ধিক মানৱতা৷ জীৱ শ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ডত লজ্জিত মানৱজাতি৷ CCTV কেমেৰাৰ ফুটেজত পোহৰলৈ আহিছে মানৱ নামধাৰীৰ এই ঘৃণনীয় কাণ্ড৷ এইবাৰ নাৰী বা শিশুক নহয়, কুকুৰৰ ওপৰত যৌন উৎপীড়ন৷ একেৰাহে তিনিদিন ধৰি এটা কুকুৰৰ ওপৰত যৌন উৎপীড়ন এজন যুৱকৰ৷
হায়দৰাবাদত সংঘটিত হৈছে এই ঘটনা৷ এগৰাকী পশু সুৰক্ষা অধিকাৰ কৰ্মীয়ে ৫ ফেব্ৰুৱাৰীত পোহৰলৈ আনিছে সমগ্ৰ ঘটনা৷ এটি পথৰ কুকুৰৰ ওপৰত চলোৱা এই উৎপীড়ন স্পষ্ট হৈছে ফুটেজত৷ ভিডিঅ’টো নালাকুন্টা আৰক্ষীৰ হাতত চমজাই দিছে পশু সুৰক্ষা অধিকাৰ কৰ্মী পৃথিৱীয়ে৷ ঘটনা সন্দৰ্ভত ধাৰা ১১(ক)ৰ অধীনত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে৷
জন্তুৰ সৈতে এনে কাৰ্যত লিপ্ত হোৱা অধিকতৰ ব্যক্তিয়েই নাৰী তথা শিশুৰ সৈতেও দুষ্কাৰ্য কৰিবলৈ কুণ্ঠাবোধ নকৰে৷ এনে দুষ্কৃতিকাৰীক লৈ কৰা এক অধ্যয়নত পোহৰলৈ আহিছে এই কথা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ