আকৌ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰোষত পৰিছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰ৷ উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰৰ এক টোঘলগী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে৷
২০১৯ বৰ্ষৰ ডিচেম্বৰত দেশৰ প্ৰায়বোৰ ৰাজ্যতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী আন্দোলনে গা কৰি উঠিছিল৷ কা বিৰুদ্ধে হোৱা উক্ত আন্দোলনে কে’বাখনো ৰাজ্যত হিংসাত্মক ৰূপ ধাৰণ কৰিছিল৷ ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে বহু ৰাজ্যৰ ৰাজহুৱা সম্পত্তি ক্ষতি কৰিছিল৷ এনে ৰাজ্যৰ মাজত যোগী আদিত্যনাথৰ শাসিত উত্তৰ প্ৰদেশো আছিল৷
শেহতীয়াকৈ যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশ চৰকাৰে এক জাননী প্ৰকাশ কৰিছিল৷ উক্ত জাননীত কোৱা হৈছে যে ২০১৯ চনৰ কা বিৰোধী আন্দোলনৰ সময়ত যিসকল লোকে ৰাজহুৱা সম্পত্তি ক্ষতি অথবা নষ্ট কৰিছিল তেওঁলোকৰ সম্পত্তি চৰকাৰে জব্দ কৰি ৰাজহুৱা সম্পত্তিৰ মূল্য পুনৰুদ্ধাৰ কৰিব৷
উত্তৰ প্ৰদেশ চৰকাৰৰ এই জাননীৰ পিছতে উচ্চতম ন্যায়ালয়ে যোগী চৰকাৰক এক প্ৰকাৰৰ সকীয়নি প্ৰদান কৰিছে৷ যোগী আদিত্যনাথৰ চৰকাৰৰ এই সিদ্ধান্তত ক্ষুব্ধ উচ্চতম ন্যায়ালয়ে অতি শীঘ্ৰেই এই জাননী প্ৰত্যাহাৰ কৰিবৈ নিৰ্দেশ দিছে৷
শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু সূৰ্য কান্তৰ বিচাৰপীঠে কয় যে উত্তৰ প্ৰদেশ এই জাননী প্ৰত্যাহাৰ নকৰিলে উচ্চতম ন্যায়ালয়ে নিজববীয়াকৈ জাননীখন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ব৷
আনহাতে, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠে লগতে কয় যে উত্তৰ প্ৰদেশ চৰকাৰে অভিযুক্তৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ বাবে প্ৰক্ৰিয়া চলাই থকাৰ ক্ষেত্ৰত চৰকাৰখনে নিজেই অভিযোগকাৰী আৰু ন্যায়াধীশৰ ভূমিকা লৈছে।
উল্লেখ্য যে ৮৩৩ গৰাকীৰ লোকৰ বিৰুদ্ধে আৰক্ষীৰ ১০৬ টা পঞ্জীয়নভুক্ত গোচৰৰ ভিত্তিত উত্তৰ প্ৰদেশ চৰকাৰে ২৭৪ গৰাকী লোকলৈ সম্পত্তি জব্দ কৰাৰ জাননী প্ৰেৰণ কৰিছিল৷ ইয়াৰ মাজত ছবছৰ পূৰ্বে ৯৬ বছৰত মৃত্যু হোৱা এজন লোক আৰু দুগৰাকী ৯০ বছৰীয়া বৃদ্ধ ব্যক্তিৰ বিৰুদ্ধেও উত্তৰ প্ৰদেশ চৰকাৰে জাননী প্ৰেৰণ কৰিছিল৷
ইয়াৰ বিৰুদ্ধে পাৰৱাইজ আৰিফ টিটু নামৰ এজন লোকে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ এই লোকজনৰ আবেদনৰ শুনানি গ্ৰহণ কৰিয়ে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে এইদৰে কঠোৰ হৈছে৷
উল্লেখ্য যে ১৮ ফেব্ৰুৱাৰিৰ ভিতৰত উত্তৰ প্ৰদেশ চৰকাৰক প্ৰত্যাহাৰ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়া উচ্চতম ন্যায়ালয়ে যোৱা বছৰৰ ৯ জুলাইতে প্ৰথমে ইয়াক কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল৷ কিন্তু উত্তৰ প্ৰদেশ চৰকাৰে এই নিৰ্দেশ কাৰ্যকৰী নকৰাত এইবাৰ উচ্চতম ন্যায়ালয়ে এইদৰে কঠোৰ হোৱা দেখা গৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ