উন্নত হৈছে দেশৰ কোভিড পৰিস্থিতি৷ ক্ৰমান্বয়ে হ্ৰাস পাইছে দেশত কোভিড সংক্ৰমণৰ হাৰ। বিগত ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৫০,৪০৭ জন লোক আৰু মৃত্যু হৈছে ৮০৪ জনৰ। ইয়াৰে কেৰেলাত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ২৫১ জন। ৫ শতাংশলৈ হ্ৰাস পাইছে পজিটিভিতী ৰেট৷ বিভিন্ন ৰাজ্যত শীঘ্ৰেই আৰম্ভ হ’ব শ্ৰেণীকোঠাৰ পাঠদান৷ প্ৰত্যাহাৰ কৰা হৈছে কোভিড নীতি-নিৰ্দেশনা৷
আনহাতে, অসমতো হ্ৰাস পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা৷ বিগত ২৪ ঘণ্টাত অসমত আক্ৰান্ত হৈছে ২৬৭ জন। ইয়াৰ বিপৰীতে ২৯,৪৩২ জনৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। মৃত্যু হৈছে ৬ জন কোভিড ৰোগীৰ। কামৰূপ মেট্ৰ’ত সৰ্বাধিক ১০০ জন আক্ৰান্ত হৈছে। অসমৰ সুস্থতাৰ হাৰ ৯৮.৩৬% । অসমতো ১৫ ফেব্ৰুৱাৰীৰ পাছত আৰম্ভ হ’ব পাঠদান, নাথাকিব কোভিড বিধি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ