নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে প্ৰতিটো গ্ৰহই স্থান পৰিবৰ্তন কৰে। গঠিত হয় একাধিক যোগ। যাৰ প্ৰভাৱ পৰে ১২ ৰাশিৰ ওপৰত। জ্যোতিষশাস্ত্ৰত শনি আৰু মঙল দুই বিশেষ গ্ৰহ। মঙল হৈছে গ্ৰহৰ সেনাপতি আৰু কৰ্মৰ দেৱতা হৈছে শনি। মঙলে কেৱলমাত্ৰ ৰাশিচক্ৰকে প্ৰভাৱিক নকৰে সমগ্ৰ বিশ্বকো প্ৰভাৱিত কৰে। শনিয়ে কৰ্ম অনুসৰি শুভ আৰু অশুভ ফলো দিয়ে।
বৰ্তমান শনি কুম্ভ ৰাশিত আৰু মঙলে কৰ্কট ৰাশিত অৱস্থান কৰিছে। ২০২৫ চনৰ ২৯ মাৰ্চ পৰ্যন্ত শনিয়ে কুম্ভ ৰাশিত থাকিব। অন্যহাতে মঙলে ৭ ডিচেম্বৰত কৰ্কট ৰাশিত বক্ৰী হহ আৰু ২১ জানুৱাৰী ২০২৫ পৰ্যন্ত সেই ৰাশিতেই থাকিব। যাৰ ফলত আগন্তুক দিনত মঙল আৰু শনিয়ে ষষ্ঠ আৰু অষ্টম ঘৰত অৱস্থান কৰিব। এই অৱস্থানতেই গঠিত হব ষড়ষ্টক যোগ। জ্যোতিষশাস্ত্ৰত এই যোগক অশুভ বুলি কোৱা হয়। শনি আৰু মঙলৰ কৃপাত অৱশ্যে কেইটামান ৰাশিৰ ভাগ্যৰ চকা ঘূৰিব। জানি থওক কোন কোন ৰাশিৰ উন্নতি হব।
মেষ ৰাশি
শনি মঙলৰ ষড়ষ্টক যোগ মেষ ৰাশিৰ বাবে শুভ। দাম্পত্য জীৱনত শান্তি থাকিব। কৰ্মক্ষেত্ৰত পদোন্নতি, বেতন বৃদ্ধিৰ সম্ভাৱনা আছে। ৰৈ থকা কাম সম্পূৰ্ণ হব। ব্যৱসায়ত লাভৰ মুখ দেখিব। যি কোনো কামতেই সাফল্য পাব।
তুলা ৰাশি
মঙল আৰু শনিৰ ষড়ষ্টক যোগ লাভজনক হব তুলা ৰাশিৰ বাবে। আৰ্থিক সমস্যাৰ সমাধান হব। নিশাৰ ভিতৰতে অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা আছে। ঋণ শোষ কৰিব পাৰিব। নতুন চাকৰি পোৱাৰ সুযোগ পাব। ব্যৱসায়ত ডাঙৰ বিনিয়োগ কৰিব পাৰে।
কুম্ভ ৰাশি
শনি আৰু মঙলৰ ষড়ষ্টক যোগৰ কাৰণে কুম্ভ ৰাশিৰ সুদিন আহিব। চাকৰি আৰু ব্যৱসায়ত আয় বৃদ্ধি হব। আয়ৰ নতুন উৎস পাব পাৰে। পৰিয়ালৰ সকলোৰে সৈতে ভাল সময় কটাব। দূৰ ভ্ৰমণ কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















