কৰিব লাগে৷ ইয়াৰ ফলত বুধৰ বেয়া দশা ধীৰে ধীৰে কাটি যাব আৰু অৰ্থৰ যোগান বাঢ়িব আপোনাৰ হাতত৷
কেৰিয়াৰত উন্নতি
পৰিশ্ৰম কৰিও যদি কেৰিয়াৰত কাঙ্খিত সাফল্য লাভ কৰা নাই বা পেছাগত জীৱনত কোনো কাম দীৰ্ঘদিন ধৰি ৰৈ আছে তেন্তে বুধবাৰ গৰুক খাদ্য খুৱাওক৷ ইয়াৰোপৰি বুধবাৰে দৰিদ্ৰসকলক সেউজীয়া ৰঙৰ সামগ্ৰী দান কৰক৷ ইয়াৰ ফলত গণেশৰ কৃপাত আপোনাৰ ভাগ্যৰ বন্ধ দুৱাৰ খুলি যাব আৰু কেৰিয়াৰত উন্নতি হ’ব৷
কামত সাফল্য
আপুনি যদি কোনো জৰুৰী কাম আৰম্ভ কৰাৰ কথা ভাৱিছে তেন্তে বুধবাৰে অৱশ্যেই গণপতিক পূজা কৰিব৷ গণেশক দুৱৰি বন নিবেদন কৰিবলৈ নাপাহৰিব৷ এই বন নিবেদন কৰিলে গণেশ প্ৰসন্ন হয় আৰু আশীৰ্বাদেৰে উপচায় পেলাই৷
সাংসৰিক অশান্তি কেনেকৈ দূৰ কৰিব?
আপোনাৰ ঘৰত যদি অশান্তি থাকে তেন্তে প্ৰতি বুধবাৰে গণেশৰ পূজা কৰিলে শুভ৷ গণেশক মোদক নিবেদন কৰক৷ জ্যোতিষবিদৰ মতে এই কাম কৰিলে আপোনাৰ পৰিয়ালৰ সকলো অশান্তি দূৰ হৈ সংসাৰলৈ শান্তি উভতি আহিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ