কেৰালাৰ এখন আদালতে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে৷ আদালতৰ মতে মহিলাই যৌন উত্তেজক কাপোৰ পিন্ধাৰ সময়ত সন্মুখীন হোৱা যৌন নিৰ্যাতনৰ অভিযোগ আদালতত বিবেচনাযোগ্য নহয়৷
কেৰালাৰ এখন আদালতে বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী চিভিক চন্দ্ৰনৰ যৌন নিৰ্যাতনৰ এক গোচৰৰ আগ্ৰীম জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰিছে৷ চন্দ্ৰনক জামিন প্ৰদান কৰি আদালতে কয় যে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪এ ধাৰা অনুসৰি ঘটনাকালীন অৱস্থাত মহিলাগৰাকী যৌন উত্তেজনক কাপোৰ পৰিধান কৰাৰ বাবে প্ৰাথমিকভাৱে ইয়াক অপৰাধ বুলি গণ্য কৰিব নোৱাৰি৷
উল্লেখ্য যে ৭৪ বছৰীয়া অভিযুক্ত চন্দ্ৰনৰ জামিন আবেদনৰ লগতে মহিলাগৰাকীৰ ফটোও আদালতত দাখিল কৰা হৈছিল। কোঝিকোড চেচন আদালতে নিজৰ আদেশত কয় যে জামিন আবেদনৰ সৈতে অভিযুক্তই দাখিল কৰা ফ’টোত দেখা গৈছে যে মূল অভিযোগকাৰীয়ে নিজেই এনে কাপোৰ পিন্ধিছিল যিবোৰ আছিল অত্যন্ত যৌন উত্তেজক। গতিকে অভিযুক্তৰ বিৰুদ্ধে প্ৰাইমা ফেচি ধাৰা ৩৫৪এ কাৰ্যকৰী নহ’ব।
লগতে পঢ়ক আনৰ পত্নীৰ সৈতে নিজ পত্নীক তুলনা আৰু ঠাট্টা-মস্কৰা কৰা বন্ধ কৰক স্বামীয়ে, নহ’লে?
লাইভ ল’ অনুসৰি আদালতে নিজৰ আদেশত কয় ৩৫৪ নং ধাৰাৰ মতে এইটো অতি স্পষ্ট যে অভিযুক্তই এগৰাকী মহিলাক লজ্জানত বা ক্ষুব্ধ কৰাৰ উদ্দেশ্য থাকিব লাগিব। আদালতে আৰু কয় ৩৫৪এ ধাৰাত যৌন নিৰ্যাতন আৰু ইয়াৰ শাস্তিৰ বিষয়ে আলোচনা কৰা হৈছে। এই ধাৰাৰ মতে অপৰাধ হিচাপে গণ্য কৰিবলৈ শাৰীৰিক সংস্পৰ্শ আৰু স্পষ্ট যৌন প্ৰস্তাৱ দিব লাগিব, আৰু যৌনগন্ধী মন্তব্য বা অসন্মতিসূচক যৌনতাৰ দাবী, অনুগ্ৰহ, অনুৰোধ আদি কৰিব লাগিব।
আদালতত অভিযোগৰকাৰীৰ ফালৰ অভিযোগ কৰা হৈছিল যে অভিযুক্তই মূল যুৱতী লেখিকাগৰাকীক মৌখিক আৰু শাৰীৰিকভাৱে যৌন নিৰ্যাতন চলাইছিল৷২০২০ চনৰ ফেব্ৰুৱাৰী মাহত নন্দী বিলত অনুষ্ঠিত এটা শিবিৰত চন্দ্ৰনৰ বিৰুদ্ধে এগৰাকী যুৱতী মহিলা লেখিকাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আনিছিল। অনুষ্ঠানটো সম্পন্ন হৈ যোৱাৰ প্ৰায় ছমাহৰ পিছত যুৱতীগৰাকীয়ে এই অভিযোগ আনে৷
লগতে পঢ়ক চলি আছিল এখন ভুৱা থানা, চকীদাৰৰ পৰা আৰক্ষী বিষয়ালৈকে আছিল ভুৱা
ভাৰতীয় দণ্ডবিধিৰ ৩৫৪এ(২), ৩৪১ আৰু ৩৫৪ ধাৰাত অভিযুক্ত চিভিক চন্দ্ৰনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল কয়িলণ্ডী আৰক্ষীয়ে। জামিনৰ আবেদনৰ শুনানি কালত অভিযুক্তৰ অধিবক্তা পি হৰি আৰু সুষমা এম-এ যুক্তি দিছিল যে এইটো এটা ভুৱা গোচৰ আৰু অভিযুক্তৰ বিৰুদ্ধে তেওঁৰ কিছুমান শত্ৰুৱে প্ৰতিশোধ ল’বলৈ ৰচনা কৰিছিল।
তেওঁ লগতে আদালতত যুক্তি ৰাখিছিল যে কথিত কাণ্ডটোৰ প্ৰায় ৬ মাহৰ পিছত গোচৰটো ৰুজু কৰা হৈছিল আৰু পলম হোৱাৰ কাৰণ আদালতে স্পষ্ট কৰি দিব লাগে।
ইফালে অভিযোগকাৰীয়ে ছ’চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰা ফ’টোসমূহ আদালতৰ সন্মুখত দাখিল কৰি অভিযুক্তৰ অধিবক্তাই যুক্তি আগবঢ়ায় যে প্ৰকৃত অভিযোগকাৰীগৰাকী ঘটনাস্থলীত তেওঁৰ প্ৰেমিকৰ সৈতে আছিল আৰু অভিযোগ উত্থাপন হোৱাৰ সময়ত কেইবাজনো লোক উপস্থিত আছিল আৰু কোনোৱে অভিযুক্ত চন্দ্ৰনৰ বিৰুদ্ধে এনে কাণ্ড কৰাৰ কোনো অভিযোগ উত্থাপন কৰা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ